Home অসম অসমক ‘মদ মুক্ত ৰাজ্য’ হিচাপে ঘোষণা কৰক চৰকাৰে

অসমক ‘মদ মুক্ত ৰাজ্য’ হিচাপে ঘোষণা কৰক চৰকাৰে

127
0

বিষাক্ত চুলাই পান কৰি অসমত ডেৰশৰো অধিক লোক মৃত্যুমুখত পৰিল। তৎসত্বেও চৰকাৰৰ গা নলৰিল আৰু অতি লজ্জাজনকভাৱে অসমক সুৰা নিষিদ্ধ ৰাজ্য হিচাপে ঘোষণা কৰাৰ পৰাও বিৰত থাকিল। আৰ্থিক সংকটত পৰি সস্তীয়া মদ খাই অকালতে মৃত্যুক আকোঁৱালি লোৱা শ্ৰমিকৰ(লেবাৰ·) জীৱনৰ কোনো মূল্য নাই। এই সৰ্বনাশী সুৰা ট্ৰেজেদিয়ে চৰকাৰৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ নকৰিলে। ঘাতক চুলায়ে বহু শিশুক অনাথ কৰিলে। এতিয়া এওঁলোকৰ দায়িত্ব কোনে ল’ব· ইয়াৰ বাবে কেৱল সুৰাপায়ীসকলেইজগৰীয়া নে· অবিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা হানিকাৰক চুলাই-মদৰ ব্যৱসায়ক কোনে উদগণি দি আহিছে আমি সেই কথা পাহৰি গ’লে নহ’ব। অকালতে প্ৰাণ হেৰুওৱাজনৰ পৰিয়াললৈ চৰকাৰে দুই লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰিয়েই দায়িত্ব সামৰিলে। শ্ৰমিকৰ অকাল মৃত্যু মাথো এক পৰিসংখ্যালৈহে পৰিণত হ’ল। ইয়াৰ পৰা চৰকাৰে কোনো শিক্ষা নল’লে। এৰা, সুৰা নিষিদ্ধ কৰিলে ৰাজহ ক’ৰ পৰা আহিব· এটা কথা উনুকিয়াই থওঁ যে অসম চৰকাৰে আবকাৰী খণ্ডৰ পৰা যি পৰিমাণৰ বাৰ্ষিক ৰাজহ লাভ কৰে, তাৰ চাৰিগুণপৰ্যন্ত আবকাৰী ৰাজহ লাভ কৰা বিহাৰ চৰকাৰে কিন্তু কেতিয়াবাই জনস্বাস্থ্যৰ স্বাৰ্থত নিজ ৰাজ্যত সুৰা নিষিদ্ধ কৰিলে। অসমৰ সুৰা ট্ৰেজেদি ঘটনাৰ পিছত পৰৱৰ্তী কেইমাহমানলৈকে চুলাই প্ৰস্তুতকৰণ,সেৱন বন্ধ হৈ থাকিলেও চৰকাৰে নিষিদ্ধ নকৰা পৰ্যন্ত অসমৰ চুকে-কোণে কিন্তু পুনৰ পূৰ্বৰ অৱস্থাই বিৰাজ কৰিব। তেতিয়া চুলাই ঘাটিসমূহ ধ্বংস কৰাৰ দুদিনীয়া নাটকখনো নাঙঠভাৱে ৰাইজৰ চকুত ধৰা দিব। ১৫০ৰো অধিক লোকৰ মৃত্যুৰ কৰুণ ঘটনাৰ পিছতো চৰকাৰে অসমক সুৰামুক্ত ৰাজ্য ঘোষণা নকৰাটো চৰম দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয়। চৰকাৰৰ মন্ত্ৰী-আমোলাই যেতিয়া সুৰাপানৰ বদভ্যাসৰ পৰা মুক্ত নহয়, তেনেস্থলত সুৰামুক্ত ৰাজ্যৰ সপোন দেখাটোও নিশ্চয় মূৰ্খামিৰ বাদে আন একো নহয়। সুৰাত বিষক্ৰিয়া হৈ মানুহৰ মৃত্যু হোৱাৰ দৰে ঘটনা ভৱিষ্যতে পুনৰাবৃত্তি নোহোৱাৰ আশংকা নুই কৰিব নোৱাৰি। ব্ৰিটিছৰ দিনত মানুহক মানুহৰ মৌলিক চিন্তাশক্তিক ধ্বংস কৰিবলৈ কানিৰ সহায়ত নিচাত ডুবাই ৰখা হৈছিল, এতিয়া সেই কানিৰ ঠাইত মদৰ প্ৰচলন কৰা হৈছে যেন আমাৰ বোধ হয়। কাৰণ নিৰ্বাচনত মদ খুৱায়েই শ্ৰমিকৰ ভোট কিনিব পাৰি। মদে কিমান মানুহক ধ্বংস কৰিছে, ঘৰ-পৰিয়ালক অশান্তিৰ গৰাহলৈ ঠেলি দিছে, সমাজৰ সুস্থ সামাজিক পৰিৱেশ বিনষ্ট কৰিছে সেয়া ভুক্তভোগীসকলেহে বুজি পাব। চাহবাগান অঞ্চলত অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা সস্তীয়া চুলাইৰ পৰা হোৱা শৰীৰৰ অপকাৰ সম্পৰ্কে সজাগতামূলক কাৰ্যসূচীৰ ব্যৱস্থা কৰি দিনত হাড় ভগা শ্ৰম কৰা বাগানৰ শ্ৰমিকসকলৰ দৰমহা বঢ়োৱাৰ সিদ্ধান্ত লওক চৰকাৰে। অলপ পুষ্টিকৰ খাদ্য কিনি খোৱাৰ সামৰ্থ্য চৰকাৰে তেওঁলোককো দিয়ক। অন্যথা যুগে যুগে শ্ৰমিকসকলে একে ঘটনাৰ চিকাৰ হ’ব আৰু চৰকাৰে শ্ৰমিক পৰিয়ালৰ ভোটলাভৰ স্বাৰ্থত মিছা সমবেদনা জ্ঞাপনৰ অভিনয় কৰি আৰ্থিক সাহায্য ঘোষণাৰ বাদে নিজৰ দোষ আৰু ব্যৰ্থতা ঢাকি ৰখাত সফল নহ’ব।

সঞ্জয় ৰবিদাস
বৰহোলা, যোৰহাট
ফোনঃ ৬৯০১১-৫৪৫৮৩

LEAVE A REPLY

Please enter your comment!
Please enter your name here