Home মুখ্য পৃষ্ঠা তেজপুৰ লোকসভা সমষ্টিত বিজেপি দলে বিছাৰিলে মন্ত্ৰী পল্লৱ লোচন দাসে প্ৰতিদন্দিতা কৰিবলৈ...

তেজপুৰ লোকসভা সমষ্টিত বিজেপি দলে বিছাৰিলে মন্ত্ৰী পল্লৱ লোচন দাসে প্ৰতিদন্দিতা কৰিবলৈ সাজু

28
0

নিজা সংবাদদাতা, ৰঙাপৰা,১৭ মাৰ্চ: শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অন্তৰ্গত নাহৰনী চাহ বাগিচাত অনুষ্ঠিত শিৰিষ মহোৎসৱত অংশগ্ৰহণ কৰি সাংবাদিকৰ এক আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী পল্লৱ লোচন দাসক সুধা এক প্ৰশ্নত হেমন্ত বিশ্ব শৰ্মাই যদি তেজপুৰৰ পৰা প্ৰতিদন্দিতা নকৰে তেন্তে আপুনি সাজুনে উত্তৰত তেখেতে দলে বিচাৰিলে প্ৰতিদন্দিতা কৰিবলৈ সাজু বুলি কয়।

দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে নাহৰনী চাহ বাগিচাত অনুষ্ঠিত ৫ ম বাৰ্ষিক শিৰিষ মহোৎসৱত অসম চৰকাৰৰ শ্ৰম আৰু শ্ৰমিক কল্যাণ মন্ত্ৰী পল্লৱ লোচন দাসৰ লগতে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য আয়ুক্ত এম জি কে ভানু, নাহৰনী চাহ বাগিচাৰ পৰিচালক মিত্ৰভানু দাস ও বহু গন্য মান্য ব্যাক্তি উপস্থিত থাকে।

সভাত অংশগ্ৰহণ কৰি চাহ জনগোষ্ঠীৰ কলা সংস্কৃতিক আগবঢ়াই নিবলৈ শিৰিষ মহোৎসৱৰ বিষয়ত আলোকপাত কৰে।সভাত বিশিষ্ট শিল্পী শিৱচৰন দাসক শিৰিষ সাংস্কৃতিক বটা আৰু বিশিষ্ট সাহিত্যিক বিপিন চন্দ্ৰ মাহাতোক শিৰিষ সাহিত্য বটা প্ৰদান কৰা হয়।

সভাত অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য আয়ুক্ত এম জি কে ভানুৱে শিৰিষ নামৰ স্মৰনীকা উন্মোচন কৰে।সভাত নিজৰ বক্তব্যত মন্ত্ৰী পল্লৱ লোচন দাসে সমাজ ব্যৱস্থাক সুৰাৰ প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ শিৰিষৰ দৰে মহোৎসৱৰ অৱদান উল্লেখনীয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here