Home মুখ্য পৃষ্ঠা কাৰ ইস্তাহাৰৰ মূল ইচ্ছ্যু হ’ব প্ৰদূষণমুক্ত ভাৰত’

কাৰ ইস্তাহাৰৰ মূল ইচ্ছ্যু হ’ব প্ৰদূষণমুক্ত ভাৰত’

74
0

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান পৰ্বলৈ আগত আছে মাথোঁ দুটা সপ্তাহ। দুটা সপ্তাহ মানে ১৪দিন। আগত এইকেইটা দিন থকা অৱস্থাত এতিয়াও নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা নাই ৰাজনৈতিক দলসমূহে। অৱশ্যে পশ্চিমবংগ কেন্দ্ৰীক মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে আজি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। দেশৰ ৰাজনৈতিক দলসমূহৰ ভিতৰত বিজেপি আৰু কংগ্ৰেছেই প্ৰধান। এই প্ৰধান ৰাজনৈতিক দলে নিৰ্বাচনলৈ মাত্ৰ ১৪ দিন বাকী থকা অৱস্থাতো কিয় নিৰ্বাচনী ইস্তাহাৰ অদ্যপি প্ৰকাশ কৰা নাই সেই বিষয়ে জানিব পৰা নাই। ইপিনে বিজেপি আৰু কংগ্ৰেছে পৃথকে পৃথকে ইস্তাহাৰ সমিতি গঠন কৰি দিছে। ইস্তাহাৰত কি লিপিবদ্ধ কৰিব সেই কথাও গঠন কৰি দিছে। ইস্তাহাৰত কি লিপিবদ্ধ কৰিব সেই কথাত বিভিন্ন পক্ষৰ পৰা জ্ঞান আহৰণ কৰিছে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বেই ৰাজনৈতিক দলসমূহে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। শাসনৰ গাডীত অধিষ্ঠিত হ’লে কি কৰিব তাৰে ব্যাখ্যা আগবঢ়াই নিৰ্বাচনী ইস্তাহাৰত লিপিবদ্ধ কৰে। কিন্তু নিৰ্বাচনলৈ ১৪ দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ইস্তাহাৰ প্ৰকাশ কৰিব নোৱাৰা বিষয়টোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে জনসাধাৰণ তথা ভোটাৰৰ বাবে নিৰ্বাচনী ইস্তাহাৰ হ’ল এক গুৰুত্বপূৰ্ণ। ইস্তাহাৰতেই থাকে দলৰ ভৱিষ্যৎ কৰ্মপন্থা। ৰাজনৈতিকনেতাই ভাষণত যিমানেই ফুলজাৰি মাৰক, নিৰ্বাচনী ইস্তাহাৰক বাদ দি কোনেও নিৰ্বাচনী প্ৰচাৰ নচলায়। দেশৰ অৰ্থনীতি, সমাজনীতিৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰা ইস্তাহাৰত থাকে নিবনুৱা, শ্ৰমিক, কৃষকৰ সপোন। নিৰ্বাচনী ইস্তাহাৰত থকা কথাবোৰকে পাঁচ বছৰীয়া কাৰ্যকালত বাস্তৱ ৰূপ দিবলৈ প্ৰয়াস কৰে শাসনাধিষ্ঠিত দলে। ইপিনে নিৰ্বাচনী ইস্তাহাৰত কি আছে সেই বিষয়ে জ্ঞাত হ’ব বিচাৰে সাধাৰণ জনতাৰ লগতে ৰাজনৈতিক বিশ্লেষকসকল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’ব। এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আগতেই দলবোৰে ইস্তাহাৰ মুকলি কৰি দেশবাসীক তাত থকা প্ৰতিটো কথা জনাব লাগে। উল্লেখ্য যে নিৰ্বাচনী ইস্তাহাৰ অদ্যপী প্ৰকাশ নাপালেও কংগ্ৰেছে কৰ্মসংস্থাপনত গুৰুত্ব দিব বুলি জনাইছে। আনহাতে দৰিদ্ৰ লোকৰ একাউণ্টত বছৰি ৭২ হাজাৰ টকা দিব বুলিও জনাইছে। হয়তো কংগ্ৰেছৰনিৰ্বাচনী ইস্তাহাৰত এইবোৰ কথা কংগ্ৰেছ দলে লিপিবদ্ধ কৰিব। কিন্তু বিজেপিৰ ইস্তাহাৰত কি থাকিব পাৰে সেই কথা অদ্যপী জানিব পৰা নাই। উল্লেখ্য যে ২০১৪ চনৰ নিৰ্বাচনত বিজেপিয়ে ইস্তাহাৰত লিপিবদ্ধ কৰিছিল স্মাৰ্ট চিটীৰ কথা। দেশতে এশখন স্মাৰ্ট চিটী নিৰ্মাণ কৰাৰ কথা কৈছিল বিজেপিয়ে। তদুপৰি মধ্য আয়ৰ লোকলৈ গৃহ আদি বিভিন্ন কথা। কিন্তু পূৰ্বৰ চৰকাৰৰ দৰে বিজেপিয়েও নিৰ্বাচনী ইস্তাহাৰত লিপিবদ্ধ থকা কথাবোৰ বাস্তৱায়িক কৰিব নোৱাৰিলে। এইবাৰ বিজেপিয়ে ইস্তাহাৰত ২০১৪ চনৰ কেতবোৰ কথা পুনৰ লিপিবদ্ধ কৰিব বুলিও বিভিন্ন মহলত আলোচনা হৈছে। ইপিনে লোকসভাৰ অন্তিম অধিৱেশনত দাখিল কৰা অন্তৱৰ্তীকালীন বাজেটত বিজেপি অঘোষিত ইস্তাহাৰ আছিল বুলিও দেশজুৰি আলোচনা হয়। কিন্তু ভোটদানৰ পৰ্ব আৰম্ভ হ’বলৈ আগত দুটা সপ্তাহ থকা সময়ত বিজেপি আৰু কংগ্ৰেছ দলে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ নকৰাত বিভিন্ন মহলত আলোচনাৰ বিষয় হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here