Home মুখ্য পৃষ্ঠা সদৌ অসম লেখিকা সমাৰোহৰ পঞ্চম দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন

সদৌ অসম লেখিকা সমাৰোহৰ পঞ্চম দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন

55
0

দৈনন্দিন বাৰ্তা লাইভ, দিলীপ হাজৰিকা : নাজিৰা : ১ এপ্ৰিল : —  লাকুৱা শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ৩১ মাৰ্চত লাকুৱা সৃজনী প্ৰেক্ষাগৃহত সদৌ অসম লেখিকা সমাৰোহৰ লাকুৱা শাখাৰ পঞ্চম দ্বি বাৰ্ষিক অধিবেশন খনি লাকুৱা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সৰলা গগৈৰ সভাপতিত্বত উলহ মালহেৰে উদযাপিত হৈ যায় । চিৰ চেনেহী মোৰ ভাষা জননী গীতটিৰে শুভাৰম্ভ কৰা সভা খনৰ উদ্দেশ্য ব্যাখা কৰে সম্পাদিকা আঞ্জুমআৰা বেগমে । বন্তি প্ৰজ্বলন কৰে বয়োজ্যেষ্ঠ ব্যক্তি মুহিলা বৰুৱা ৰাজকুঁৱৰীয়ে । মুকলি সভাৰ উদ্বোধনী ভাষণ আগবঢ়াই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী  স্বৰ্ণ বৰুৱা গগৈ ডাঙৰীয়ানীয়ে । শিশুৰ মানসিক বিকাশত লেখিকাৰ ভূমিকা শীৰ্ষক বক্তৃতা প্ৰদান অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য আগবঢ়াই শিশু সাহিত্যিক তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী স্নিগ্ধাৰাণী গগৈয়ে । লাকুৱা শাখা লেখিকা সমাৰোহৰ মুখপত্ৰ “প্ৰেৰণা ” উন্মোচন কৰে সমাৰোহৰ উপ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ ডাঙৰীয়ানীয়ে । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আমগুৰি শাখাৰ উৰ্মিলা দত্ত, লাকুৱা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী দীপ্তি সন্দিকৈ, লাকুৱা শাখা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ বাইলুঙকে আদি কৰি বিশিষ্ট লেখিকা তথা লাকুৱা গাওঁ পঞ্চায়তৰ কাউঞ্চিলাৰ দীপালী গগৈ ৰাজকোঁৱৰ, অনিমা চেতিয়া ৰাজকোঁৱৰ, অনিমা কোঁৱৰ, মীনা কুমাৰী গগৈ আদি । উক্ত সভাতে উদিয়মান কবি পাৰবীন গগৈৰ বিৰচিত কবিতা পুথি “আলসুৱা মনৰ সুবাস ” উন্মোচন কৰা হয় । বিশিষ্ট লেখিকা সৰলা গগৈক কাব্য মালিনী উপাধি প্ৰদান কৰাৰ পাছতে লাকুৱা শিল্পী সমাজে দিহা নাম, টাই আহোম গীত পৰিবেশন কৰে । লাকুৱা লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা আয়োজন কৰা গল্প আৰু কবিতা লিখা প্ৰতিযোগিতাত স্থান লাভ কৰা লেখিকা সকলক বঁটা প্ৰদান অনুষ্ঠানৰ পাছতে অসমৰ জাতীয় সংগীতেৰে সভাৰ কাম সমাপ্ত কৰা হয় ।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here