Home মুখ্য পৃষ্ঠা দেৰগাঁও চহৰৰ মাজ মজিয়াৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ১৫ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি

দেৰগাঁও চহৰৰ মাজ মজিয়াৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ১৫ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি

162
1

দেৰগাঁও চহৰৰ মাজ মজিয়াৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ১৫ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি ।


দৈনন্দিন বাৰ্তাLIVE@দেৰগাওঁ ১৮ নৱেম্বৰ : বিগত তিনিদিনৰ পূৰ্বে দেৰগাঁৱৰ ইউনাইটেত বেংকৰ চৌহদৰ পৰা ২০ হাজাৰ টকা চোৰে দিনদুপৰতে লৈ উধাও হোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌও যাওতেই আজি পুৱা পুনৰ নগৰখনৰ মাজ মজিয়াৰ এখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা চোৰে ১৫ লক্ষাধিক টকাৰ সামগ্ৰী লুট কৰা এটা ঘটনাই ৰাইজক আতংকিত কৰি তুলিছে | প্ৰাপ্ত তথ্যমতে দেৰগাঁও আৰক্ষী থানাৰ পৰা সামান্য দূৰত থকা অভিনন্দন নামৰ পাট-মুগা কাপোৰৰ দোকানখনত পূৱতি নিশা চোৰে তলা ভাঙি সমস্ত বস্ত চুৰ কৰি লৈ যায় । দেৰগাঁও আৰক্ষীযে তহল দি থকা দেৰগাওঁ চাৰিআলিৰ মাজ মজিয়াৰ পৰা কেনেকৈ চোৰে এনে কাণ্ডক সফল ৰূপ দিবলৈ সক্ষম হৈছে এইয়া লৈ ৰাইজৰ মাজত লাখটকীয়া প্ৰশ্ন উত্থাপিত হৈছে । অভিনন্দন ক্লথ ষ্টোৰ নামৰ দোকানখনৰ লোহাৰ ৰ’দ ,পাতি ,তলা ভাঙী এদল গভাইত চোৰে সমস্ত কাপোৰকানি , পাটমুগা লগতে অন্যান্য সামগ্ৰী চুৰি কৰি লৈ যায় । আৰক্ষীৰ কৰ্মৰত স্থানৰ পৰাই বাৰু কিদৰে পলাই যাবলৈ সক্ষম হল উক্ত কাণ্ডত জড়িত থকা চোৰ ? এই বুলিও ৰাইজে মতব্যক্ত কৰিছে । উল্লেখযোগ্য পূৰ্বতেও এই বিশেষ ব্যৱসায়ী প্ৰতিষ্ঠানখনৰ সকলো তলা ভাঙি চোৰে চুৰি কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই বিষয়ে দেৰগাওঁ আৰক্ষী থানাত এক গোচৰো ৰুজু কৰা হৈছিল । আজি কিছুদিনৰ পৰা দেৰগাওঁ চাৰিআলি লগতে দাতিকাষৰীয়া অন্যান্য ঠাইত দিনক দিনে এনেধৰণৰ চুৰিৰ ঘটনা ক্ৰমাত বৃদ্ধি পোৱাত দেৰগাওঁ চহৰৰ মাজ মজিয়াত এক চেপা উত্তেজনা বিৰাজ কৰিছে । প্ৰতিষ্ঠানখনৰ প্ৰায় ১৫ লাখ টকা মুল্যৰ সকলো কাপোৰকানি চোৰে লুটি লৈ যোৱাৰ পাছত দোকানৰ স্বতাধিকাৰী জন এক প্ৰকাৰ মানসিকভাৱে ভাঙি পৰিছে । ঘটনা সংগঠিত হোৱা কিছুসময় পাছত দেৰগাওঁ আৰক্ষীৰ এটা দল লগতে গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক ঘটনা স্থলীত উপস্থিত হয় আৰু সমগ্র ঘটনা তদন্ত আৰম্ভ কৰে । ভূক্তভূগি ৰাজীৱ শম্মাই সমগ্র ঘটনা বাখ্যা কৰি দেৰগাওঁ আৰক্ষী থানাত এক গোচৰো ৰুজু কৰিছে । এনেদৰে সঘনাই দেৰগাঁৱৰ বিভিন্ন দোকানত চুৰি হৈ থকা ঘটনাৰ প্ৰকৃত দোষীক শীঘ্ৰে বিচাৰি উলিয়াই উপয়ুক্ত শাস্তি প্ৰদান কৰিবলৈ ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাই ।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here