Home মুখ্য পৃষ্ঠা উন্নয়নেই ভোটাৰৰ প্ৰথমপছন্দ

উন্নয়নেই ভোটাৰৰ প্ৰথমপছন্দ

69
0

দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানলৈ মাজত মাথোঁ ৮ টা দিন বাকী। ইতিমধ্যে উজনি অসমতো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনকলৈ শাসক-বিৰোধী শিৱিৰৰ পৰা প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। নিৰ্বাচন আয়োগৰ কঠোৰ দৃষ্টিৰ বাবে নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত পূৰ্বৰ দৰে ৰাজনৈতিক দল সমূহে অধিক হৈ চৈ কৰি নিৰ্বাচনী প্ৰচাৰ চলাব পৰা নাই যদিও আভ্যন্তৰীণভাৱে গাঁৱে গাঁৱে কিন্তু নিৰ্বাচনী প্ৰচাৰ জোৰদাৰৰূপত দেখা পোৱা গৈছে। ব্যতিক্ৰমী হোৱা নাই উজনি অসমৰ হাই প্ৰফাইল সমষ্টি হিচাপে পৰিচিত ১২ নং যোৰহাট লোকসভা সমষ্টি। প্ৰথম বাৰৰ বাবে ভোটদান সাব্যস্ত কৰিবলৈ সাজু হোৱা সমষ্টিটোৰ ১৮ৰ পৰা ২১ বছৰৰ নতুন প্ৰজন্মৰ ভোটাৰেই হৈ পৰিছে তপন-সুশান্তৰ দৰে ৰাজনৈতিক নেতাৰ দিল্লী যাত্ৰাৰ মূল চালিকা শক্তি। শিক্ষিত, বৰ্হিজগতৰ সৈতে পৰিচয় থকা, ৰাজনৈতিক চিন্তাধাৰাৰ জ্ঞান থকা এইসকল নতুন ভোটাৰে নিজ বিচাৰ বুদ্ধি আৰু চিন্তাৰে ভোট প্ৰদান কৰাৰ সম্ভাৱনা অধিক। এনে নতুন প্ৰজন্মৰ ভোটাৰ সকলে সাধাৰণতে পৰিয়ালত চলি থকা যিকোনো ৰাজনৈতিক চিন্তাৰ বিৰুদ্ধে থিয় দিয়াৰ সম্ভাৱনাই অধিক। অচিৰেই দেশৰ সৰ্বত্তে চলি থকা পৰিয়ালতন্ত্ৰ ৰাজনীতি সমুলেঞ্চ উৎখাট কৰি নতুন প্ৰজন্মৰ বাবে এক সুৰক্ষিত অসম, নিৰাপদ ভাৰত গঢ়াৰ সপোন দেখা নতুন প্ৰজন্মৰ ডেৰ লাখ ভোটাৰৰ হাতৰ মুঠিত এতিয়া বন্দী তপন, সুশান্তৰ দৰে শক্তিশালী ৰাজনৈতিক নেতাৰ পলিটিকেল কেৰিয়াৰ। নিৰ্বাচনী কাৰ্য্যালয়ৰ তৰফৰ পৰা লাভ কৰা শেহতীয়া তথ্যত পোহৰলৈ আহিছে ডেৰ লাখ নতুন প্ৰজন্মৰ ভোটাৰৰ হাতত থকা শক্তিৰ পৰিমাণ। তথ্য অনুযায়ী যোৰহাট লোকসভা সমষ্টিৰ ১১ এপ্ৰিল তাৰিখে অনুস্থিত হবলগীয়া লোকসভা নিৰ্বাচনত মুঠ ৮ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ইতিমধ্যে সমষ্টিটোত প্ৰাৰ্থীত্ব আগবঢ়াইছে কংগ্ৰেছ দলৰ সুশান্ত বৰগোঁহাই, বিজেপি দলৰ তপন কুমাৰ গগৈ, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ কনক গগৈ, ভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰিবূলয়া গগৈ, নেচনেল পিপুলছ পাৰ্টিৰ কমলা ৰাজকোঁৱৰ, অ’ল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ ৰাজকুমাৰ দুৱৰা, আৰু দুই নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে অৰ্বীণ কুমাৰ বৰুৱা আৰু নন্দিতা নাগ। এই সমূহ প্ৰাৰ্থীৰ ভৱিষ্যত নিদ্ধাৰণ কৰিব সমষ্টিটোৰ অন্তৰ্গত প্ৰায় ১৩ লাখ ৪৩ হাজাৰ ৮৭৫ গৰাকী ভোটাৰে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ তুলনাত এইবাৰ ভোটাৰৰ সংখ্যা প্ৰায় ডেৰ লাখতকৈ অধিক বৃদ্ধি পাইছে। বিগত লোকসভা নিৰ্বাচনত ভোটাৰৰ সংখ্যা আছিল ১১,৮৯,৪৮৬ গৰাকী। বৃদ্ধি পোৱা এই সমূহ ভোটাৰে প্ৰথম বাৰৰ বাবে লোকসভা নিৰ্বাচনত ভোটদান কৰিব। