Home মুখ্য পৃষ্ঠা নাজিৰা মেজেঙ্গা চি আই এছ এফ ইউনিটৰ ভিতৰত নাহৰফুটুকী পিঞ্জীয়াবদ্ধ : বন...

নাজিৰা মেজেঙ্গা চি আই এছ এফ ইউনিটৰ ভিতৰত নাহৰফুটুকী পিঞ্জীয়াবদ্ধ : বন ৰাণীক লৈ প্ৰতক্ৰিয়া

186
0

নাজিৰা মেজেঙ্গা চি আই এছ এফ ইউনিটৰ ভিতৰত নাহৰফুটুকী পিঞ্জীয়াবদ্ধ : বন ৰাণীক লৈ প্ৰতক্ৰিয়া


দৈনন্দিন বাৰ্তাৰ LIVE@(ফাৰহাণ্ লস্কৰ) গেলেকী, ১৮নৱেম্বৰঃ শিৱসাগৰ জিলা বন বিভাগৰ কাৰ্যালয়ৰ অধীনস্ত নাজিৰা মহকুমা সীমান্তৱৰ্তী গেলেকী খণ্ড বন বিষয়া চৈফুটদ্দিন আহমেদৰ প্ৰশংসনীয় পদক্ষেপ । মহকুমা মেজেঙ্গা চি আই এছ এফ ইউনিটৰ ভিতৰুৱা ডাঠ হাবি জংঘল তথা লিগিৰীপুখুৰী বাগিচা অঞ্চলত আজি দীৰ্ঘদিন সময় ধৰি নাহৰফুটুকী আৰু ঢেকীয়াপতীয়া বাঘে সন্ত্ৰাস সৃষ্টি কৰি অহা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে । যাৰ ফলস্বৰূপে ৰাইজৰ পোহনীয়া ঘৰচিয়া প্ৰাণী তথা জীৱ-জন্তু সমূহ ক্ৰমে গৰু, ছাগলী, ম’হ, কুকুৰ ইত্যাদিক বিচৰণ স্থলীৰ পৰাই বাঘে ভক্ষণ কৰাৰ বিপৰীতে নিশা বাতৰুৱা আৰু বাগিচাত পাত তুলি থকা শ্ৰমিকক সদ্যহতে বাঘে আক্ৰমণ চলোৱাৰ অভিযোগ পোৱা যায় । উল্লেখযোগ্য যে মানুহে হাবি-জংঘল ধ্বংস কৰি নিজৰ জীৱিকা হিচাপে খেতি পথাৰ পাতি বাসগৃহ সাজি যোৱাত বনৰ প্ৰাণীৰ বিচৰণ কৰাৰ স্থল নোহোৱা হৈ পৰিছে । যাৰ বাবে খাদ্যৰ সন্ধানত বনৰীয়া প্ৰাণীয়ে বন এৰি জনসমাগমত প্ৰৱেশ কৰি লোকৰ পোহনীয়া জীৱ-জন্তুৰ ওপৰত দিনে নিশাই আক্ৰমণ চলাই গৈছে । যদিও সীমান্তৱৰ্তী গেলেকী খণ্ড বন বিষয়া চৈফুটদ্দিন আহমেদ নেতৃত্বৰ বন বিভাগে মহকুমা উপকণ্ঠ বিভিন্ন প্ৰান্তত পিঞ্জীয়াৰ পাতি বাঘ ধৰি ৰাইজৰ সমাদৰ লভিবলৈ সক্ষম হৈছে । সম সাময়িক ভাৱে নাজিৰা অ’ এন জি চিৰ (অসম সম্পদ)ৰ অধীনস্ত মেজেঙ্গা চি আই এছ এফ ইউনিটৰ ভিতৰত বিভাগটোৰ অধিনায়কৰ অভিযোগ ভিত্তিত বন বিভাগে যোৱা দুদিনৰ আগত পতা এটা পিঞ্জীয়াৰত যোৱা নিশা দহ বজাত এটা প্ৰায় তিনি ফুট দীঘল নাহৰফুটুকী মাইকী বাঘিনী পিঞ্জীয়াবদ্ধ হয় । জানিব পৰা মতে উন্মুক্ত অঞ্চলত আৰু কেইবাটাও বাঘ থকা ৰাইজে প্ৰত্যক্ষ কৰিছে । ফলস্বৰূপে বাঘ চাবৰ বাবে আজি পুৱাৰ পৰা যথেষ্ট লোক আহি মেজেঙ্গা চি আই এছ এফ ইউনিটৰ মুখ্য প্ৰৱেশ দুৱাৰত ভীৰ কৰেহি । গেলেকী খণ্ড বন বিষয়া চৈফুটদ্দিন আহমেদ, বিনণ্ড দাধৰা আজি পুৱতি নিশাই ঘটনাস্থলীত উপস্থিত হৈ এটা কুকুৰ দি পাতি ৰখা পিঞ্জীয়াৰটোৰ পৰা নিৰাপদে নাহৰফুটুকী মাইকী বাঘটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তাৎক্ষণিক ভাৱে মেজেঙ্গা চি আই এছ এফ ইউনিটৰ অধিনায়ক নাগেন বাগলাৰী সহ গৌতম দাসৰ উপস্থিতিত বন বিভাগে চাউনীৰ সুৰক্ষিত এলেকাৰ ভিতৰৰ পৰা বাঘিনী জনী উদ্ধাৰ কৰি বনৰীয়া জন্তুৰ প্ৰতি মানুহৰ থকা ভৱনাৰ বিষয়ে সাংবাদিকক মত ব্যক্ত কৰে । ঘটনা সন্দৰ্ভত নাজিৰা আদৰ্শ আৰক্ষীক খবৰ দিয়া পাছতো আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজে আৰক্ষীৰ ওপৰত নিজৰ ক্ষোভ ব্যক্ত কৰে । পৰৱৰ্তী সময়ত গেলেকী খণ্ড বন বিভাগে শিৱসাগৰ জিলা বন বিষয়াৰ অনুমতি সাপেক্ষে নাহৰফুটুকী বাঘটো চৰাইদেউ জিলা অভয়াপুৰ বনাঞ্চলত বাঘটো মুকলি কৰি দিয়া কথা । যদিও বাতৰি লিখা পৰলৈকে বাঘটো বন বিভাগে মুকলি কৰি দিয়া নাই ।


ফটো:ফাৰহাণ্ লস্কৰ (গেলেকী)

LEAVE A REPLY

Please enter your comment!
Please enter your name here