Home সম্পাদকীয় উজনিৰ বহিঃৰাজ্যৰ নেটৱৰ্ক, কোম্পানীৰ লুণ্ঠনৰ ফন্দ, মাইলছ পোষ্টত আক্ৰাক্ৰ নতুন প্ৰজন্ম

উজনিৰ বহিঃৰাজ্যৰ নেটৱৰ্ক, কোম্পানীৰ লুণ্ঠনৰ ফন্দ, মাইলছ পোষ্টত আক্ৰাক্ৰ নতুন প্ৰজন্ম

17
0

#মৃদুল কুমাৰ চাহু

অসমৰ জনসাধাৰণ সৰলতা আৰু দুৰ্বলতাৰ সুযোগ গৈ বহিঃৰাজ্যৰ নেটৱৰ্ক কোম্পানীয়ে বিগত বৰ্ষত প্ৰায় ৯০০ কোটিতকৈ অধিক টকা বিভিন্ন কৌশলেৰে আত্মসাৎ কৰি উধাও হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নাযাওতেই ৰাজ্যখনত পুনৰ সক্ৰিয় হৈ পৰিছে বিভিন্ন নেটৱৰ্ক কোম্পানীসমূহ। মাত্ৰাধিক কমিচন, অভিলাষী আঁচনিৰ সপোন দেখুৱাই মানুহৰ অন্তৰ জয় কৰিবলৈ মুম্বাই, নাছিক কলকাতা আৰু মহাৰাষ্ট্ৰ, দিল্লীৰ নেটৱৰ্ক কোম্পানীয়ে অসমত এজেণ্টৰ মাধ্যমেৰে প্ৰৱেশ কৰিছে। পূৰ্বৰ দৰে এই কোম্পানীসমূহৰ প্ৰধান লক্ষ্য হৈছে সাধাৰণ কৃষক, শ্ৰমিক আৰু মধ্যবিত্তৰ চৰকাৰী, বে-চৰকাৰী কৰ্মচাৰী। নেটৱৰ্ক কোম্পানীয়ে লোভনীয় জাল পেলাই আকৌ লুণ্ঠনৰ ফন্দি ৰচনা কৰা কোম্পানীসমূহে যিসকল ব্যক্তিক নিযুক্তি দিছে, সেইসকলৰ ভিতৰত বেছিভাগ এজেেণ্টই হৈছে পূৰ্বতে গ্ৰাহকক প্ৰৱঞ্চিত কৰা নেটৱৰ্ক কোম্পানীৰ এজেণ্ট। পূৰ্বৰ কোম্পানী ধনৰ ক্ষেত্ৰত কোনো স্পষ্ট উত্তৰ দিব নোৱাৰি গ্ৰাহকৰ ৰোষত পৰাৰ শংকাত আত্মগোপন কৰা এই ছদ্মৱেশী ব্যক্তিসকল সুদীৰ্ঘ দিনৰ পিছত পুনৰ জনসাধাৰণক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰিবলৈ তৎপৰ হৈ পৰিছে। হাতত বহী-কাগজলৈ বহিঃৰাজ্যৰ নেটৱৰ্ক কোম্পানীৰ লোভনীয় আৰু আকৰ্ষণীয় আঁচনিৰ সম্পৰ্কে বুজাবলৈ এজেণ্টসকলে ঘৰে ঘৰে অভিযান চলাইছে। ইয়াৰ মাজতে প্ৰৱেশ ঘটিছে স্বয়ম্ভু চিকিৎসকৰ। বহুমূত্ৰ ৰোগকে ধৰি বিভিন্ন জটিল ৰোগৰ চিকিৎসাৰ সম্পৰ্কে সহজ-সৰল গ্ৰাহকক পৰামৰ্শ দিয়া তথাকথিত স্বয়ম্ভু চিকিৎসকৰ অত্যাচাৰত চৰাইদেউৰ জনসাধাৰণ ত্ৰাহি মধুসুদন দেখিছে। জোকৰ দৰে লাগি ধৰা স্বয়ম্ভু চিকিৎসকে বিক্ৰী কৰা দৰৱসমূহে সেৱন কৰিলে ৰোগী এশ শতাংশ আৰোগ্য হ’ব বুলি প্ৰতিয়ন দিবলৈ চেষ্টা কৰা স্বয়ম্ভু চিকিৎসকসকলৰ শিক্ষাগত অৰ্হতাক লৈ জনসাধাৰণে সন্দেহ কৰিছে। নিতৌ ৰাজ্য চৰকাৰে এখনৰ পাছত আন এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি অহাৰ সময়ছোৱাতেই ৰাজ্যত স্বয়ম্ভু চিকিৎসকৰ ঘটনাই জনসাধাৰণক চিন্তিত কৰি তুলিছে। আনহাতে বাৰে বাৰে ঠগ খোৱাৰ পিছতো বহিঃৰাজ্যৰ নেটৱৰ্ক কোম্পানীসমূহৰ জালত ভৰি দিয়া অসমীয়াই শেহতীয়াভাৱে জালত ভৰি দিছে মাইলছ পোষ্ট নামৰ এক অবৈধ ব্যৱসায়ত। এই ব্যৱসায়ত নিশাটোৰ ভিতৰত কোটিপতি হোৱাৰ সপোন দেখা চৰাইদেউৰ কেইবাগৰাকীমান যুৱকে মাটি-বাৰী বিক্ৰী কৰি ব্যৱসায়ত লক্ষাধিক টকা বিনিয়োগ কৰাৰ তথ্য পোহৰলৈ আহিছে। লাখ লাখ টকা ব্যয় কৰিবলৈ কুণ্ঠাবোধ নকৰা যুৱকসকলে চৰাইদেউত মাইলছ পোষ্টৰ ব্যৱসায়ৰ নামত বৃহৎনেটৱৰ্ক গঢ়ি তুলিছে। কলিকতাৰ এটা চক্ৰৱে ‘মাইলছ পোষ্ট’ নামৰ লোভনীয় সপোনা দেখুৱাই অসমত সহজতে ধন ঘটাৰ হাবিয়াস থকা যুৱকক জালত পেলাইছে। ইতিপূৰ্বে কলিকতাৰ পৰা পৰিচালিত মাত্ৰাধিক চিটফাণ্ড কোম্পানীয়ে অসমৰ কৃষক-শ্ৰমিককক পাভ চোচা দি উধাও হোৱাৰ দৰে ‘মাইলছ পোষ্ট’ নামৰ ব্যৱসায়ৰ দ্বাৰা অসমৰ জনসাধাৰণক পাভ চোচা দিবলৈ কোম্পানীটোৱে এজেণ্ট নিয়োগ কৰি জাল ইতিমধ্যে পেলাইছে। মাইলছ পোষ্টৰ বিষয়ে নজনা মানুহ কমেই আছে। কিয়নো হনুমান চিহ্ন থকা মুদ্ৰা, পুৰণি মদৰ বটলৰ তলৰ অংশ, বিচাৰি হাবাথুৰি খোৱাসকলৰ বাবে মাইলছ পোষ্ট তেনেই চিনাকী। ব্ৰিটিছ উপনিৱেশিকসকলে অসমকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত কৰা টেলিফোন পোষ্ট। যিটোক সাধাৰণতে কোৱা হয় মাইলছ পোষ্ট অৰ্থাৎ চিগনেল পোষ্ট। এই পোষ্টসমূহৰ ভিতৰত সঘন প্লেট থাকে আৰু প্লেটৰ ভিতৰত থাকে ‘তেজস্ক্ৰিয় ইউৰেনিয়াম’। তেজস্ক্ৰিয় ইউৰেনিয়ামৰ ভাৰতীয় বজাৰত ইয়াৰ মূল্য কোটি টকা। কোটি টকাৰ সপোন দেখিয়েই চৰাইদেউৰ একাংশ যুৱক উবুৰি খাই পৰিছে তেজস্ক্ৰিয় ইউৰেনিয়ামৰ সন্ধানত। কিছুদিন পূৰ্বে তেনে এক চক্ৰক কলিকতাৰ আৰক্ষীয়ে আটক কৰিছিল। আৰক্ষীয়ে আটক কৰা চক্ৰটোৰ লগত চৰাইদেউৰ যুৱকৰ দলটো জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। প্ৰায় তিনি কোটি টকাৰ মূল্যৰ তেজস্ক্ৰিয় ইউৰেনিয়ামৰ সৈতে আটক কৰা চক্ৰটোৱে সমগ্ৰ দেশতে মাইলছ পোষ্টৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিছিল। মধ্য কলকতাৰ যোগা অঞ্চলৰ পৰা নিয়ন্ত্ৰণ হোৱা মাইলছ পোষ্টৰ দ্বাৰা উদ্ধাৰ হোৱা বিষাক্ত তেজস্ক্ৰিয় ইউৰেনিয়ামখিনিৰ পৰা বিস্ফোৰক সামগ্ৰী প্ৰস্তুতকৰণৰ কামত ব্যৱহাৰ হয়। এই বিষাক্ত সামগ্ৰীখিনি মাইলছ পোষ্টৰ এজেণ্টসকলে কোটি কোটি টকাৰ বিনিময়ত সন্ত্ৰাসবাদীৰ হাতত তুলিদিয়া বুলি কলিকতাৰ আৰক্ষীয়ে সন্দেহ কৰি পাঁচগৰাকী ব্যক্তিক সামগ্ৰী সন্বলিতে আটক কৰিছিল। মাইলছ পোষ্টৰ এজেণ্টসকলে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত খোপনি পুতিবলৈ সক্ষম হৈছে আৰু বহু অসমীয়া যুৱক উক্ত চক্ৰৰ জালত সোমাই পৰিছে। তেনেদৰে ফ্ৰি লোণ মেলা, ছয়জন ব্যক্তি দিলে এখন গাড়ী ফ্ৰি বুলি প্ৰচাৰ চলাই বহিঃৰাজ্যৰ নেটৱৰ্ক কোম্পানীৰ প্ৰচাৰ চলাই জনতাক ৰামগঠন দিবলৈ চৰাইদেউত একাংশ ব্যক্তি নামি পৰিছে। সুন্দৰ টাই-চুট পৰিহিত যুৱকসকল মন ভুলোৱা অংক কৰি নিমিষতে জীৱনৰ গতি সলনি কৰি দিয়াৰ আশ্বাস দিয়া ব্যক্তিসকল পূৰ্বৰ নেটৱক কোম্পানীয়ে লুণ্ঠন কৰা ধনৰ হিচাপ দিব নোৱাৰি আত্মগোপন কৰি থকাসকলে পুনৰ লুণ্ঠন কৰিবলৈ জাল পেলোৱা চক্ৰটোৱে চৰাইদেউৰ নতুন প্ৰজন্মক লক্ষ্য কৰি লোৱা বিষয়টোৱে চিন্তনীয় হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here