Home মুখ্য পৃষ্ঠা কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাঁইৰ স্বপ্নভংগ

কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাঁইৰ স্বপ্নভংগ

55
0

সহস্ৰাধিক অগপ-বিজেপি দলৰ কৰ্মী সমৰ্থকৰ
সমদলৰে নগাঁৱত ৰূপক শৰ্মাৰ মনোনয়ন দাখিল
মনোনয়ন দাখিলৰ অন্তিম দিনা ভি আই পিৰ আগমনত উখল-মাখল নগাঁও চহৰ
কংগ্ৰেছ-এ আই ইউ ডি এফৰ যি মিত্ৰতা সেইয়া এতিয়া মুকলি হৈ পৰিছেঃ হিমমন্ত বিশ্ব শৰ্মা
মোৰ ৰাজনৈতিক জীৱনত ৰাজেন গোঁহাইৰ অৰিহনা আছে,তেওঁৰ আশীৰ্বাদ লৈয়ে আগবাঢ়ি যামঃ ৰূপক শৰ্মা

দৈনন্দিন বাৰ্তা লাইভ, নগাঁওঃ দেশৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা নগাঁৱত কাৰ্যত শক্তি প্ৰদৰ্শন কৰিলে বিজেপি আৰু কংগ্ৰেছ দলে। ভি আই পিৰ আগমনত আজি নগাঁও চহৰ উখল-মাখল হৈ পৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অগপৰ সভাপতি অতুল বৰা, নেদাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও ৰাজ্যৰ ভি আই পি আজি নগাঁৱত উপস্থিত হয় নিজ দল আৰু সমৰ্থিত দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত অংশগ্ৰহণৰ বাবে। বিজেপি-কংগ্ৰেছ জিন্দাবাদ ধ্বনিৰে মুখৰিত হয় নগাঁৱৰ ৰাজপথ। অগপ সমৰ্থিত নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাক মনোনয়ন পত্ৰ দাখিল কৰিবলৈ নগাঁও ডচন স্কুল খেলপথাৰৰ পৰা কেইবা সহস্ৰাধিক অগপ-বিজেপি দলৰ কৰ্মী সমৰ্থকে সমদল কৰি আদৰি নিয়ে। বিধায়ক ৰূপক শৰ্মাক নগাঁও লোকসভা সমষ্টিৰ বাবে বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাত আনন্দত ফাটি পৰে দলীয় কৰ্মী-সমৰ্থক সকল। ৰূপক শৰ্মাৰ সমদলত অংশগ্ৰহণকাৰীসকলে বেণ্ড বজাই, ঢোল বজাই নাচি বাগি আনন্দ উল্লাস কৰে। বিজেপি জিন্দাবাদ, ৰূপক শৰ্মা জিন্দাবাদ, সৰ্বানন্দ সোনোৱাল জিন্দাবাদ আদি ধ্বনিৰে ৰাজপথ উত্তাল হয়। নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত সমদলত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওতে সংগদান কৰে অগপ সভাপতি অতুল বৰা, অসম চৰকাৰৰ মন্ত্ৰী পিয়ুষ হাজৰিকা, বিজেপিৰ বিধায়ক সকল ক্ৰমে আঙুৰলতা ডেকা, শিলাদিত্যদেৱ, ডিম্বেশ্বৰ দাস, শিবু মিশ্ৰ আৰু ৰমাকান্ত দেউৰীয়ে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই নগাঁৱৰ হনুমান মন্দিৰ, জগন্নাথ মন্দিৰকে ধৰি বিভিন্ন মন্দিৰত সোমাই ভগৱানৰ ওচৰত সেৱা জনায়। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ আগমূহূৰ্তত তেওঁ কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ ঘৰলৈ যায় যদিও গোহাঁই সপত্নীক ঘৰত নথকাত সাক্ষাৎ কৰিব নোৱাৰিলে। অৱশ্যে গোহাঁইৰ পুত্ৰ তথা বিজেপিৰ যুৱ মৰ্চাৰ নেতা নবাৰুণ বুঢ়াগোহাঁইক লগ পায় আৰু গোহাঁই পুত্ৰই ৰূপক শৰ্মাক মনোনয়ন পৰ্ব দাখিল পৰ্বত সংগ দান কৰে। ইফালে সংবাদ মাধ্যমৰ আগত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই কয় যে নগাঁও লোকসভা সমষ্টি এটা সন্মানীয় সমষ্টি। এই সন্মানীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পাই মই গৌৰৱ অনুভব কৰিছো। অন্তৰ্গত বিভিন্ন বিধান সভা সমষ্টিত আমাৰ দলীয় কৰ্মীসকলে কাম কৰি আছে। গতিকে ৰাইজৰ সহায় সহযোগ তথা আশীৰ্বাদৰ ফলত মোৰ বিজয় নিশ্চিত। বিজেপিৰ নেতৃত্বই নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত পলম কৰিলে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰূপক শৰ্মাই কয় যে দলে সঠিক সময়তে সিদ্ধান্ত লৈছে। কিয়নো নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিধান সভা সমষ্টিসমূহৰ আমাৰ মিত্ৰজোঁটৰ বিধায়কসকলে সাংগঠনিক কাম-কাজ, প্ৰচাৰ অব্যাহত ৰাখিছে। গতিকে নিৰ্বাচনী প্ৰচাৰত আমাৰ কোনো অসুবিধা নহয়। কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই ক্ষতি কৰিব নেকি বুলি সাংবাদিকে সোধাত বিধায়ক তথা বিজেপি প্ৰাৰ্থী শৰ্মাই কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ইটো মুদ্ৰাৰ ইপিঠি-সিপিঠি। ৰাইজে তেওঁলোকৰ স্বৰূপ জানে। গতিকে তেওঁলোকৰ মিত্ৰতাই কোনো ক্ষতি নকৰে। বৰঞ্চ আমি লাভান্বিতহে হম। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ প্ৰসংগত বিধায়ক শৰ্মাই কয় যে তেওঁক মই সমালোচনা নকৰো। কাৰণ মই ৰাজ্যৰ সেৱাহে কৰিবলৈ আহিছো। তথাপি কওঁ বৰদলৈ মন্ত্ৰী হৈ থাকোতে কিমান সফল আছিল ৰাইজে জানে। যোৱা দুটা বছৰত আমি কৰা নগাঁৱৰ উন্নয়ন আৰু তেওঁ মন্ত্ৰী হৈ থকা সময়ত কৰা উন্নয়নৰ তুলনা কৰিলেই উলাই পৰিব। নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাাঁইৰ প্ৰসংগত সাংবাদিকে প্ৰশ্ন সোধাত বিধায়ক তথা প্ৰাৰ্থী ৰূপক শৰ্মাই কয় যে মোৰ ৰাজনৈতিক জীৱনত ৰাজেন Îগোহাঁইৰ অৰিহণা আছে। সাংসদ হিচাপে বিগত ২০ বছৰে তেওঁ যথেষ্ট উন্নয়ন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও তেওঁ সফল। আমি তেওঁৰ আশীৰ্বাদ লৈয়ে আগবাঢ়ি যাম। কাৰণ তেওঁ নিজেই দলে যাকে প্ৰাৰ্থিত্ব নিদিয়ক সহযোগিতা কৰিব বুলি কৈছে। তেওঁৰ সহায়-সহযোগ অবিহনে আমি আগবাঢ়িব নোৱাৰো। আমি নিশ্চিত তেওঁ দিহা পৰামৰ্শ আৰু নেতৃত্ব দি আমাক আগবঢ়াই লৈ যাব।

