Home মুখ্য পৃষ্ঠা কংগ্ৰেছ প্ৰাৰ্থী ভানুও কোটিপতি, ভানুতকৈ বেছি ধনী পত্নী পদ্মজা মাদ্দুকুৰীঃ উত্তৰাধিকাৰী সূত্ৰে...

কংগ্ৰেছ প্ৰাৰ্থী ভানুও কোটিপতি, ভানুতকৈ বেছি ধনী পত্নী পদ্মজা মাদ্দুকুৰীঃ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল ২ কোটি টকাৰ সম্পত্তি

142
0
Congress candidate Tezpur parliamentary seat MGVK Bhanu along with Congress Supporters during a election campaign rally at Biswanath Chariali on 26-03-19. pix by UB Photos

দৈনন্দিন বাৰ্তা লাইভ,অপূৰ্ব বৰা তেজপুৰঃ ২০১১ চনত এক লাখ টকা ধন হাতত লৈ ৰাজনীতিত প্ৰৱেশ কৰা এইবাৰ তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে বিগত ৮ বছৰত ৰাজনীতিৰ ক্ষেত্ৰখনত জড়িত হৈ কোটিপতি হ’ল। ইপিনে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে দলীয় ৰাজনীতিত প্ৰৱেশ কৰাৰ সময়ত ভূমিহীন আছিল যদিও এতিয়া ১০৯ বিঘা বিশাল ভূ-সম্পত্তিৰ গৰাকী হ’ল। তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানুও এগৰাকী কোটিপতি প্ৰাৰ্থী। প্ৰাৰ্থী ভানুতকৈ আকৌ পত্নীহে বিপুল সম্পদৰ গৰাকী। উল্লেখ্য যে, তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে কালি দাখিল কৰা মনোনয়ন পত্ৰৰ লগত সংলগ্ন কৰা সম্পত্তিৰ শপতনামাত পল্লৱ লোচন দাসৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য হ’ল- ১ কোটি ৪৩ লাখ ৪৫ হাজাৰ ১১৯ টকা। শপতনামাখনত প্ৰাৰ্থী গৰাকীয়ে অস্থাৱৰ সম্পত্তিৰ বৰ্ণনা এনেধৰণৰে উল্লেখ কৰিছে–তেওঁৰ নামত বিশ্বনাথ চাৰিআলি এছ বি আই শাখাৰ ২৩-৩-২০১৯ পৰ্য্যন্ত ৭৯ হাজাৰ ৫৮৮ টকা, ১২৭৯ টকা, বিশ্বনাথৰ ইউকো বেংকত ২১৫৬ টকা, অসম সচিবালয়ৰ এছ বি আই শাখাত ১৫ লাখ ১৮ হাজাৰ ৯৮৮ টকা, এছ বি আইত ১ লাখ ৪৯ হাজাৰ ৬৫৮ টকাৰ ফিক্সড ডিপ’জিটৰ বিপৰীতে পত্নী দিতিমণি খানডেইটৰ নামত অসম সচিবালয়ৰ এছ বি আই শাখাত ৫ লাখ ৩৪ হাজাৰ ২০১ টকা, ডিব্ৰুগড়ত ইউ বি আইত ১০ লাখ ৭৮ হাজাৰ ২৭১ টকা, ডাকঘৰত টাৰ্ম ডিপ’জিট ১ লাখ ১৯ হাজাৰ ৮১৮ টকা ৯-৭-২০১৭, ডাকঘৰত ১ লাখ ৮১ হাজাৰ ৫০০ টকাৰ ৫ খন কৈ টাৰ্ম ডিপ’জিট ৩০-৯-২০১৫, টাৰ্ম ডিপ’জিট ১ লাখ ৬ হাজাৰ ৮৭১ টকা ১০-৮-২০১১, ইউ বি আইত ফিক্সড ডিপ’জিট ১ লাখ ৪৪ হাজাৰ ৮৯৬ টকা, ইউ বি আইত ফিক্সড ডিপ’জিট ২ লাখ ৭৫ হাজাৰ টকা, ইউ বি আইত কুম’লেটিভ টাৰ্ম ডিপ’জিট ১ লাখ টকা, ইউ বি আইত কুম’লেটিভ টাৰ্ম ডিপ’জিট ৫৭ হাজাৰ ২৬৪ টকা, ইউ বি আইত কুম’লেটিভ টাৰ্ম ডিপ’জিট ৬৩ হাজাৰ টকা, ইউ বি আইত কুম’লেটিভ টাৰ্ম ডিপ’জিট ৬৩ হাজাৰ টকা, ইউ বি