Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় শন্তিৰৰ নবেল বঁটাৰ বাবে মনোনীত গ্ৰেটা থানবাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত,গোলকীয় উষžতা নিয়ন্ত্ৰণহীনতাৰ বিৰুদ্ধে...

শন্তিৰৰ নবেল বঁটাৰ বাবে মনোনীত গ্ৰেটা থানবাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত,গোলকীয় উষžতা নিয়ন্ত্ৰণহীনতাৰ বিৰুদ্ধে বিশ্বজুৰি স্কুল ষ্টাইকছ

19
0

বাৰ্লিন,১৫ মাৰ্চঃ শান্তিৰ নবেল বঁটাৰ বাবে মনোনীত হোৱা ছুইজাৰলেণ্ডৰ ১৬ বছৰ বয়সীয়া পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গৰ দ্বাৰা অনুপ্ৰাণিত হৈ শুকুৰবাৰে বিশ্বৰ প্ৰান্তে প্ৰান্তে ক্ৰমবৰ্ধমান গোলকীয় উষ্ণতা সন্দৰ্ভত সংশ্লিষ্ট চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদ জনাই স্কুলীয়া শিক্ষাৰ্থীয়ে। শুকুৰবাৰৰ এই প্ৰতিবাদক ‘স্কুল ষ্ট্ৰাইকছ’ হিচাপে নামকৰণ কৰা হয়। ৰাজপথত ছাত্ৰ-ছাত্ৰীসকলে যদি অনতি পলমে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ’লে কেতিয়াও শ্ৰেণীকোঠাত নবহাৰ হুংকাৰ দিয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ এই আন্দোলনে সম্প্ৰতি চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে শান্তিৰ নবেল বঁটাৰ বাবে মনোনীত হোৱা গ্ৰেটাই যোৱা বৰ্ষত ছুইজাৰলেণ্ডৰ সংসদ ভৱনৰ সন্মুখত অৱস্থান কৰি বিশ্ববাসীক চমকিত কৰি তুলিছিল। সেয়াই আছিল আৰম্ভণি। ইয়াৰ পৰাই গ্ৰেটাই জলবায়ু পৰিৱৰ্তন ৰোধৰ দাবীৰে প্ৰতি সপ্তাহে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। এই বৰ্ষত গ্ৰেটাই ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা বিশ্ব অৰ্থনৈতিক ফৰামত অংশ গ্ৰহণ কৰা বিশ্বৰ নেতাসকলক উদ্দেশ্যে কৰি কয়–‘মই আপোনালোকক সকীয়াই দিব খুজিছো। যি ভীতি মই প্ৰতিদিনে পাই আহিছো সেই ভয় আপোনালোককো অনুভৱ কৰাব খুজিছো।’ ইফালে গ্ৰেটাক অনুসৰণ কৰি শুকুৰবাৰে বিশ্বৰ এশখন দেশত উক্ত প্ৰতিবাদ সাব্যস্ত কৰা হয়। এই প্ৰতিবাদ সাব্যস্ত কৰা হয় হংকঙ, নতুন দিল্লী, ৱেলিংটন, নিউজিলেণ্ড, অল’, ফিনলেণ্ডতো। বাৰ্লিনত দহ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে ‘নতুন গ্ৰহ নাই’, ‘জলবায়ু সুৰক্ষাৰ ৰিপোৰ্ট কাৰ্ড লাগে’ ইত্যাদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰথমে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী বাসভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি চেনচেলৰ এঞ্জেলা মাৰ্কেলৰ বাসগৃহৰ বাহিৰত অৱস্থান কৰেগৈ। ছাত্ৰ-ছাত্ৰীসকলৰ এই আন্দোলনে শুকুৰবাৰৰ দিনটোত ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰিছে। এই আন্দোলনলৈ সমৰ্থন জনাই তথা আন্দোলনটোৰ গুৰি ধৰোতা বিশ বছৰ বয়সীয়া বিশ্ব বিদ্যালয়ৰ ছাত্ৰ কাৰ্লা ৰিম্পটছমাই কয় যে এই আন্দোলন শীঘ্ৰেই বিশ্বৰ প্ৰতিজন লোকৰ ওচৰলৈ লৈ যোৱা হ’ব। ইয়াত প্ৰতিজন লোকেই অংশ গ্ৰহণ কৰিব পাৰিব। অনগ্ৰসৰ অঞ্চলৰ লোকেও ইয়াত ভাগ ল’ব পাৰিব। ইতিমধ্যে তেওঁ পঞ্চাশটা হোৱাটছ এপ গ্ৰুপৰ জৰিয়তে ৩০ হাজাৰ জনসাধাৰণক প্ৰতিদিনে আন্দোলনটোৰ সম্পৰ্কত অৱগত কৰি আছে। আন্দোলনলৈ লাভ কৰা অভূতপূৰ্ব সঁহাৰিৰ প্ৰসংগত তেওঁ কয়–‘বিশ্বৰ প্ৰতিজন লোক আগবাঢ়ি অহাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো যি কাৰণে এই প্ৰতিবাদ কৰা হৈছে উক্ত কাৰকৰ দ্বাৰা সকলো লোক প্ৰভাৱান্বিত হৈছে।’ এই আন্দোলনক অৱশ্যে একাংশ ৰাজনীতিবিদে সমালোচনা কৰি ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠা এৰি ৰাজপথলৈ অহাটো সমীচিন হোৱা নাই বুলি কয়। জাৰ্মানীৰ এগৰাকী নেতা ক্ৰিষ্টিয়ান লিণ্ডনাৰে কয়–‘সকলোৱে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাত অধ্যয়ন কৰি থকাটো বিচাৰে। সেয়ে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰাটো কোনেও বিচৰা নাই।’ অৱশ্যে এই আন্দোলনলৈ সমৰ্থন জনাইছে বিশ্বৰ বিজ্ঞানীসকলে। ইতিমধ্যে বৃটেইন, ইংলেণ্ড আৰু জাৰ্মানীৰ কেইবাজনো বিজ্ঞানীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ আন্দোলনটোলৈ সমৰ্থন জনোৱাত বিশ্বৰ এহেজাৰ গৰাকী বিজ্ঞানী একলগ হৈ পৰিছে। এই সন্দৰ্ভত বাৰ্লিন প্ৰায়োগিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ভলকাৰ কোৱাছ নিঙে কয়–‘যদিও আমি শিক্ষকতাৰ লগত জড়িত তথাপিতো আমি কওঁ যে যুৱ চামে যি কৰিছে তালৈ সমৰ্থন জনাইছো। আমি অত্যন্ত সুখী হৈছো যে তেওঁলোকে সাহসেৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে।’ তেওঁ পুনৰ কয়–‘এনেকুৱা কাৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকল ওলাই অহাটো অতিশয় প্ৰয়োজনীয়।’

LEAVE A REPLY

Please enter your comment!
Please enter your name here