Home অসম গুৱাহাটীত গ্ৰেণেড বিস্ফোৰণঃ আহত ১২, নিয়মীয়া তালাচীৰ মাজতে অঘটনঃ মুখ্যমন্ত্ৰীৰ বাসভৱনত আইন-শৃংখলাৰ...

গুৱাহাটীত গ্ৰেণেড বিস্ফোৰণঃ আহত ১২, নিয়মীয়া তালাচীৰ মাজতে অঘটনঃ মুখ্যমন্ত্ৰীৰ বাসভৱনত আইন-শৃংখলাৰ জৰুৰী বৈঠক

25
0

দৈনন্দিন বাৰ্তা লাইভঃ কটকটীয়া নিৰাপত্তাৰ মাজতে গুৱাহাটী মহানগৰৰ মাজমজিয়াত আজি সন্ধিয়া গ্ৰেনেড বিস্ফোৰণেৰে ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য মতে, এই ঘটনাত আঠজন লোক জখম হৈছে। আজি বিয়লি চিৰিয়াখানাৰ সমীপৰ অভিজাত ব্যৱসায়ীক প্ৰতিষ্ঠান চেণ্ট্ৰেল ম’লৰ সন্মুখতে পূৰ্বৰ দৰে আজিও অসম আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ তালাচী চলি আছিল। নিয়মীয়া তালাচীৰ সময়তে সন্ধিয়া প্ৰায় ছয় বাজি ত্ৰিশ মিনিটত তালাচী কৰ্ত্তব্যত নিয়োজিত চিআৰপিএফ জোৱানলৈ লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপিত হয়।

লগে লগে বিস্ফোৰণ হোৱা গ্ৰেনেডটোৰ আঘাটত আঠজন লোক জখম হয় আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, এখন টাটা ছাফাৰীত অহা আৰোহীয়ে গ্ৰেনেডটো চিআৰপিএফক লক্ষ্য কৰি দলিয়াই থৈ গৈছিল। ইফালে গ্ৰেনেড বিস্ফোৰণৰ ক্ষন্তেক পিছতে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। ৰাজ্যৰ গৃহ বিভাগেও এই বিস্ফোৰণৰ আঁৰত আলফাৰ কৰ্মকৰ্তা জড়িত থকাৰ সন্দেহ কৰিছে। ইফালে মুখ্যমন্ত্ৰীৰ বাসভৱনত আজি গুৱাহাটী মহানগৰৰ নিৰাপত্তাৰ বিষয়ত এক পৰ্যালোচনা সভা অনুষ্ঠিত হৈছিল।

মুখ্যমন্ত্ৰীয়ে মহানগৰৰ আয়ুক্ত অধীনৰ প্ৰতিখন আৰক্ষী জিলাত অপৰাধজনিত কাৰ্যকলাপ প্ৰতিহত কৰাৰ বাবে সুকীয়া সুকীয়া কৌশল অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। নৈশ নিৰাপত্তা ব্যৱস্থা শক্তিশালী ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত মুখ্যমন্ত্ৰী নিৰাপত্তা উপদেষ্টাৰ লগতে ডিজিপি কুলধৰ শইকীয়া অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ, গুৱাহাটী পূব-পশ্চিম আৰু মধ্য আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্তসকল উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here