আইত কুম’লেটিভ টাৰ্ম ডিপ’জিট ৬২ হাজাৰ ৯৫২ টকা, ইউ বি আইত কুম’লেটিভ টাৰ্ম ডিপ’জিট ৫০ হাজাৰ ৮৫৬ টকা, ইউ বি আইত কুম’লেটিভ টাৰ্ম ডিপ’জিট ৫৬ হাজাৰ ৫১৩ টকা, ইউ বি আইত কুম’লেটিভ টাৰ্ম ডিপ’জিট ৮৪ হাজাৰ ৬২০ টকা। আনহাতে পল্লৱ লোচন দাসৰ নামত ২ লাখ ৩৫ হাজাৰ ৬২৮ টকা, ১ লাখ ২৩ হাজাৰ, ১৯ হাজাৰ ৯৪০ টকাৰ ৩ খন এল আই চি প’লিচী থকাৰ বিপৰীতে পত্নীৰ নামত আছে ১৫ হাজাৰ ৩৪৭ টকাৰ এখন এল আই চি প’লিচী। ইয়াৰ বিপৰীতে পল্লৱ লোচন দাসৰ নামত ২-১১-২০১২ তাৰিখে ৫ লাখ ৭৫ হাজাৰ টকাত ক্ৰয় কৰা এখন ফ’ৰ্ড ফিগ’ গাড়ী, ৩৪ হাজাৰ টকাৰ মূল্যৰ ১২ গ্ৰাম ওজনৰ এডাল সোণৰ চেইন আৰু ১২ হাজাৰ টকা মূল্যৰ ৩.৫ গ্ৰাম ওজনৰ এটা সোণৰ আঙুঠিসহ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৪৩ লাখ ৩৬ হাজাৰ ৩৪৬.২১ টকা। পল্লৱ লোচন দাসৰ হাতত ২ লাখ ৪০ হাজাৰ টকা আৰু পত্নীৰ হাতত জমা থকা নগদ ধনৰ পৰিমাণ হ’ল ৩ লাখ ১০ হাজাৰ টকা। আনহাতে পত্নীৰ নামত ১৫ হাজাৰ ২১৪.৫০ টকা মূল্যৰ ৫ গ্ৰাম ওজনৰ সোণৰ বেংগলচ আৰু ৯৪ হাজাৰ ৯৮৭.৮০ টকা মূল্যৰ এডাল মংগল সূত্ৰ সহ মুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪১ লাখ ৭০ হাজাৰ ১৯৩ টকা। একেদৰে পল্লৱ লোচন দাসে শপত নামাত উল্লেখ কৰা অনুসৰি বাঘমৰা মৌজাৰ ডিচিৰি গাঁৱত দাগ নম্বৰ ৮৭ ৰ বিপৰীতে থকা ১.৩০৯ একৰ ভূমিৰ মূল্য ৮ লাখ ৭৫ হাজাৰ ২০০ টকা, ডিচিৰি গাঁৱৰ দাগ নম্বৰ ১১০ ৰ বিপৰীেত থকা ০.৫৭১ একৰ ভূমিৰ মূল্য ২ লাখ ৭ হাজাৰ ৬০০ টকা, ডিচিৰি গাঁৱৰ দাগ নম্বৰ ৯৭ ৰ বিপৰীতে থকা ১.৪৭৭ একৰ ভূমিৰ মূল্য ৫ লাখ ৩৬ হাজাৰ ৪০০ টকা, ডিচিৰি গাঁৱত দাগ নম্বৰ ৮৮ ৰ বিপৰীতে থকা ০.৪১৯ একৰ ভূমিৰ মূল্য ১ লাখ ৫২ হাজাৰ ৪০০ টকা, ডিচিৰি গাঁৱৰ দাগ নম্বৰ ৬৮ আৰু ৮৯ ৰ বিপৰীতে থকা ১.৬৮৯ একৰ ভূমিৰ মূল্য ৬ লাখ ১৩ হাজাৰ ২০০ টকা আৰু গৰৈমাৰী মৌজাৰ বৰপাট গাঁৱত দাগ নম্বৰ ৫৯২ ৰ বিপৰীতে থকা ০.৩৩ একৰ ভূমিৰ বৰ্ত্তমানৰ বজাৰ মূল্য ৪ লাখ টকা বুলি উল্লেখ কৰিছে। মনোনয়ন পত্ৰত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে উল্লেখ কৰা অনুসৰি পত্নী দিতিমণি খানডেইটৰ নামতো বৃহৎ পৰিমাণৰ ভূমি আছে। সেই অনুসৰি বাঘমৰা মৌজাৰ ডিচিৰি গাঁৱৰ দাগ নম্বৰ ১৩০ ৰ বিপৰীতে থকা ০.৭৯০ একৰ ভূমিৰ মূল্য ২ লাখ ৮৬ হাজাৰ ৮০০ টকা, ডিচিৰি গাঁৱৰ দাগ নম্বৰ ১২৯ ৰ বিপৰীতে থকা ১.০৫৭ একৰ ভূমিৰ মূল্য ৩ লাখ ৮৪ হাজাৰ টকা, ডিচিৰি গাঁৱৰ দাগ নম্বৰ ১০৬ ৰ বিপৰীতে থকা ০.৮১৩ একৰ ভূমিৰ মূল্য ২ লাখ ৪৬ হাজাৰ ৮০০ টকা, ডিচিৰি গাঁৱৰ দাগ নম্বৰ ১২২ ৰ বিপৰীতে থকা ২.