Home মুখ্য পৃষ্ঠা পাতিদৰঙত ছয় দিনীয়াকৈ ১১৯ সংখ্যক শ্ৰীশ্ৰীবাসন্তী পূজাৰ প্ৰস্তুতি

পাতিদৰঙত ছয় দিনীয়াকৈ ১১৯ সংখ্যক শ্ৰীশ্ৰীবাসন্তী পূজাৰ প্ৰস্তুতি

72
0

দৈনন্দিন বাৰ্তা লাইভ,দেওমৰনৈ পৰা নিকুঞ্জ কাশ্যপঃ দৰং জিলাৰ দেওমৰনৈৰ পাৰ্শ্বৱৰ্তী পাতিদৰঙত বিগত বছৰ কেইটিৰ দৰে এই বেলিও পাতিদৰং বাসী ৰাইজে আঞ্চলিক ৰাইজৰ সহযোগত ছয় দিনীয়াকৈ উনবিংশতি শতাধিকম (এশ ঊনৈশ) সংখ্যক শ্ৰীশ্ৰীবাসন্তী পূজা ( বসন্ত কালীন শ্ৰীশ্ৰী দুৰ্গোৎসৱ) উদযাপনৰ প্ৰস্তুতি চলিছে। পাতিদৰং গাঁৱত দৰঙী কোচ ৰজাই স্থাপন কৰা ঐতিহ্যপূৰ্ণ শ্ৰীশ্ৰী অৰ্দ্ধনাৰীশ্বৰ শিৱ মন্দিৰত অহা ১০ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ অনুষ্ঠিত পূজাৰ ছয় দিনীয়া বিস্তৃত কাৰ্যসূচী অনুসৰি প্ৰথম দিনাখন পুৱাৰ ভাগত পৰিবেশ নিকাকৰণ, নিত্য পূজা আৰু ভোগঘৰৰ শুভাৰম্ভৰ হোমযজ্ঞ অনুষ্ঠান। ১০.৩০ বজাত শ্ৰীশ্ৰী অৰ্দ্ধনাৰীশ্বৰ শিৱ মন্দিৰৰ নৱ নিৰ্মিত ভোগঘৰৰ শুভাৰম্ভ কৰিব মঙলদৈৰ বিশিষ্ট উদ্যোগপতি মুকুল ডেকাই ,১১ বজাৰ পৰা আয়তীৰ নাম প্ৰদৰ্শন হ’ব ।

এঘাৰ এপ্ৰিলৰ পুৱাৰ ভাগত নিত্য নৈমিত্তিক পূজা অৰ্চনা। ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দীননাথ ডেকাই। সন্ধিয়া ৬ বজাত দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস, নিশা ৯ বজাৰ পৰা ওজাপালি পৰিৱেশন হ’ব । ১২ এপ্ৰিলৰ পুৱা ৬ বজাত প্ৰভাত ফেৰী, ৬.৩০ বজাত পানীতোলা অনুস্থান, ৯ বজাত গছপুলি ৰোপণ কৰিব জ্যেষ্ঠ নাগৰিক আনন্দি ৰাম ডেকা, দেবেন্দ্ৰ নাথ শৰ্মা, দীনেশ্বৰ ডেকা আৰু দণ্ডী কলিতাই , ১০.৩০ বজাৰ পৰা দেৱীৰ নামত বিভিন্ন সামগ্ৰী উচৰ্গা আৰু কুমাৰীৰ ভোজন।

১১.৩০ বজাত আয়তীৰ নাম প্ৰদৰ্শন, ওজাপালি পৰিৱেশন আৰু সন্ধিয়া ৬ বজাত প্ৰতিমা স্থাপন । ১৩ এপ্ৰিলৰ পুৱাৰ ভাগত নিত্য নৈমিত্তিক পূজা অৰ্চনাৰ পিছত দুপৰীয়া ১২ বজাত ধৰ্মালোচনী আৰু সম্বৰ্ধনা সভা সঞ্চালনা কৰিব দেওমৰনৈ ত্ৰিশখন বিচনাযুক্ত সামূহিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া তথা দৰং জিলা কবি সমাজৰ সভাপতি ডাঃ কমলা কান্ত শৰ্মাই। অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে উদ্বোধন কৰিব লগীয়া সভাত পৰিচালনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ ‘বাসন্তী’ উন্মোচন কৰিব ছিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ প্ৰসন্ন কুমাৰ নাথে।

দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি চন্দ্ৰকান্ত শৰ্মা শাস্ত্ৰী মুখ্য আলোচক হিচাপে অংশ গ্ৰহণ কৰিব লগীয়া ধৰ্মালোচনী সভাত আলোচক হিচাপে অংশ গ্ৰহণ কৰিব অসম গণিত শিক্ষায়তনৰ সাধাৰণ সম্পাদক ড০ জ্ঞানজ্যোতি শৰ্মাই। ধৰ্মালোচনী সভাত মঙলদৈস্থ ‘দেৱচন্স নাৰ্চিং হোম’ৰ সঞ্চালক ডা০ অমৰেন্দ্ৰ নাৰায়ণ দেৱ , মঙলদৈ অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডা০ অৰুণ কুমাৰ ডেকা, বিধায়কদ্বয় বিনন্দ কুমাৰ শইকীয়া আৰু গুৰুজ্যোতি দাস আদি বিশিষ্ট লোকসকল উপস্থিত থাকিব।

নিশা ৯ বজাত পাতিদৰং মিলন সেৱক সংস্কৃতি সংঘ/পুথিভঁৰাল আৰু নৱজ্যোতি কলাকৃষ্টি সংঘৰ শিল্পীবৃন্দৰ দ্বাৰা পূৰ্ণাঙ্গ নাট ‘যুদ্ধ’ মঞ্চস্থ কৰা হ’ব। ১৪ এপ্ৰিলৰ দিনৰ ভাগত নিত্য নৈমিত্তিক পূজাৰ কাৰ্যসূচীৰ পিছত আবেলি ২ বজাত শিশুৰ বিচিত্ৰানুস্থান উদ্বোধন কৰিব সাহিত্যিক পেঞ্চনাৰ তথা শিশু মহীয়ান জিতেন ভাগৱতীয়ে। বিয়লি ৪ বজাত ওজাপালি প্ৰদৰ্শন, সন্ধিয়া ৬ বজাত দেৱী প্ৰদক্ষিণ আৰু আৰতি। নিশা ৯ বজাত স্থানীয় সংঘৰ উদ্যোগত বাৰেৰহণীয়া সাংস্কৃতিক অনুস্থান ৰূপায়িত হ’ব । ১৫ এপ্ৰিলৰ পুৱা ৯ বজাত প্ৰতিমা বিসৰ্জনৰে অনুষ্ঠানৰ সামৰণি পৰিব । পূজাৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগ কামনা কৰিছে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক দিব্যজ্যোতি শৰ্মাই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here