Home মুখ্য পৃষ্ঠা প্ৰয়াত সুৰেন্দ্ৰ মোহন ৰাজবংশীৰ স্মৃতিচাৰণ সভা

প্ৰয়াত সুৰেন্দ্ৰ মোহন ৰাজবংশীৰ স্মৃতিচাৰণ সভা

166
0

প্ৰয়াত সুৰেন্দ্ৰ মোহন ৰাজবংশীৰ স্মৃতিচাৰণ সভা
*’স্মৃতিৰ জোনাক’ গ্ৰন্থ উন্মোচন

দৈনন্দিন বাৰ্তা LIVE@ ( জোন বৰা )জামুগুৰিহাট , ১৮ নবেম্বৰ : জামুগুৰিহাটৰ নাটকৰ ক্ষেত্ৰখনৰ এগৰাকী বলিষ্ঠ অভিনেতা সমাজপ্ৰিয় সংস্কৃতিবান উদ্যোগী এজন সু চিকিৎসক ৰুপে খ্যাত ফ্ৰাৰ্মাচিষ্ট জামুগুৰিহাটৰ ডেকাসুন্দৰ নিবাসী প্ৰয়াত সুৰেন্দ্ৰ মোহন ৰাজবংশীৰ প্ৰথম মৃত্যু বাৰ্ষিকি অাজি ১৮ নবেম্বৰ তাৰিখে তেখেতৰ বাসগৃহত অনুষ্ঠিত হৈ যায় । প্ৰথম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি পৰিয়াল বৰ্গৰ ফালৰ পৰা তেওঁৰ নিজৰ লেখা সমুহক একত্ৰিত কৰি স্মৃতিৰ জোনাক নামৰ এখন পুস্তিকা উন্মোচন কৰা হয় ।

২০১৬ চনৰ অাজিৰ দিনটোতেই এই জনা মহান অভিনেতাৰ মৃত্যু হৈছিল । প্ৰয়াত সুৰেন্দ্ৰ মোহন ৰাজবংশীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদেশ্যতেই পৰিয়াল বৰ্গ অাৰু তেখেতৰ শুভাকাংক্ষীৰ উদ্যোগত অাজি দিনযোৰা কাৰ্য্যসূচীৰে অনুস্থিত হয় স্মৃতিচাৰন সভা আৰু গ্ৰন্থ উন্মোচনী কাৰ্য্যসূচী । পুৱা ১১:৩০ বজাত বন্তি প্ৰজ্বলনৰে অাৰম্ভ হোৱা স্মৃতি চাৰন সভাত বন্তি প্ৰজ্বলন কৰে অাসাম টৰ্কছৰ বৈদুতিন মাধ্যমৰ পৰিচালন সঞ্চালক বেদব্ৰত বৰা আৰু বিশিষ্ট সাহিত্যিক কৃতি শিক্ষক মহেশ্বৰ বৰাদেৱে । স্থানীয় সংবাদ সেৱী তথা উদীয়মান লেখক মিংকু কলিতাই অাঁত ধৰা এই সভাখন পৰিচালনা কৰে বিশিষ্ট শিক্ষক জনাৰ্দ্দন ভূঞাঁই । ইয়াৰ পাছত প্ৰয়াত সুৰেন্দ্ৰ মোহন ৰাজবংশীৰ কৰ্মময় জীৱনৰ ওপৰত অালোকপাত কৰে ক্ৰমে জামুগুৰিহাটৰ বিশিষ্ট শিক্ষাবিদ তথা বাৰেচহৰীয়া ভাওনা কমিতিৰ সভাপতি ভবেন বৰা , শিক্ষক তথা সাহিত্যিক মহেশ্বৰ বৰা , বেদব্ৰত বৰা , চক্ৰ পাণি শৰ্ম্মা , দুলু গগৈয়ে। ইয়াৰ পাছত প্ৰয়াত সুৰেন্দ্ৰ মোহন ৰাজবংশীৰ লেখাৰে সমৃদ্ধ স্মৃতিৰ জোনাক নামৰ গ্ৰন্থ খন উন্মোচন কৰে জামুগুৰিহাটৰ বিশিষ্ট কবি সাহিত্যিক দিলিপ কুমাৰ ভট্ৰচাৰ্য্যই । সভাৰ অন্তত পৰিয়ালৰ ফালৰ পৰা প্ৰয়াত ৰাজবংশীৰ জীয়ৰি বৰ্ণালী ৰাজবংশী গগৈয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি এটি কবিতাৰে অনুষ্ঠানটিৰ সামৰণি কৰে । উল্লেখ্য যে এই স্মৃতিৰ জোনাক অাত্মজীৱনী মুলক উপন্যাস খন ৰাজবংশী দেৱৰ জীৱন কালৰ ১১ নবেম্বৰ ২০১৬ চনতে প্ৰথম প্ৰকাশ কৰি মৃত্যুৰ অন্তিম ক্ষণত হাতত তুলি লৈছিল যদিও অাজি তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শুভ উন্মোচন কৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here