Home মুখ্য পৃষ্ঠা ন-আভাৰে প্ৰৱেশিকাত উদ্ভাসিত ন-মেধাৱী,প্ৰথম ১০টা স্থানত ৩৯ ছাত্ৰ-ছাত্ৰী, হাই মাদ্ৰাছাৰ শীৰ্ষত ৩ঃ...

ন-আভাৰে প্ৰৱেশিকাত উদ্ভাসিত ন-মেধাৱী,প্ৰথম ১০টা স্থানত ৩৯ ছাত্ৰ-ছাত্ৰী, হাই মাদ্ৰাছাৰ শীৰ্ষত ৩ঃ ছাত্ৰীৰ তুলনাত ছাত্ৰৰ ফলাফল উন্নত, শীৰ্ষত মেট্ৰিকত লখিমপুৰৰ মেঘাশ্ৰী বৰা আৰু মাদ্ৰাছাত গোৱালপাৰাৰ ছেলিম আহমেদ

33
0

দৈনন্দিন বাৰ্তালাইভঃ আজি ঘোষিত ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰে লখিমপুৰৰ মেঘাশ্ৰী বৰাই। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী মেঘাশ্ৰীয়ে মুঠ ৫৯৪ নম্বৰ লাভ কৰে। উল্লেখ্য যে শীৰ্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ কৰে মুঠ ৩৯গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ উত্তীৰ্ণৰ হাৰ ৬০.২৩ শতাংশ। আনহাতে বিগত বছৰত ৫৬.০৪ শতাংশতকৈ এইবাৰ ফলাফল উন্নত। গুৰুত্বপূৰ্ণ যে বিগত বছৰৰ দৰে এইবাৰো ছাত্ৰীতকৈ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ অধিক। এইবাৰ ঘোষিত ফলাফল অনুসৰি ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬২.৬৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৭.৯৯ শতাংশ। আনহাতে এইবাৰৰ চূড়ান্ত পৰীক্ষাত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩,৪২,৬৯১গৰাকী।

Nikita kalita secured 7th Position in the HSLC exam 2019 of Nalbari 

৩৯৬ গৰাকী পৰীক্ষাৰ্থীক অসৎ উপায় অৱলম্বন কৰাৰ বাবে বহিষ্কাৰ কৰা হৈছে। তদুপৰি দহ গৰাকী পৰীক্ষাৰ্থীৰ ফলাফল বিভিন্ন কাৰণত বন্ধ কৰি ৰখা হৈছে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ উত্তীৰ্ণৰ সংখ্যা হ’ল ২,০২,৫০৮ গৰাকী ছাত্ৰ-ছাত্ৰী¸। উল্লেখ্য যে ৰাজ্যখনত এইবাৰ প্ৰথম দহটা স্থানৰ ভিতৰত বৰপেটা জিলাৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইপিনে পৰীক্ষাৰ ফলাফল অনুসৰি সৰ্বাধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ ৰাজ্যৰ ভিতৰত শীৰ্ষত থাকে ধেমাজি জিলা। ইয়াৰ বিপৰীতে সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হ’ল হাইলাকান্দি জিলাৰ। আনহাতে গুৱাহাটীৰ ছেইণ্ট মেৰিজৰ ৩গৰাকী আৰু অসম জাতীয় বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ বাদে গুৱাহাটী মহানগৰীৰ বিদ্যালয়বোৰৰ ভিতৰত আন কোনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল। ইপিনে শীৰ্ষস্থান লাভ কৰা জিলােবাৰৰ ভিতৰত নগাওঁ জিলাৰ সৰ্বাধিক ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষস্থানকেইটাৰ ভিতৰত থাকিবলৈ সক্ষম হয়। তদুপৰি ৫গৰাকী ছাত্ৰ-ছাত্ৰীৰে দ্বিতীয় স্থানত থাকে কামৰূপ গ্ৰাম্য জিলা। লখিমপুৰ, বৰপেটা আৰু গুৱাহাটী মহানগৰ জিলাৰ প্ৰত্যেকৰে ৪গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰে। ৩ গৰাকীয়ে স্থান লাভ কৰে নলবাৰী জিলাৰ। মন কৰিবলগীয়া যে এইবাৰ হাই¦³¨ল শিক্ষান্ত পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ প্ৰদৰ্শন পুতৌজনক। লক্ষণীয় যে সফলতাৰ হাৰ চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ উন্নত। একেদৰে নগৰ-মহানগৰতকৈ মফচলীয় অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে অধিক সু-ফল প্ৰদৰ্শন কৰাটো গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।

হাই মাদ্ৰাছাৰ উত্তীৰ্ণৰ হাৰ ৫৮.১৮ শতাংশ
আজি ঘোষিত হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল অনুসৰি উত্তীৰ্ণৰ হাৰ হ’ল ৫৮.১৮ শতাংশ। এইবাৰ হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৯১২৭গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে ভিতৰত উত্তীৰ্ণ হয় ৫৩১০গৰাকী ছাত্ৰ-ছাত্ৰী। হাই মাদ্ৰাছা পৰীক্ষাত গোৱালপাৰাৰ ছেলিম আহমেদে ৫৬১ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰে। ছাত্ৰৰ হাৰ ছাত্ৰীৰ হাৰতকৈ সামান্য বেছি। উল্লেখ্য যে হাই মাদ্ৰাছা পৰীক্ষাত ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ তুলনামূলকভাৱে কম। ইয়াৰে ভিতৰত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬০.৮০ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৬.৪১শতাংশ।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here