Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ভাৰত মহাসাগৰৰ উত্তৰে দৈনিক চীনৰ ৬-৮ জাহাজৰ চলাচল

ভাৰত মহাসাগৰৰ উত্তৰে দৈনিক চীনৰ ৬-৮ জাহাজৰ চলাচল

21
0

লণ্ডন,১৪ মাৰ্চঃ ভাৰত মহাসাগৰৰ উত্তৰ দিশত চীনৰ জাহাজ আৰু ছাবমেৰিনৰ চলাচল দেশৰ বাবে প্ৰত্যাহবান হৈ পৰিছে বুলি বৃহস্পতিবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। নৌসেনাৰ মূৰববী সুনীল লানবাই অৱশ্যে সমগ্ৰ কাৰ্যকলাপ নতুন দিল্লীয়ে নিৰীক্ষণ কৰি আছে বুলি তেওঁ কয়। উল্লেখযোগ্য যে নৌসেনাৰ মূৰববীজন বৰ্তমান চাৰিদিনীয়া ভ্ৰমণসূচীৰে সংযুক্ত যুক্তৰাষ্ট্ৰত আছে। ইয়াতে তেওঁ এই কথা সদৰী কৰি আৰু কয় যে জাহাজ নিৰ্মাণত চীনে বিশ্বৰ বাকীবোৰ দেশতকৈ অধিক বিনিয়োগ কৰিছে। প্ৰসংগক্ৰমে ইতিমধ্যে চীনে দিছৱতী আৰু বেইজিঙত দুটা জাহাজ ঘাটি স্থাপন কৰিছে। সমান্তৰালভাৱে শ্ৰীলংকাৰ হাম্বানট’টা বন্দৰত অতি কম দিনৰ ভিতৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। তদুপৰি জাপানৰে লগলাগি পূৱ চীন সাগৰেদি দীৰ্ঘ দূৰত্বৰ জাহাজ চালন কৰিছে। ইয়াৰ উপৰি দক্ষিণ চীন সাগৰত বেইজিঙৰ নবৈব শতাংশ দখল সুনিশ্চিত কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে চীনৰ এই কাৰ্যকলাপক দুৰ্ঘোৰ আপত্তি জনাই আহিছে ভিয়েটনাম, ফিলিপাইনছ, মালয়েছিয়া, ব্ৰুণেই আৰু টাইৱানে। ইফালে ‘ইনষ্টিটিউট অৱ ষ্ট্ৰেটেজিক ষ্টাডিজ’ত অনুষ্ঠিত এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি নৌসেনা মুৰববীজনে কয়–‘চীনৰ দৰে বিশ্বৰ আন কোনো দেশে জাহাজ নিৰ্মাণত ধন ব্যয় কৰা নাই। ই এক ডাঙৰ প্ৰত্যাহবান। অৱশ্যে আমি ইয়াৰ নিৰীক্ষণ কৰি আছো।’ তেওঁ আৰু কয় যে ভাৰত মহাসাগৰৰ উত্তৰ দিশে প্ৰতিদিনে চীনৰ ছয়ৰ পৰা আঠখন জাহাজে চলাচল অব্যাহত ৰাখিছে। কিন্তু ইয়াৰ তদাৰক কৰিছে ভাৰতে। আন এক আলোচনাত ভাগ লৈ তেওঁ কয় যে ভাৰতে কেতিয়াও প্ৰত্যাহবান গ্ৰহণ নকৰাকৈ নাথাকে। ইয়াৰ বাবেই সংযুক্ত যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰত লগ লাগিছে। তেওঁ কয়–‘যোৱা বছৰ সমূহত এই উদ্দেশ্যেৰে ভাৰতে বহুকেইখন ৰাষ্ট্ৰৰ সৈতে বন্বুূত্ব স্থাপন কৰিছে। এইসমূহৰ যিহেতু প্ৰত্যাহবানসমূহ একেধৰণৰ সেয়েহে উমৈহতীয়া লক্ষ্যৰে ইয়াক মষিমূৰ কৰিব লাগিব। অনাগত দিনত এই কাৰ্যব্যৱস্থা অধিক উন্নত কৰিব লাগিব।’ ভাৰত-সংযুক্ত যুক্তৰাষ্ট্ৰৰ সংগবদ্ধতাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়–‘দুয়োখন দেশৰ এনে সহযোগিতাই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিছে।’ তেওঁ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুৰববীক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে। তদুপৰি প’ৰ্ট স্মাউথস্থিত নৌসেনা ঘাটিত পদাপৰ্ণ কৰাৰ লগতে আন কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ভাগ ল’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here