জনগণে নৰেন্দ্ৰ মোদীক দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে লোৱাৰ সিদ্ধান্ত লৈছেঃ মুখ্যমন্ত্ৰী সোণোৱাল
ভাৰতবৰ্ষৰ জনগণে নৰেন্দ্ৰ মোডীক দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে লোৱাৰ সিদ্ধান্ত লৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰো বৰাক-ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ জনগনৰ মাজত উৎসাহ দেখা পোৱা গৈছে। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত লগতে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অসমৰ বিস্তৰ উন্নয়ণ হৈছে। বিভিন্ন আঁচনিৰ দ্বাৰা যাতায়াত, শিক্ষা, যোগাযোগ আদিৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছে ৰাইজে সেয়ে তেওঁক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে। অসমৰ বৰ্তমানৰ বাতাবৰণে এটা কথা নিশ্চিত কৰিছে যে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক অসমৰ জনগণে আদৰি ল’ব। আমি সৰহ সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হম। ইপিনে সাংবাদিকৰ আগত নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ-এ আই ইউ ডি এফৰ যি মিত্ৰতা সেইয়া এতিয়া মুকলি হৈ পৰিছে। যদি মিত্ৰতা হোৱাই নাই তেন্তে এ আই ইউ ডি এফে কলিয়াবৰ আৰু নগাঁও লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব কিয় নিদিলে। তেওঁলোকে যিমানেই অস্বীকাৰ নকৰক কিয় এই বুজাবুজি ৰাইজৰ দৃষ্টিত ধৰা পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here