৮০৩ একৰ ভূমিৰ মূল্য ১০ লাখ ১৭ হাজাৰ ৬০০ টকা, ডিচিৰি গাঁৱত দাগ নম্বৰ ১২৩ ৰ বিপৰীতে থকা ২.১১৯ একৰ ভূমিৰ মূল্য ৭ লাখ ৬৯ হাজাৰ ২০০ টকা আৰু ডিচিৰি গাঁৱৰ দাগ নম্বৰ ১২৪ ৰ বিপৰীতে থকা ১.২৩ একৰ ভূমিৰ মূল্য ৪ লাখ ৫০ হাজাৰ টকা বুলি উল্লেখ কৰিছে। এনেদৰে পল্লৱ লোচন দাসৰ নামত ৬ টা স্থানত আৰু পত্নীৰ নামত ৬ টা স্থানকে ধৰি ১২ টা স্থানত ভূ-সম্পত্তি আছে। পল্লৱ লোচন দাসৰ আৰু পত্নীৰ নামত থকা ভূ-সম্পত্তিৰ পৰিমাণ বিঘা হিচাপে ১০৯ বিঘা ১৮ লেচা। বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে মনোনয়ন পত্ৰত উল্লেখ কৰা অনুসৰি ভূমিকে ধৰি স্থাৱৰ সম্পত্তিৰ মূল্য ২৭ লাখ ৮৪ হাজাৰ ৮০০ টকা আৰু পত্নীৰ বিপৰীতে থকা স্থাৱৰ সম্পত্তিৰ মূল্য ৩১ লাখ ৫৩ হাজাৰ ৮০০ টকা বুলি উল্লেখ কৰিছে। লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে শপতনামাত উল্লেখ কৰা মতে তেওঁৰ বিপৰীতে কোনো গোচৰ নাই। মন কৰিবলগীয়া যে, ছাত্ৰ নেতাৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰি ২০১১ বৰ্ষত বিধানসভা নিৰ্বাচনত বিহালী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে দাখিল কৰা মনোনয়ন পত্ৰত পল্লৱ লোচন দাসে সংলগ্ন কৰা সম্পত্তিৰ তালিকাত তেওঁৰ নামত বেজি আগৰ সমানো মাটি নাছিল বুলি দেখুৱাইছিল। ইপিনে উক্ত মনোনয়ন পত্ৰখনৰ শপতনামাত পল্লৱ লোচন দাসে স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ ভিতৰত নগদ ৫০ হাজাৰ হাতত থকা আৰু বেংকত ৫০ হাজাৰ টকা অৰ্থাৎ ১ লাখ টকা দেখুৱাইছিল। আনহাতে ২০১৬ চনৰ নিৰ্বাচনত ৰঙাপৰা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থিত্বত দাখিল কৰা মনোনয়ন পত্ৰত সংলগ্ন কৰা শপতনামাত পল্লৱ লোচন দাসে দেখুৱাইছিল ৫৪ লাখ ৫৫ হাজাৰ ৩৫৯ টকাৰ সম্পদৰ গৰাকী হোৱা। ইয়াৰে তেওঁৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ’ল- ২০ লাখ ৩১ হাজাৰ ৫৮৬ টকা আৰু পত্নীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ’ল ৫ লাখ ৫২ হাজাৰ ৫৭৩ টকা। উক্ত শপতনামাত পল্লৱ লোচন দাসৰ নামত থকা স্থাৱৰ সম্পত্তি হ’ল- ১৩ লাখ ৫৩ হাজাৰ ৮০০ টকা, পত্নীৰ নামত থকা স্থাৱৰ সম্পত্তিৰ পৰিমাণ হ’ল ১৫ লাখ ৩৫ হাজাৰ ৪০০ টকা। সেইজন পল্লৱ লোচন দাসেই ৫ বছৰ বিহালীৰ বিধায়ক আৰু ৩ বছৰ ৰঙাপৰাৰ বিধায়ক তথা মন্ত্ৰী হৈ এতিয়া স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ গৰাকী হৈ পৰিল ১ কোটি ৪৩ লাখ ৪৫ হাজাৰ ১৩৯ টকাৰ। ভূমিহীন পল্লৱ লোচন এতিয়া হৈ পৰিল ১০৯ বিঘা ১৮ লেচা মাটিৰ গৰাকী। ইফালে, কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে দাখিল কৰা মনোনয়ন পত্ৰত উল্লেখ কৰা অনুসৰি প্ৰাৰ্থী গৰাকীৰ অস্থাৱৰ সা- সম্পত্তিৰ পৰিমাণ ৫৮ লাখ ৬৬ হাজাৰ ৪০৭ টকা আৰু পত্নী পদ্মজা মাদ্দুকুৰীৰ অস্থাৱৰ সা-সম্পত্তিৰ পৰিমাণ ৩ কোটি ১ লাখ ৭৭ হাজাৰ ৯৯১ টকা। মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি প্ৰাৰ্থী গৰাকীৰ স্থাৱৰ সা-সম্পত্তিৰ পৰিমাণ ২৭ লাখ ১৬ হাজাৰ টকা আৰু পত্নীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৪৮ হাজাৰ টকা। শপতনামাত বিৱৰণ দিয়া অনুসৰি প্ৰাৰ্থী গৰাকীৰ লগতে পত্নীৰ নামত বেংকত জমাসহ অন্যান্য উৎসত বিনিয়োগ কৰা টকাৰ পৰিমাণ এনেধৰণৰ অসম সচিবালয়ৰ এছ বি আই বেংকৰ শাখাত ২৪ লাখ ১০ হাজাৰ ৬১ টকা, গণেশগুৰি এইচ ডি এফ চি বেংকত ১ লাখ ৬৯ হাজাৰ ৭৪৪ টকা, এছ বি আই মিউচুয়েল ফাণ্ডত ১০ লাখ টকা, এল আই চিত ১৯৯৭ চনত ৬ লাখ ১৩ হাজাৰ ৬০২ টকা আৰু ২০১৯ চনত ক্ৰয় কৰা মহিন্দ্ৰ কোম্পানীৰ মাৰাজ্জো নামৰ এখন গাড়ী, ৭৫ হাজাৰ টকা মূল্যৰ ৩০ গ্ৰাম ওজনৰ এটা আঙুঠিসহ ভানুৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ মূল্য ৫৮ লাখ ৬৮ হাজাৰ ৪০৭ টকা। একেদৰে পত্নীৰ নামত হায়দৰাবাদৰ শ্ৰীনগৰ কলনীৰ এছ বি আই শাখাত ৩ লাখ ৯০ হাজাৰ ৯৩২ টকা, হায়দৰাবাদৰ বনজাৰা হিল্চত থকা এইচ ডি এফ চি বেংকত ৫৬ হাজাৰ ৪০৮ টকা, হায়দৰাবাদৰ শ্ৰীনগৰ কলনীৰ এক্সিচ বেংকত ১ লাখ ৪ হাজাৰ ৫৭১ টকা আৰু টেৰা ফাৰ্মা প্ৰাইভেট লিমিটেডত ১৪ লাখ টকাৰ চেয়াৰ, জেনেক্স এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেডত ৪ লাখ টকাৰ চেয়াৰ, এইচ ডি এফ চি লাইফ প’লিচী ৭ বছৰৰ বাবে ২০ লাখ ৬৫ হাজাৰ টকা, ৩ লাখ ২৮ হাজাৰ ৯০৮ টকা মূল্যৰ এক কেজি সোণ থকা বুলি শপতনামাত উল্লেখ কৰিছে। মন কৰিবলগীয়া যে, কংগ্ৰেছৰ প্ৰাৰ্থী ভানুৰ অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰী জিলা আৰু তেলেংগানা জিলাৰ এঠাইত উত্তৰাধিকাৰী সূত্ৰে পোৱা পৈত্ৰিক কৃষিভূমিৰ পৰিমাণ- ৬.২৯ একৰ, ২.৩৮ একৰ আৰু তেলেংগানা জিলাৰ আন ঠাইত ২০১০ চনত নিজে কিনা ৫.৪০ একৰ কৃষিভূমি। এই মুঠ কৃষিভূমিৰ বৰ্ত্তমানৰ মূল্য ২ কোটি ৮০ লাখ টকা। অন্যহাতে তেজপুৰত মহাভৈৰৱ মৌজাৰ কলিবাৰীত ১ বিঘা ৩ কঠা ৩ লেচা আৰু ভৈৰৱপদ মৌজাৰ দোলাবাৰীত ৪ কঠা ১১.৫ লেচা অনা কৃষিভূমি আছে। ২০১৪-১৫ ত ক্ৰয় কৰা এই অনা কৃষিভূমিৰ বৰ্ত্তমানৰ বজাৰ মূল্য ক্ৰমে ১২ লাখ আৰু ৬ লাখ টকা। অৱশ্যে ভানুৱে মনোনয়ন পত্ৰৰ দাখিল কৰা শপতনামাত তেওঁতকৈ পত্নীকে অধিক চহকী দেখুৱাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here