Home মুখ্য পৃষ্ঠা অগপ-বিজেপিৰ মিত্ৰতাৰ বিৰুদ্ধে সৰৱ শোণিতপুৰ অগপৰ নেতা-কৰ্মী

অগপ-বিজেপিৰ মিত্ৰতাৰ বিৰুদ্ধে সৰৱ শোণিতপুৰ অগপৰ নেতা-কৰ্মী

77
0
Assam finance Minister Himanta Biswa Sarma, BJP state president Ranjeet Kumar Das and AGP President Atul Bora, working President Kashab Mahanta and other AGP MLA during the BJP state office for discussion of coming Lok sabha Election. Two months before breaking off over the Citizenship (Amendment) Bill, 2016, the Asom Gana Parishad (AGP) and Bharatiya Janata Party are allies again in Assam, at Guwahati on 15-03-19. Pix by UB PHOTOS

দৈনন্দিন বাৰ্তা লাইভ, তেজপুৰঃ অগপ-বিজেপিৰ পুনৰ মিত্ৰতাক কেন্দ্ৰ কৰি দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভত জ্বলি-পকি থকা অগপৰ জিলা সমিতিৰ নেতৃবৃন্দই অতি শীঘ্ৰেই দলৰ সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে। আজি তেজপুৰস্থিত জিলা অগপৰ কাৰ্যালয়ত উপস্থিত হোৱা জিলা সমিতিৰ সভাপতি-সম্পাদক প্ৰমুখ্যে গৰিষ্ঠ সংখ্যক নেতাই এই মিত্ৰতা অগণতান্ত্ৰিক, সন্দেহজনক আৰু জাতিদ্ৰোহী বুলি অভিহিত কৰি অতি শীঘ্ৰেই সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰিবলৈ সভাপতি অতুল বৰাৰ ওচৰত দাবী জনায়। এই সন্দৰ্ভত সভাপতি অতুল বৰালৈ এক পত্ৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰি অগপৰ তেজপুৰ জিলা সমিতিৰ সভাপতি সুশীল শৰ্মা আৰু সাধাৰণ সম্পাদক নাৰায়ণ দাসে কয় যে- শেহতীয়াকৈ অগপ-বিজেপিৰ যি মিত্ৰতা অনুষ্ঠিত হ’ল সেই মিত্ৰতা আমি কোনোপধ্যেই মানি নলওঁ। এই মিত্ৰতাক কেন্দ্ৰ কৰি দলৰ নেতৃত্বৰ একাংশৰ ভূমিকাত আমাৰ সন্দেহ হৈছে। আমাৰ ক’বলগীয়া বহুত আছে। দলৰ মজিয়াতেই কথাবোৰ আমি প্ৰকাশ কৰিম। সেয়েহে মনোনয়ন পত্ৰ দাখিলৰ আগেয়ে সাধাৰণ পৰিষদৰ এখন সভা আহবান কৰিবলৈ আমি দাবী জনাইছো। ইপিনে যি সময়ত অগপ-বিজেপিৰ মিত্ৰতাক কেন্দ্ৰ কৰি অসমৰ জাতিক ভালপোৱা, আঞ্চলিকতাবাদক ভালপোৱা সৰ্বসাধাৰণ ৰাইজৰ লগতে দলীয় নেতা-কৰ্মী সকল ক্ষোভিত হৈ পৰিছে, এনে মিত্ৰতাই জাতি আৰু দলক ধবংস কৰা বুলি সৰৱ আলোচনা হৈছে সেই সময়তে অগপ দলৰ অন্যতম প্ৰতিষ্ঠাতা তথা দলটোৰ প্ৰাক্তন সভাপতি-তেজপুৰ সমষ্টিৰ বৰ্ত্তমানৰ বিধায়ক বৃন্দাবন গোস্বামীৰ ভূমিকাক লৈ সমালোচনাত সৰৱ হৈ পৰিছে শোণিতপুৰ জিলাখনৰ দলটোৰ নেতা-কৰ্মী আৰু আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজ। আজি সাংবাদিকক জিলা সমিতিৰ সভাপতি সুশীল শৰ্মা আৰু সম্পাদক নাৰায়ণ দাসে বৃন্দাবন গোস্বামীয়ে দলৰ এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত গ্ৰহণ কৰা ভূমিকা অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। ইপিনে তেজপুৰ জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্ত্তমান অগপৰ সাধাৰণ পৰিষদৰ সদস্য পদুম বৰাই জাতি আৰু দলৰ এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত বৃন্দাবন গোস্বামীয়ে গ্ৰহণ কৰা ভূমিকা অতি দুৰ্ভাগ্য আৰু লজ্জাজনক বুলি মন্তব্য কৰে। তেওঁ কয়- প্ৰফুল্ল কুমাৰ মহন্তই বৰ্ত্তমান সময়ত যি ভূমিকা গ্ৰহণ কৰিছে দলৰ স্বাৰ্থত সহমত প্ৰকাশ কৰি বৃন্দাবন গোস্বামী ডাঙৰীয়াক মই এক যুটীয়া বিবৃতি দিবৰ বাবে অনুৰোধ জনাইছিলো। দলৰ এই দুৰ্যোগৰ সময়ত দুয়োগৰাকী প্ৰাক্তন সভাপতিয়ে সঠিক ভূমিকাৰ ক্ষেত্ৰত এক যুটীয়া বিবৃতি প্ৰকাশ কৰা হয় নিশ্চিত ভাৱেই দলটোৰ বাবে যোগাত্মক হ’ল হয়। কিন্তু বৃন্দাবন গোস্বামী ডাঙৰীয়াই মোৰ অনুৰোধ প্ৰত্যাখ্যান কৰি অতি তাচ্ছিল্য সূচক মন্তব্য আগবঢ়ায়। মোৰ সন্দেহ হৈছে অতুল বৰা-কেশৱ মহন্তৰ দৰে বৃন্দাবন গোস্বামীও জাতিদ্ৰোহী বিজেপি দলটোৰ হাতত বিক্ৰী হৈছে। আজি বৃন্দাবন গোস্বামীয়ে যি ভূমিকা গ্ৰহণ কৰিছে তেওঁ ইমানদিনে পিন্ধি থকা জাতীয়তাবাদৰ সাজ যোৰ যে প্ৰকৃতাৰ্থতে নীলাহে আছিল সেইয়া পৰিস্ফুট হৈ পৰা বুলি সাধাৰণ পৰিষদৰ সদস্য পদুম বৰাই অতি ক্ষোভেৰে আজি সাংবাদিকৰ আগত ব্যক্ত কৰে। অগপৰ সাধাৰণ পৰিষদৰ সদস্য গৰাকীয়ে সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰি এই বুলি কয় যে- এই দুয়োগৰাকী নেতাই অগপৰ আঞ্চলিকতাবাদৰ নামত এতিয়া বেপাৰ খুলিছে। বেপাৰী ৰাজনীতিৰে জাতি-দলৰ স্বাৰ্থতকৈ নিজৰ ৰাজনৈতিক লাভালাভৰ স্বাৰ্থকহে অধিক অগ্ৰাধিকাৰ দিছে। এই সন্দৰ্ভত দলীয় মজিয়াত আলোচনা কৰিবলৈ সাধাৰণ পৰিষদৰ এখন বৈঠক তৎকালীন ভাৱে আহবান কৰিবলৈ আমি দাবী জনাইছো। ইপিনে শোণিতপুৰ জিলাখনৰ আন এগৰাকী প্ৰবীণ অগপ নেতা তথা তেজপুৰ জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বৰ্ত্তমানৰ সাধাৰণ পৰিষদৰ সদস্য হৰিচৰণ দাসেও অগপ-বিজেপিৰ মিত্ৰতাত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়- এই মিত্ৰতাই অগপৰ আঞ্চলিকতাবাদী চৰিত্ৰক বিসৰ্জন দিয়াই নহয় জাতিৰ দুৰ্দিনত জাতিদ্ৰোহী বিজেপিৰ লগত কৰা মিত্ৰতাই অগপ দলটোৰ কবৰ খান্দিছে। অগপ দলটোক অসমীয়া জাতিৰ স্বাৰ্থতে সুৰক্ষিত কৰি ৰখাটো অতি জৰুৰী বুলি মন্তব্য কৰি তেওঁ কয় যে- দলটোৰ ধবংসৰ গৰাহৰ পৰা উদ্ধাৰৰ স্বাৰ্থতে সাধাৰণ পৰিষদৰ এখন জৰুৰী সভা আহবান কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। সাধাৰণ পৰিষদৰ সদস্য হিচাপে মই দলীয় নেতৃবৃন্দৰ ওচৰত সাধাৰণ পৰিষদৰ সভা অতি শীঘ্ৰে আহবান জনাবলৈ দাবী জনাইছো। আনহাতে অগপ-বিজেপিৰ পুনৰ মিত্ৰতাক কেন্দ্ৰ কৰি বৃন্দাবন গোস্বামীয়ে গ্ৰহণ কৰা ভূমিকাক লৈ আঞ্চলিকতাবাদত বিশ্বাসী তেজপুৰ সমষ্টিৰ ভোটাৰ ৰাইজো গভীৰ অসন্তুষ্ট হৈ পৰিছে। এই সন্দৰ্ভত বৃন্দাবন গোস্বামীয়ে গ্ৰহণ কৰা ভূমিকাত ক্ষোভ প্ৰকাশ কৰি সুদীৰ্ঘকাল ধৰি সামাজিক ক্ষেত্ৰত বৃন্দাবন গোস্বামীৰ সহযোগী হৈ অহা অৱসৰপ্ৰাপ্ত অধ্যাপক তথা শোণিতপুৰ নাগৰিক সমাজৰ মুখ্য আহবায়ক পূৰ্ণেশ্বৰ নাথে কয়- দলটোৰ এগৰাকী জ্যেষ্ঠ নেতা হিচাপে আৰু প্ৰতিষ্ঠালগ্নৰে পৰা দলটোৰ সকলো কথাতে জড়িত হৈ থকা বৃন্দাবন গোস্বামীৰ পৰা জাতিৰ এই সংকটৰ সময়ত ৰাইজে বহুত আশা কৰিছিল। শেহতীয়া ভাৱে অগপৰ কেইগৰাকীমান ক্ষমতালোভী নেতাই অসমীয়া জাতিটোক যি বিশ্বাসঘাটকতা কৰিলে সেই সময়ত বৃন্দাবন গোস্বামীৰ দৰে এগৰাকী চিন্তাশীল জাতীয়তাবাদী নেতাৰ পৰা আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজে এটা বলিষ্ঠ ভূমিকা আশা কৰিছে। তেখেতৰ পৰা আমিও এই সন্দৰ্ভত বহু আশা কৰিছিলো। কিন্তু পৰিতাপৰ বিষয় এইয়ে যে, বৃন্দাবন গোস্বামীৰ সম্প্ৰতি দুৰ্ভাগ্য আৰু সন্দেহজনক ভূমিকা আৰু তেওঁৰ কাৰ্য্যই আমাৰ এই আশাত চেঁচা পানী ঢালিলে। তেওঁৰ ভূমিকাত এতিয়া সকলোৱে সন্দেহৰ চকুৰে চোৱাটো আমাৰ বাবে পৰিতাপৰ কথা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here