Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পুনৰ কৃষক বিদ্ৰোহ, দেশজুৰি আলোড়ন, তেলেংগানাৰ ১৭ আসনত ৪৪৩ প্ৰাৰ্থীৰ ভিতৰত ১৭০...

পুনৰ কৃষক বিদ্ৰোহ, দেশজুৰি আলোড়ন, তেলেংগানাৰ ১৭ আসনত ৪৪৩ প্ৰাৰ্থীৰ ভিতৰত ১৭০ কৃষক

54
0

হায়দৰাবাদ,২৮ মাৰ্চঃ কৃষকৰ এক অভিনৱ কাৰ্যসূচীত হতভম্ব হৈ পৰিছে দেশৰ বিভিন্ন মহল। তেলেংগানা ৰাজ্যৰ নিজামবাদ লোকসভা সমষ্টিত ১৭০ গৰাকী কৃষকে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লোৱা কাৰ্যই দেশত আলোড়নৰ সৃষ্টি কৰিছে। উল্লেখ্য যে এই সমষ্টিটোৰ পৰা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাতৰ কন্যা কে কবিতাই পুনৰ নিৰ্বাচনৰ দাবীত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। নিৰ্বাচনী বিষয়াৰ মতে ৫০৩ খন বৈধ মনোনয়নৰ ভিতৰত ৬০ গৰাকীয়ে প্ৰত্যাহাৰ কৰিছে। ৰাজ্যখনত মুঠ ৪৪৩ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। তাৰে ভিতৰত নিজামবাদত আছে ১৮৫ গৰাকী প্ৰাৰ্থী। উল্লেখ্য যে তেলেংগানাত আছে ১৭ টা সংসদীয় সমষ্টি অহা ১১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব। শাসকীয় তেলেংগানা ৰাষ্ট্ৰীয় সমিতিয়ে হালধী আৰু ৰঙা জোৱাৰৰ প্ৰতি নূন্যতম সমৰ্থনযোগ্য মূল্য নিৰ্ধাৰণ কৰাত ব্যৰ্থ হোৱাৰ প্ৰতিবাদত কৃষকসকলে প্ৰতিবাদী কাৰ্যসূচী হিচাপে এইদৰে মনোনয়ন পত্ৰ দাখিল কৰে। কৃষকসকলে এখন হালধী পৰিষদ গঠনৰো দাবী কৰে। গুৰুত্বপূৰ্ণ যে ৰাজ্যখনত মুঠ ৬৪৮ খন মনোনয়ন পত্ৰ প্ৰদান কৰা হয়। ইয়াৰে ভিতৰত ১৪৫ খন মনোনয়ন পত্ৰ বাতিল কৰে। আনহাতে ৫০৩ খন মনোনয়ন পত্ৰ বৈধৰূপে ঘোষণা হয়। তাৰে ভিতৰত ৪৪৩ গৰাকীয়ে যুঁজ কৰাত নিশ্চিত হৈ পৰিছে। তেলেংগানা নিৰ্বাচন আয়ুক্তই এই কথা প্ৰকাশ কৰিছে। গুৰুত্বপূৰ্ণ যে ৰাজ্যখনত কৃষকসকলে এনেদৰে বিদ্ৰোহ ঘোষণা কৰি দেশত এক নতুন আলোড়নৰ সৃষ্টি কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here