Home মুখ্য পৃষ্ঠা ২৩ মে’ত অ-বিজেপি দলৰে ছোনিয়াই মাতিলে সভালৈ, ১৯মে’ত শেষ হ’ব সাধাৰণ নিৰ্বাচনৰ...

২৩ মে’ত অ-বিজেপি দলৰে ছোনিয়াই মাতিলে সভালৈ, ১৯মে’ত শেষ হ’ব সাধাৰণ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াঃ ২৩ মে’ত হ’ব জনতাই দান কৰা মতৰ হিচাবঃ দিল্লীত চৰকাৰ গঠনৰ বাবে তৎপৰ ছোনিয়া গান্ধী

67
0

এইবাৰ বিৰোধী নহয়, কৰিম শাসন, ধৰিম বাঘজৰী, মিলিমেলি সকলোৱে আগবাঢ়ি হাঁহিম

নতুন দিল্লীঃ শাৰীৰিক অসুস্থৰাৰ বাবে দলৰ দায়িত্ব এৰিলেও ইউপিএৰ অধ্যক্ষ হৈ থকা ছোনিয়া গান্ধী পুনৰবাৰ তৎপৰ হৈ পৰিছে দিল্লীত অ-বিজেপি দলৰ চৰকাৰ গঠনৰ বাবে। বিভিন্ন সংস্থাৰ অধ্যয়ণত প্ৰকাশিত তথ্য অনুসৰি বিজেপি তথা এনডিএ মৰ্চাই দিল্লীত একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে।

ফলত এনডিএৰ বাহিৰত থকা আৰু বিজেপিৰ সৈতে সংগ নথকা দেশৰ প্ৰায় সকলোবোৰ ৰাজনৈতিক দলকে অহা ২৩ মে’ত দিল্লীৰ এখন বিশেষ বৈঠকলৈ আমন্ত্ৰণ জনাইছে ছোনিয়া গান্ধীয়ে। অ-বিজেপি তথা এনডিএ মৰ্চা বিৰোধী দলবোৰক সেইদিনাৰ বৈঠকত অংশগ্ৰহণৰ বাবে সৈমান কৰাবলৈ ছোনিয়া গান্ধীয়ে দায়িত্ব অৰ্পণ কৰিছে চাৰিজন জ্যেষ্ঠ নেতা ক্ৰমে- আহমেদ পেটেল, পি চিদাম্বৰম, গোলাম নবি আজাদ আৰু অশোক গেহলটক।

তেওঁলোকৰ উপৰিও ছোনিয়া গান্ধীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ জৰিয়তেও অন্য একাংশ ৰাজনৈতিক দলৰ নেতৃত্বৰ সৈতে যোগাযোগ স্থাপন কৰা বুলি প্ৰকাশ। উল্লেখ্য যে ছোনিয়া গান্ধীৰ ইংগিত অনুসৰি এনডিএ আৰু ইউপিএ মৰ্চাত নাথাকিলেও এনচিপিৰ মুৰববী শাৰদ পাৱাৰ, ডিএমকেৰ মুৰববী এম কে ষ্টেলিন, আৰ জে ডিৰ মুৰববী আৰু তৃণমূল কংগ্ৰেছৰ মুৰববী মমতা বেনাৰ্জীকো উক্ত বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে।

ইফালে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়া বিজয়নক সাক্ষাৎ কৰাৰ পিছতে তেলেংগানাৰ টিআৰএছ দলৰ মুৰববী কে চন্দ্ৰশেখৰ ৰাওৰ কংগ্ৰেছৰ প্ৰতি নৰম স্থিতি প্ৰকাশ পাইছে আৰু তেওঁৰ লগতে¸ অন্ধ্ৰপ্ৰদেশৰ ৱাইএছআৰ কংগ্ৰেছৰ মুৰববী জগমোহন ৰেড্ডীকো এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে।

ইফালে গোলাম নবী আজাদে প্ৰকাশ কৰিছে যে পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ পদৰ বাবে কংগ্ৰেছ দল ললায়িত নহয়। মুঠতে কেন্দ্ৰত এখন অ-বিজেপি চৰকাৰ গঠন কৰাটোহে তেওঁলোকৰ লক্ষ্য। এনেকৈয়ে দেশৰ সকলো সৰু-বৰ ৰাজনৈতিক দলৰ মুৰববীক অহা ২৩ মে’ৰ বৈঠকলৈ আহবান কৰি ছোনিয়া গান্ধীয়ে দেখুওৱা তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here