Home মুখ্য পৃষ্ঠা কংগ্ৰেছক ভোট দিবলৈ উচতাইছিল মহন্তই, কাৰ্যনিৰ্বাহক আধাতে এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে, আজি অগপৰ...

কংগ্ৰেছক ভোট দিবলৈ উচতাইছিল মহন্তই, কাৰ্যনিৰ্বাহক আধাতে এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে, আজি অগপৰ সাধাৰণ সভা

70
0

নিৰ্বাচনৰ পিছতো হ’ব লাগিব পৰ্যালোচনা সভাঃ প্ৰফুল্ল কুমাৰ মহন্ত

দৈনন্দিন বাৰ্তা লাইভঃ চলিত লোকসভাৰ নিৰ্বাচনত অগপ আৰু বিজেপিৰ মিত্ৰতাৰ বিৰুদ্ধে থিয় দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজে ভোটদান নকৰাৰ লগতে মিত্ৰতাৰ বিপৰীতে থকা কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিবলৈ উচতনি দিয়াৰ অভিযোগ উঠিছে। দলৰ সিদ্ধান্তৰ বিপৰীতে মহন্তই কংগ্ৰেছক ভোট দিবলৈ প্ৰৰোচিত কৰাৰ বিৰুদ্ধে প্ৰাক্তন মুখ্যমন্ত্ৰীজনক দলৰ পৰা নিলম্বিত কৰাৰ দাবী উঠিছে। উল্লেখ্য যে অগপ আৰু বিজেপিৰ মিত্ৰতাৰ বাবে অগপই তিনিখন আসনত লোকসভাৰ নিৰ্বাচনত নিজা প্ৰাৰ্থী থিয় কৰাইছে।

কিন্তু মহন্তই অসম সংগ্ৰামী মঞ্চৰ লগতে একাংশ তৃণমূলৰ কৰ্মীক উচতনি দি মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু অগপৰ প্ৰাৰ্থীক ভোট নিদিবলৈ উচতনি দিয়াৰ অভিযোগ উঠিছে। আনকি মহন্তই নিজেও ভোটদান নকৰি অগপ-বিজেপিৰ মিত্ৰতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ফলত দলৰ সিদ্ধান্তৰ বিৰুদ্ধে যোৱা মহন্তৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা আৰু দলৰ পৰা নিলম্বন কৰিবলৈ বিভিন্ন পক্ষই দাবী কৰি আহিছে। কালি বিয়লি দলৰ বিধায়িনী কক্ষত অনুষ্ঠিত বৈঠকতো উপস্থিত নাছিল মহন্ত। সেই বৈঠকত মহন্তৰ কাম-কাজ সম্পৰ্কে একাধিক সদস্যই কটু মন্তব্য প্ৰদান কৰাৰ লগতে অনুশাসনমূলক ব্যৱস্থা ল’বলৈ দাবী উঠিছিল। ফলত ভয় খাই মহন্তই আজি কাৰ্যনিৰ্বাহক সভাত ক্ষন্তেক সময়ৰ বাবে উপস্থিত থাকে।

কিন্তু চাহমেলৰ বিৰতিৰ সময়তে সভাকক্ষ তথা দলৰ কাৰ্যালয় ত্যাগ কৰা দেখা যায়। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে দলৰ বিৰুদ্ধে তেওঁ যদি কিবা পদক্ষেপ লৈছিল সেয়া দলৰ মজিয়াত আলোচনা কৰা হ’ব। ইফালে আওঁপকীয়াকৈ দলৰ সভাপতি অতুল বৰাকো সকীয়ালে মহন্তই।

সংবাদ মাধ্যমৰ আগত কয় যে লোকসভা নিৰ্বাচনৰ পৰ্যালোচনা আৰম্ভ হৈছে যদিও নিৰ্বাচনৰ ফলাফলৰ পাছতো এনে পৰ্যালোচনা আকৌ অনুষ্ঠিত হ’ব লাগিব। অৰ্থাৎ আগতীয়াকৈ পৰ্যালোচনা অনুষ্ঠিত কৰি অগপৰ নেতৃত্বই দায় সাৰিব খোজা কাৰ্যক মহন্তই একপ্ৰকাৰ প্ৰত্যাহবান জনোৱা দেখা গ’ল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here