Home মুখ্য পৃষ্ঠা ঢোলে দগৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন দাখিল , মই নগাঁও সংসদীয়...

ঢোলে দগৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন দাখিল , মই নগাঁও সংসদীয় সমষ্টিৰ এক শক্তিশালী কন্ঠ হ’ব বিচাৰোঃ বৰদলৈ

53
0

দৈনন্দিন বাৰ্তা লাইভ, নগাঁওঃ নগাঁও লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপে প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে আজি ঢোলে ডগৰে মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছ দলৰ কৰ্মী সমৰ্থকসকলে দলীয় প্ৰাৰ্থীজনৰ মনোনয়ন পত্ৰ দাখিলৰ উদ্দেশ্যৰে জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা এক বিশাল সমদল উলিয়ায় সমদল উলিয়ায়। সমদলত প্ৰাৰ্থীজনক সংগদান কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা , প্ৰাক্তন সাংসদ নাজনীন ফাৰুক। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু দে, গৌতম বৰা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, জোনজোনালী বৰুৱা আদিয়ে। চকিদাৰ চোৰ হায়, বিজেপি হায় হায়, কংগ্ৰেছ জিন্দাবাদ, প্ৰদ্যুৎ বৰদলৈ জিন্দাবাদ আদি ধ্বনিৰে ৰাজপথ উত্তাল হৈ পৰে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে আজি কংগ্ৰেছ প্ৰাৰ্থীজন গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা জনায়। তেওঁ নগাঁও চহৰৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰত উপস্থিত হৈ সেৱা জনায়। কংগ্ৰেছ প্ৰাৰ্থী বৰদলৈয়ে আজি সংবাদ মাধ্যমৰ আগত কয়, মই নগাঁও সংসদীয় সমষ্টিৰ এক শক্তিশালী কণ্ঠ হ’ব বিচাৰো। একপক্ষীয় কণ্ঠস্বৰ নহয়, সকলো ধৰ্ম, বৰ্ণ, ভাষা, জনগোষ্ঠীয় লোকৰ কণ্ঠস্বৰ হ’ব বিচাৰো ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here