Home মুখ্য পৃষ্ঠা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিৰুদ্ধে প্ৰতিবাদ মাজুলীৰ কৰ্দৈগুৰিবাসীৰ, জিঅ’বেগৰ কাম আধাতে সামৰি পলায়ন

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিৰুদ্ধে প্ৰতিবাদ মাজুলীৰ কৰ্দৈগুৰিবাসীৰ, জিঅ’বেগৰ কাম আধাতে সামৰি পলায়ন

83
0

দৈনন্দিন বাৰ্তা লাইভ, নামনি মাজুলীঃ মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ কামত ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি কে কোম্পানীৰ চৰম হেতালি। মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ এটাৰ পাছত আন এটা কামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। মাজুলীৰ ডবকা চাপৰিৰ গৰুখুঁটিত খালী জিঅ’বেগ সংস্থাপনেৰে খহনীয়া প্ৰতিৰোধৰ নামত যি ব্যাপক দুৰ্নীতি সংঘটিত কৰিছিল টি কে কোম্পানী আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডে এই অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ আজি নামনি মাজুলীৰ কৰ্দৈগুৰি গাঁৱৰ লোকসকলে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

কেন্দ্ৰীয় চৰকাৰে মাজুলীৰ সুৰক্ষাৰ বাবে ২৩৮ কোটি টকাৰ আবণ্টন দিছিল আৰু এই টকাৰে মাজুলীৰ সুৰক্ষাৰ বাবে ব্ৰহ্মপুত্ৰ ব’ডে টি কে কোম্পানীক কামৰ দায়িত্ব দিছিল। টি কে কোম্পানীক ১৮৭ কোটি টকাৰে আৰ চি চি পাৰ্কুপাইন আৰু জিঅ’বেগৰ দ্বাৰা বেংক ৰিভেটমেণ্টৰ কাম লাভ কৰি মাজুলীৰ বিভিন্ন স্থানত কেৱল দুৰ্নীতিৰে কাম কৰাৰ অভিযোগ উঠিছে।

কোম্পানীতোৱে মাজুলীৰ বিভিন্ন স্থানৰ লগতে নামনি মাজুলীৰ কৰ্দৈগুৰি গাঁৱৰ সমীপত থকা খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ কিছু অংশ কাম কৰিছে যদিও সংস্থাপিত জিঅ’বেগৰ মূৰত দিয়া চিলনিৰ সূতাবোৰ অত্যন্ত নিম্ন মানৰ হোৱাৰ বাবে সম্প্ৰতি জিঅ’ বেগৰ চিলনি সূতা এৰাই যোৱাৰ লগে লগে ইয়াৰ ভিতৰত ভৰোৱা বালি পানীত উটি গৈছে।

এই নিম্নমানৰ কাম কৰাৰ পৰিপ্ৰেক্ষিতত কৰ্দৈগুৰিবাসী নৈৰ পাৰলৈ ওলাই আহি কেন্দ্ৰীয় সংস্থা ব্ৰহ্মপুত্ৰ ব’ৰ্ড গ’ বেক, ব্ৰহ্মপুত্ৰ ব’ৰ্ড হায় হায় আদি ধবনি দিয়াৰ লগতে টি কে কোম্পানী হায় হায়, আমাক সুৰক্ষা প্ৰদান কৰক, দোষী বিষয়া-কৰ্মচাৰীক শাস্তি প্ৰদান কৰক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদী ফেনে-ফুটুকাৰে বাঢ়ি অহাৰ ফলত উক্ত অঞ্চলত তীব্ৰ খহনীয়া অব্যাহত আছে। এনেদৰে খহনীয়া চলি থাকিলে সংকতত পৰিব বৃহৎ নামনি অঞ্চলৰ ২০ খনতকৈও অধিক গাঁও। খহনীয়া অব্যাহত থকাৰ পাছতো ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কোনো বিষয়া-কৰ্মচাৰী উক্ত স্থানত উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে।

উক্ত অঞ্চলৰ ৰাইজে খহনীয়া প্ৰতিৰোধৰ শীঘ্ৰে কাম আৰম্ভ কৰিবলৈ দাবী জনোৱাৰ লগতে কাম এৰি পলায়ন কৰা ঠিকাদাৰৰ ওপৰতো ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here