Home মুখ্য পৃষ্ঠা দৰিদ্ৰতাই সাফল্যৰ হেঙাৰ হ’ব নোৱাৰে সেয়াই প্ৰমাণ কৰি দেখুৱালে ধনঞ্জয়ে

দৰিদ্ৰতাই সাফল্যৰ হেঙাৰ হ’ব নোৱাৰে সেয়াই প্ৰমাণ কৰি দেখুৱালে ধনঞ্জয়ে

136
0

ব্যক্তিগত নিৰাপত্তা (ঐচ্ছিক) বিষয়ত লাভ কৰিলে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ

দৈনন্দিন বাৰ্তা লাইভ, ডিৰাক সীমান্তঃ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ অতি পিছপৰা ডিৰাক অঞ্চলৰ ৩ নং সৰুমেছাই (কুৰুকাণি) গাৱঁৰ স্বৰ্গীয় কান্তেশ্বৰ বুঢ়াগোহাঁই আৰু বাসন্তী বুঢ়াগোহাঁইৰ কনিষ্ঠ পুত্ৰ ধনঞ্জয় বুঢ়াগোহাইয়ে ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা নিজৰ প্ৰৱল ইচ্ছা শক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে ষ্টাৰ মাৰ্কসহ চাৰিটা বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হোৱাৰ উপৰিও ব্যক্তিগত নিৰাপত্তা (ঐচ্ছিক) বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে ।

উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই ৰাজ্যৰ চৌদিশে আনন্দত আত্মহাৰা হৈ পৰা দেখা পোৱা গৈছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকল। কিন্তু দিন হাজিৰা কৰি যেনেতেনে পৰিয়ালটো পোহপাল দি থকা ধনঞ্জয়ৰ মাতৃয়ে পিতৃহীন ধনঞ্জয়ৰ পঢ়াক লৈ আনন্দৰ মাজতো কিছু চিন্তিত হৈ পৰিছে । অত্যন্ত পঢ়াৰ হেপাহ থকা ছাত্ৰ গৰাকীয়ে এতিয়া কিছু শংকাত ভূগিছে। কাৰণ সন্মুখত এতিয়া হেঙাৰ হৈ থিয় দিছে দৰিদ্ৰতাই। সেয়েহে ধনঞ্জয়ক এতিয়া প্ৰয়োজন কোনো হৃদয়বানৰ এখনি সহায়ৰ হাত। উল্লেখযোগ্য যে, চৰকাৰৰ উন্নয়নে ঢুকি নোপোৱা বাট-পথৰ জৰাজীৰ্ণ অৱস্থাৰে জৰ্জৰিত অঞ্চলৰ এটি সৰু জুপুৰিত বাস কৰে ধনঞ্জয়ৰ পৰিয়ালে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here