Home মুখ্য পৃষ্ঠা মৰাণ ছেন্ট যোছেফ ইংলিজ হাইস্কুলৰ ছাত্ৰী অৰ্চিতা দুৱৰাৰ নৱম স্থানেৰে মৰাণলৈ গৌৰৱ

মৰাণ ছেন্ট যোছেফ ইংলিজ হাইস্কুলৰ ছাত্ৰী অৰ্চিতা দুৱৰাৰ নৱম স্থানেৰে মৰাণলৈ গৌৰৱ

104
0

দৈনন্দিন বাৰ্তা লাইভ,(কৰুণা ফুকন)মৰাণঃ
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰাইদেউ জিলা মৰাণ ছেন্ট যোছেফ হাইস্কুলৰ ছাত্ৰী অৰ্চিতা দুৱৰাই নৱম স্থান লাভ কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিছ। যোৰহাটৰ স্থায়ীবাসিন্দা তথা মৰাণ জ্যোতিপুৰত ভাৰাতীয়া হিচাপে থকা ব্যৱসায়ী শান্তনু দুৱৰা আৰু মৰাণ ছেন্ট যোছেফ ইংলিজ হাই স্কুলৰ শিক্ষয়িত্ৰী মুনমী দুৱৰাৰ একমাত্ৰ কন্যা অৰ্চিতা দুৱৰাই অসমীয়াত ৯৭, ইংৰাজীত ৯৬, গণিতত ১০০,ঐচ্ছিক গণিতত ১০০,বিজ্ঞানত ৯৮ আৰু সমাজ বিজ্ঞানত ৯৪ নম্বৰ লাভ কৰি মুঠ ৫৮৫ নম্বৰে শতকৰা ৯৭.৫%ৰে নৱম স্থান দখল কৰিছে।

ভৱিষ্যতে এজন শিশু বিশেষজ্ঞ সু -চিকিৎসক হোৱা আশা পুহি ৰাখি বৰ্তমান যোৰহাট প্ৰজ্ঞা একাডেমী বিজ্ঞান বিভাগত নাম ভৰ্তি কৰিব অৰ্চিতা দুৱৰাই। দৈনিক ঘৰত পঢ়া সময় বান্ধি লোৱা নাছিল যদিও যি সময়ত পঢ়িছিল মনপুতি-নিয়াৰিকৈ পঢ়িছিল।

তেওঁ সফলতাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ অৰিহনা লগতে টিউচন শিক্ষকৰ আৰু মাক দেউতাকৰো অৰিহনা আছে বুলি কয়। আজি ফলাফল ওলোৱাৰ লগে লগে বিদ্যালয়খনত শিক্ষাৰ্থী আৰু ছাত্ৰ -ছাত্ৰীৰ মাজত এক প্ৰতিকুল বতৰকো নেওঁচি এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here