Home অসম ৰঙাপৰা সমষ্টিত বাঁহৰ দলঙৰ ওপৰেদি বিপদ সংকূল যাত্ৰা ৰাইজৰ, পকী দলং নিৰ্মাণৰ...

ৰঙাপৰা সমষ্টিত বাঁহৰ দলঙৰ ওপৰেদি বিপদ সংকূল যাত্ৰা ৰাইজৰ, পকী দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ

29
0

দৈনন্দিন বাৰ্তা লাইভ,নিজা সংবাদদাতা,ৰঙাপৰাঃ ৰঙাপৰা সমষ্টিত আজিও একাংশ ৰাইজে দুভাগ্যজনক ভাৱে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। নদীৰ ওপৰত পকী দলঙৰ নথকাৰ ফলত স্থানীয় ৰাইজে নিজে গাঠিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মাণ কৰি লবলগীয়া হৈছে।

ৰঙাপৰা নগৰৰ সমীপৱৰ্তী ৰঙাপৰা চাহ বাগিচাৰ ৰূপাজুলি ভাঙাবিল আৰু খেৰনীবস্তি সংযোগী পথচোৱাত থকা ডিপোটা নদীখনৰ ওপৰত আজিলৈকে এখন পকী দলং নিৰ্মাণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে বাঁহৰ দলঙৰ ওপৰেদি অহা যোৱা কৰিবলগীয়া হৈছে।

দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে বিপদ সংকূল ভাৱে অহা-যোৱা কৰি আহিছে। নৈখনৰ ওপৰত ৰাজ্য চৰকাৰৰ জনপ্ৰতিনিধি সকলে পকী দলঙৰ ব্যৱস্থা কৰি নিদিয়াৰ ফলত স্থানীয় ৰাইজে দান-বৰঙনি সংগ্ৰহ কৰি নিজাববীয়াকৈ বাঁহৰ দলং সাজি ল’বলৈ বাধ্য হৈছে।

ইফালে বাঁহৰ দলঙখনৰ পৰা পৰি কেইবা গৰাকী ব্যক্তি আঘাত প্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here