Home মুখ্য পৃষ্ঠা দিল্লীত কোনে গঠন কৰিব চৰকাৰ ? ফলাফলৰ পিছতে একত্ৰিত হ’ব বিৰোধী

দিল্লীত কোনে গঠন কৰিব চৰকাৰ ? ফলাফলৰ পিছতে একত্ৰিত হ’ব বিৰোধী

111
0

নতুন দিল্লীঃ চলিত লোকসভা নিৰ্বাচনৰ ছটা পৰ্যায়ৰ ভোটগ্ৰহণৰ সমাপ্তিৰ পাছতো দিল্লীত পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত কোনো এটা পক্ষই স্পষ্ট ইংগিত দিব পৰা নাই। অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ১৯ মে’ত অনুষ্ঠিত হ’ব আৰু সেইদিনা আঠখন ৰাজ্যৰ ৫৯ টা সংসদীয় সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিব।

ইয়াৰ পাছত অহা ২৩ মে’ত সমগ্ৰ দেশতে ৫৪৩ টা লোকসভা সমষ্টিৰ ভোটগণনা একে সময়তে আৰম্ভ হ’ব। আশা কৰা অনুসৰি সেইদিনা বিয়লিলৈ সম্পূৰ্ণ ফলাফল প্ৰকাশ পাব আৰু দিল্লীত পৰৱৰ্তী চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হ’ব। ইফালে পূৰ্বৰ নিৰ্বাচনত বিজেপি আৰু এনডিএ মৰ্চাই বৃহৎ সফলতা লাভ কৰাৰ পিছত এইবাৰ তেওঁলোকেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰি আহিছে।

হলেও বিভিন্ন সময়ত হৈ যোৱা বিধানসভাৰ নিৰ্বাচন, উপ-নিৰ্বাচন আদিত বিজেপি আৰু এনডিএ মৰ্চাৰ ফলাফল সন্তোষজনক নহয়। কেইবাটাও ৰাজনৈতিক দলে এনডিএ মৰ্চা ত্যাগ কৰিছে। সেয়েহে ফলাফলৰ পিছতে কেন্দ্ৰত অবিজেপি চৰকাৰ গঠনৰ বাবে বিৰোধী ৰাজনৈতিক দলবোৰে এখন বৈঠকত মিলত হ’ব। এইক্ষেত্ৰত বিৰোধীক একত্ৰিত কৰিবলৈ উঠিপৰি লাগিছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলেগুদেশম পাৰ্টিৰ মুৰববী চন্দ্ৰবাবু নাইডু। তেওঁৰ সৈতে আছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰববী অৰবিন্দ কেজৰিৱাল, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰববী মমতা বেনাৰ্জী, এনচিপিৰ মুৰববী শাৰদ পাৱাৰ, নেচনেল কনফাৰেন্সৰ মুৰববী ফাৰুক আব্দুল্লা আদি অন্যতম।

এই মৰ্চাত ফলাফলৰ পাছতে উৰিষ্যাৰ মুখ্যমন্ত্ৰী তথা বিজু জনতা দলৰ মুৰববী নবীন পাটনায়কেও যোগদান কৰাৰ সম্ভাৱনা আছে। সমান্তৰালভাৱে এনডিএ মৰ্চাই পৰৱৰ্তী চৰকাৰ গঠন কৰিব নোৱাৰিলে এই মৰ্চাৰ পৰা বহুকেইটা দলে ওলাই অহাৰ সম্ভাৱনাও আছে। একেদৰে ইউপিএ মৰ্চাই কেন্দ্ৰত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰিব নোৱাৰিলেও বিৰোধীৰ উক্ত প্ৰচেষ্টালৈ কংগ্ৰেছকে ধৰি আন আন দলবোৰেও সমৰ্থন আগবঢ়োৱাৰ সম্ভাৱনা আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here