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহ বিধান সভা সমষ্টি ক্ৰমে যোৰহাট, তিতাবৰ, মৰিয়নি, টিয়ক, আমগুৰি, নাজিৰা, মাহমৰা, সোণাৰি, থাওৰা আৰু শিৱসাগৰ সমষ্টিত নতুন ভোটাৰৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰে গৰিষ্ঠ সংখ্যক ভোটাৰ ১৮ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সৰ ভিতৰত। এনে প্ৰেক্ষাপটত প্ৰায় ডেৰ লাখ নতুন ভোটাৰে যোৰহাট লোকসভা সমষ্টিত মূল প্ৰতিদ্বন্দি প্ৰাৰ্থীৰ যিকোনো এজনৰ ভৱিষ্যত নিদ্ধাৰণ কৰিব পাৰে। ১৯৮৫ চনৰ পৰা ২০১৪ চনলৈ যদি যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফল বিচাৰ কৰি চোৱা যায় তেন্তে দেখা পোৱা যায় যে মাত্ৰ এবাৰ বিজয় কৃষ্ণ সন্দিকৈৰ বাদে কোনো এজন বিজয়ী প্ৰাৰ্থীয়ে ডেৰ লাখ ভোটৰ ব্যৱধানত জয় হ’ব পৰা নাছিল। ১৯৯৮ চনত কংগ্ৰেছ প্ৰাৰ্থী বিজয় কৃষ্ণ সন্দিকৈয়ে তেওঁৰ নিকট প্ৰতিদ্বন্দি দেৱ কুমাৰ বৰাক ১,৬২,০১৯ টা ভোটত পৰাস্ত কৰিছিল। সেইদৰে ১৯৮৫ চনত অগপ প্ৰাৰ্থী পৰাগধৰ চলিহাই সেই সময়ৰ কংগ্ৰেছ প্ৰাৰ্থী বিজয় কৃষ্ণ সন্দিকৈক ৯৮,৭৫৩ টা ভোটত পৰাজিত কৰিছিল। আনহাতে বিগত লোকসভা নিৰ্বাচনত বিজেপি দলৰ ছুনামি চলি থকাৰ সময়তো বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাই কংগ্ৰেছ প্ৰাৰ্থী বিজয় কৃষ্ণ সন্দিকৈক ১,০২,৪২০ টা ভোটতহে পৰাজিত কৰিবলৈ সক্ষম হৈছিল। এনে তথ্যৰ আধাৰত এটা কথা স্পষ্ট হৈ পৰিছে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰথম বাৰৰ বাবে ভোটদানৰ অধিকাৰ পোৱা প্ৰায় ডেৰ লাখ ভোটাৰে যিকোনো প্ৰাৰ্থীৰ ভৱিষ্যত সলনি কৰিব পাৰে। আগন্তুক লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট বিধান সভা সমষ্টিত বিগত লোকসভা নিৰ্বাচনৰ তুলনাত ১৯,৮৭৪ টা ভোট বৃদ্ধি পাইছে। সেইদৰে তিতাবৰ বিধান সভা সমষ্টিত ১৮,৪৩৪ টা ভোট, মৰিয়নি বিধান সভা সমষ্টিত ১২,৪৭৯ টা ভোট, টিয়ক বিধান সভা সমষ্টিত ১৪,৪৮৩ টা ভোট, আমগুৰি বিধান সভা সমষ্টিত ১২,৮৮৬ টা ভোট, নাজিৰা বিধান সভা সমষ্টিত ১১,১২৮ টা ভোট, মাহমৰা বিধান সভা সমষ্টিত ১৩,৫২৭ টা ভোট, সোণাৰি বিধান সভা সমষ্টিত ২১,০১০ টা ভোট, থাওৰা বিধান সভা সমষ্টিত ১৯,১০৯ টা ভোট, আৰু শিৱসাগৰ বিধান সভা সমষ্টিত ১৬,১১৮ টা ভোট বৃদ্ধি পাইছে। যোৰহাট লোকসভা সমষ্টিৰ এই ১০ বিধান সভা সমষ্টিত মুঠ ১,৫৯,০৪৮ টা ভোট বৃদ্ধি পোৱা দেখা গৈছে। ইয়াৰ সৰহ সংখ্যক ভোটাৰ নতুন প্ৰজন্মৰ ভোটাৰ যি সকলে প্ৰথম বাৰৰ বাবে লোকসভা নিৰ্বাচনত ভোটদান কৰিব। আনহাতে ২০১৬ চনৰ অসম বিধান সভা নিৰ্বাচনক তুলনাত এইবাৰ যোৰহাট লোকসভা সমষ্টিত ভোটাৰ বৃদ্ধি পাইছে প্ৰায় ৮৩,৭৮৩ গৰাকী। এই সমূহ ভোটাৰে প্ৰথম বাৰৰ বাবে যিকোনো নিৰ্বাচনত ভোট প্ৰদান কৰিব। এই বৃহৎ সংখ্যক নতুন ভোটাৰ হয়তু মূল প্ৰতিদ্বন্দি প্ৰাৰ্থীৰ যিকোনো এজনৰ বিজয়ৰ কাৰণ হৈ পৰিব পাৰে। সাধাৰণতে যোৰহাট লোকসভা সমষ্টিত ভোটাধিকাৰ থকা প্ৰায় সমান সংখ্যক আহোম আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰি অহা বুলি এক ধাৰণা কৰি অহা হৈছে। এনে অৱস্থাত প্ৰায় চাৰি লাখৰো অধিক আহোম ভোটাৰৰ উলম্ব বিভাজন ঘটিলে তথা কংগ্ৰেছ আৰু বিজেপি দুয়ো দলৰে সমানে প্ৰভাৱ থকা চাহ জনগোষ্ঠীয় ভোটাৰৰ বিভাজন হলে এই নতুন প্ৰায় ডেৰ লাখ ভোটাৰে দুয়োজনৰে ভিতৰত কোনো এজনৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে। তেনেস্থলত ডেৰলাখ নতুন প্ৰজন্মৰ ভোটাৰৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰি হৃদয় জিনিব পাৰিলেহে দখল কৰিব পাৰিব যোৰহাট লোকসভা সমষ্টি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here