Home মুখ্য পৃষ্ঠা টিকটৰ পৰা বঞ্চিত ৰাজ্যৰ ৪ বিজেপি সাংসদ

টিকটৰ পৰা বঞ্চিত ৰাজ্যৰ ৪ বিজেপি সাংসদ

87
0

দৈনন্দিন বাৰ্তা লাইভঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এটা চিৰ যুগমীয়া গীতৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে সম্প্ৰতি লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীক দলীয় টিকট প্ৰদানৰ সময়ত। ‘মোক হেনো কোনোবাই মদাৰেৰে ৰিজালে …’ শীৰ্ষক এই চিৰ যুগমীয়া গীতটোৱে আজিৰ দিনটোত সমগ্ৰ নিৰ্বাচনী টিকট প্ৰদান কাৰ্যৰ লগত মিলি গ’ল কেইবাজনো প্ৰাৰ্থীৰ ক্ষেত্ৰত। বিশেষকৈ শাসনাধিষ্ঠিত বিজেপিৰ সাংসদক পুনৰ দলীয় টিকট প্ৰদান নকৰাত বিভিন্ন মহলৰ মাজত সৰৱ আলোচনা চলি থকাৰ সময়তে একাংশই সুধাকণ্ঠৰ এই গীতটোক পুনৰ সুঁৱৰিলে। উল্লেখ্য যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিৰ সাংসদ বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা, কামাখ্যাপ্ৰসাদ তাছা আৰু আৰ পি শৰ্মা এইবাৰ বিজেপিৰ টিকটৰ পৰা বঞ্চিত হ’ল। গুৰুত্বপূৰ্ণ এয়ে যে বিজেপিৰ উত্থানত বিজয়া চক্ৰৱৰ্তীৰ বৰঙণি নিতৌ শীৰ্ষত বুলি ক’লে বঢ়াই কোৱা নহয়। বিজয়া চক্ৰৱৰ্তীয়ে দলটোলৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে গুৱাহাটী সমষ্টিতে নহয় ৰাজ্যৰ অন্যান্য অঞ্চলতো বৰ্তমানে চৰ্চিত বিষয় হৈ আছে। আনহাতে অসমত বিজেপিৰ উত্থানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে। সংগ্ৰাম কৰি বিজেপিক ৰাইজৰ মাজলৈ অনাত সফল ৰাজনীতিবিদ হিচাপে চিহ্নিত কামাখ্যা প্ৰসাদ তাছা। ইয়াৰ লগতে ৰমেন ডেকা আৰু ৰাম প্ৰসাদ শৰ্মাৰ বৰঙণিও লেখত ল’বলগীয়া। এই চাৰিগৰাকী সাংসদে বিজেপিক এক নতুন ধাৰা তথা গতি দি গৈছে। কিন্তু এইবাৰৰ লোকসভা নিৰ্বাচনৰ বাবে এই চাৰিগৰাকী প্ৰাৰ্থীক বঞ্চিত কৰিলে দলৰ শীৰ্ষ নেতৃত্বই। ইয়াৰে ভিতৰত তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই বিদ্ৰোহ ঘোষণা কৰিছিল। কিন্তু আন তিনিগৰাকী সাংসদে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। দললৈ একালত বহু বৰঙণি আগবঢ়াই মহাশক্তিধৰ কংগ্ৰেছক অসমত পৰাভূত কৰাবলৈ যৎপৰোনাস্তি চেষ্টা চলাই সফল হোৱা এই সাংসদসকল সম্প্ৰতি ‘মদাৰ ফুল’ৰ দৰে হৈছে। যিটো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত বিৰাজমান। এতিয়া ৰাইজৰ প্ৰশ্ন ‘মদাৰ ফুল’ক সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই যিদৰে উপস্থাপন কৰিছে। আকাশত মদাৰ ফুলে যিদৰে সৌন্দৰ্য বিলায়। অসমৰ এই সাংসদসকলৰ ভৱিষ্যৎ কি হ’ব সেয়া সময়ৰ ড×ত্তৰ বুলি ৰাইজৰ আলোচনাত প্ৰকাশ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here