Home মুখ্য পৃষ্ঠা গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যু

গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যু

145
0

ৰাষ্ট্ৰপতিৰ শোকঃ আজি কেন্দ্ৰীয় কেবিনেটৰ শোকসভা

পানাজী, ১৭ মাৰ্চঃ কঠিন যুদ্ধৰ পাছত হাৰ মানিলে গোৱাৰ মুখ্যমন্ত্ৰী তথা দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰে। গোৱাৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসকৰ চেষ্টা ব্যৰ্থ কৰি আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ৬৩ বছৰ বয়সত মৃত্যু হোৱা প্ৰবীণ ৰাজনীতিবিদজন দীৰ্ঘদিন ধৰি অগ্ন্যাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। চিকিৎসাৰ বাবে তেওঁ বিদেশলৈ গৈছিল। তদুপৰি এইমছ আৰু মুম্বাইৰ বিশেষ চিকিৎসকৰ দলেও গোৱাৰ মুখ্যমন্ত্ৰী পাৰিকৰক সুস্থ কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছিল। আজি দিনৰ সময়ছোৱাত শাৰীৰিক অৱস্থাৰ অৱনতি হোৱাৰ পাছত পৰিয়ালৰ লগতে দলৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছিল। চিকিৎসালয়ত ভৰি পৰিছিল দলৰ কৰ্মী-সমৰ্থক আদি। কিন্তু আজি নিশা প্ৰায় আঠ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে সাম্প্ৰতিক সময়ৰ ৰাজনীতিত মনোহৰ পাৰিকৰ এক বিশিষ্ট নাম। শিক্ষিত এই ৰাজনীতিবিদজনগোৱাৰ ভূমিপুত্ৰ। বম্বে আইআইটিত শিক্ষা গ্ৰহণ কৰা পাৰিকৰৰ শিক্ষা আছিল উল্লেখনীয়। ফলত শিক্ষানুষ্ঠানখনে তেওঁক বিশেষ সন্মানেৰে সন্মানীত
কৰিছিল। ছাত্ৰ অৱস্থাত থাকোতেই ৰাজনীতিত জড়িত হৈ তেওঁ দলৰ কাম গুৰুত্ব সহকাৰে পালন কৰিছিল। পৰৱৰ্তী সময়ত বিজেপিত যোগ দিয়ে পাৰিকৰে। উল্লেখ্য যে ২০১০ চনত তেওঁ গোৱাৰ মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হৈছিল। দক্ষতাৰে ৰাজ্য চলোৱা পাৰিকৰে গোৱাৰ উন্নতিত বিশেষ ভূমিকা গ্ৰহণ কৰে। ২০১৪ চনত বিজেপি তথা এনডিএ জোঁটে চৰকাৰ গঠন কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব অৰ্পন কৰে। প্ৰতিৰক্ষা মন্ত্ৰীৰূপে দায়িত্ব পালন কৰাৰ সময়তে ২০১৭ চনত তেওঁক গোৱাৰ মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচন কৰে। ফলত প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা তেওঁ গোৱাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু হঠাৎ অসুস্থ হৈ পৰে মনোহৰ পাৰিকৰ। তাৰ মাজতো তেও প্ৰশাসক হিচাপে কাম কৰি গৈছিল। আনকি চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ সময়ত তেওঁ মন্ত্ৰীসভাৰ জৰুৰী বৈঠক আয়োজন কৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তদুপৰি অসুস্থ শৰীৰেই বাজেট দাখিলৰ সময়ত চিকিৎসালয়ৰ পৰা বিধানসভালৈ গৈছিল। উল্লেখ্য যে নাকত অক্সিজেন, হাতত চেলাইন লোৱা ছবি ছ’চিয়েল মিডিয়াত প্ৰকাশ হোৱাত অনুগামীসকলৰ উদ্বিগ্নতা বৃদ্ধি পাইছিল। শেষ পৰ্যন্ত অদম্য শক্তিৰে তেওঁ কাম কৰি গৈছিল। মনোহৰ পাৰিকৰৰ মৃত্যুত শোক গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত দেশৰ বিভিন্ন লোকৰ মাজত শোকৰ বন্যা বৈছে। পাৰিকৰৰ মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীসহ বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। ইপিনে মনোহৰ পাৰিকৰৰ মৃত্যুত কাইলৈ দিনৰ এঘাৰ বজাত কেন্দ্ৰীয় কেবিনেট শোকসভা আয়োজন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here