Home অসম দলতে এলাগী হোৱাৰ উপক্ৰম প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী, অগপৰ ‘ভাল দিন’ নিবিচাৰে নেকি প্ৰফুল্ল...

দলতে এলাগী হোৱাৰ উপক্ৰম প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী, অগপৰ ‘ভাল দিন’ নিবিচাৰে নেকি প্ৰফুল্ল কুমাৰ মহন্তই

62
0

#চন্দ্ৰ কুমাৰ বৰুৱা@
অসমৰ ৰাইজে এইবাৰ নিৰীক্ষণ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্থিতি আৰু নীতি। দিছপুৰত বিজেপিৰ নেতৃত্বত অগপ-বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ সময়ৰ পৰাই কেৱল সমালোচনা আৰু পৰৰ দোষ ধৰাত ব্যস্ত হৈ আহিছে মহন্ত। চৰকাৰত নিজৰ দলৰ তিনিজন মন্ত্ৰী সোমাল, নিকায়-নিগমৰ অধ্যক্ষ পদতো নিযুক্ত হ’ল কেইবাজনো। জোৰা-তাপলি মাৰি সংখ্যাগৰিষ্ঠতা লাভ কৰা চৰকাৰখনে নিৰ্দিষ্ট গতিত আগুৱাই গৈ থাকিল। কিন্তু চৰকাৰৰ মজিয়াত সোমাব নোৱাৰি বিৰোধীতকৈ অধিক সক্ৰিয় আৰু নিন্দুক হৈ পৰিল মহন্ত। সপ্তাহত দুই-তিনিখনকৈ সংবাদমেল পাতি ৰাইজৰ দৃষ্টিত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন অপদস্থ কৰিবলৈ উঠি-পৰি লাগিল। মহন্তৰ মনত সৃষ্টি হোৱা ‘হঠাৎ দেশপ্ৰেম’ৰ ফল্পুধাৰাৰ আঁৰৰ ৰহস্য ৰাইজে নুবুজাকৈ নাথাকিল। ইয়াৰ প্ৰত্যুত্তৰ পঞ্চায়ত নিৰ্বাচনত মহন্তই প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ সমষ্টিত বেয়া ফলাফলে মহন্তৰ দেশপ্ৰেমৰ স্বৰূপ উদঙাই দিলে। তাৰ মাজতে আহিল ‘কেব’ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰোধিতা কেৱল মহন্তই কৰা নাছিল, অসমৰ ৰাইজে নিজে নিজেই ওলাই আহিছিল। মহন্তইহে সুযোগ বুজি সমৰ্থন ল’বৰ বাবে আৰু নিজকে আহিব কৰিবলৈ কেতিয়াবা ছাত্ৰ সন্থা. কেতিয়াবা কংগ্ৰেছ আদি সকলোৱে প্ৰতিবাদস্থলীত ভূমুকি মাৰি নিজৰ উপস্থিতি জনাই থাকিলগৈ। ‘কেব’ গৃহীত নহ’ল, অগপ আকৌ চৰকাৰৰ অংশীদাৰ হ’ল। তাতো অসন্তুষ্ট মহন্ত। নিজৰ ওজন বঢ়াবলৈ বিজেপিৰ সৈতে মধ্যস্থতাকাৰীৰ জৰিয়তে দৰদাম আৰম্ভ হ’ল। ৰাজ্যপালৰ পদবী, পত্নীৰ বাবে ৰাজ্যসভাৰ পদ, পুত্ৰৰ বাবে বিধায়কৰ পদ আদি সকলো লাগে নিজৰ ঘৰতে। মাজতে হাত মেলি পত্নীৰ বাবে ‘পদ্মশ্ৰী’ সন্মানো আদায় কৰিছিল। সাহিত্য অকাডেমী, অসম সাহিত্য সভাৰ বঁটা আৰু পদবী আদি আদায়ৰ কাৰণেও মহন্ত ব্যস্ত থাকিল। গতিকে চৰকাৰখনৰ প্ৰতি মহন্তৰ অসন্তুষ্টি আৰু নিজকে ‘সৰ্বজ্ঞানী’ বুলি ভাৱ এটা দেখুৱাই আনৰ কথা আৰু কামক গুৰুত্ব নিদিয়া, স্বীকৃতি নিদিয়া আদি মনোভাৱ ৰাইজে ভালদৰে বুজি পায়। শেহতীয়াকৈ নিৰ্বাচনৰ আসনৰ ভাগ বটোৱাৰাক লৈ আকৌ ওফন্দ পাতিছে মহন্তই। নিজৰ পত্নীৰ বাবে নগাঁও লোকসভাৰ আসনখন। বিজেপিৰ পৰা কাঢ়ি অনাটো বিচাৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। নগাঁৱত বিজেপিৰ সাংসদ ৰাজেন গোহাঁই ১৯৯৮ চনৰ পৰা সমষ্টিটো ধৰি ৰাখিছে। অগপৰ মনোনীত প্ৰাৰ্থী হিচাপে ড০ জয়শ্ৰী গোস্বামী মহন্তই প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়বৰণ কৰিছিল। তাকো মহন্ত মুখ্যমন্ত্ৰী হৈ থাকোতেই। সেয়ে উচ্চাকাংক্ষী জয়শ্ৰী মহন্তক দলৰ বহুতৰে বিৰোধীতা স্বত্বেও ৰাজ্যসভালৈ পঠালে। বাকী থাকিল দুই পত্ৰ আৰু কন্যাজনী। তেতিয়া সৰু আছিল বাবেই ৰাজনৈতিক অভিষেক ঘটাব নোৱাৰিলে। কিন্তু শিশু সন্তানৰ নামতো শ শ বিঘা মাটি নামজাৰি কৰি ৰাখিবলৈ দেশ আৰু জাতিপ্ৰেমী প্ৰফুল্ল মহন্তই পাহৰা নাছিল। অৱশ্যে এইবাৰ জয়শ্ৰী বা পুত্ৰক নগাঁৱৰ পৰা লোকসভালৈ পঠাব নোৱাৰিলে অগপৰ বৰ্তমানৰ নেতৃত্বই। তাতেই ওফোন্দ পাতি বহি আছে গোমোঠা মুখৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজন। মাত্ৰ তিনিটা সমষ্টিত দলটোৱে প্ৰাৰ্থিত্ব দিছে। কেনেবাকৈ যদিহে এটা মানত বিজয়ী হ’ব পাৰে,তেন্তে দলটোৰ নাম থাকিব, দিল্লীতো এজন দলীয় সদস্য সোমাব পাৰিব। দলৰ সকলোবোৰ নেতা-কৰ্মীয়ে একগোট হৈ চেষ্টা কৰিলে কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী তিনিওটা সমষ্টিৰ বিজয়ী হ’ব পৰাকৈ এঘাৰ যুঁজিব পৰাৰ থল আছিল। কালি কলিয়াবৰ লোকসভা সমষ্টিত দলৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই মনোনয়ন দিলে। অগপৰ ৰাজ্যিক আৰু জিলা সভাপতি, বিজেপিৰো ৰাজ্যিক সভাপতি, দুজনকৈ বিধায়ক। আনকি টিকট বঞ্চিত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইকো আদালত চৌহদত দেখা পোৱা গৈছিল। নাই কেৱল প্ৰফুল্ল মহন্ত, প্ৰাক্তন সাংসদ (ৰাজ্যসভা) তথা মহিলা পৰিষদৰ নেত্ৰী জয়শ্ৰী গোস্বামী মহন্ত। মহন্তই নিজৰ ঘনিষ্ঠ এজেণ্ট নিৰঞ্জন বৰাক পঠিয়াই সকলো খবৰ লোৱাইছিল। নগাঁৱতে থাকিও দুখোজ আগুৱাই নাহিল দলৰ প্ৰাৰ্থীজনৰ কাৰণে। মহন্তৰ এই স্থিতি আৰু নীতিয়ে এচামক আনন্দিত কৰিছে। কাৰণ মহন্তৰ লবীৰ মানুহবোৰে মণিমাধৱ মহন্ত নামৰ অগপৰ দলীয় প্ৰাৰ্থীজনক ভোট নিদিয়াটো খাটাং কৰিলে। মহন্তৰ লবীৰ ভোটবোৰ যাব কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ পক্ষত। গৌৰৱ হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সুপুত্ৰ। গৌৰৱক নিশ্চয় ভোট লাগিব জিকিবলৈ। কিন্তু নিবিচৰাকৈয়ে মহন্তৰ লবীৰ ভোটবোৰ হুৰাহুৰে লাভ কৰিব বুলি ভবাই নাছিল। সেয়ে অগপৰ ‘ভালদিন’ নিবিচৰা মহন্তৰ স্থিতিৰ উৎফুল্লিত কংগ্ৰেছৰ কৰ্মকৰ্তা।

 

লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক
ফোনঃ ৯৮৫৪০-৯১১১২

LEAVE A REPLY

Please enter your comment!
Please enter your name here