Home মুখ্য পৃষ্ঠা বোমা বিস্ফোৰণৰ তদন্তত নামিল এনআই,এগৰাকী মহিলাক সন্দেহবশতঃ আটক

বোমা বিস্ফোৰণৰ তদন্তত নামিল এনআই,এগৰাকী মহিলাক সন্দেহবশতঃ আটক

53
0

দৈনন্দিন বাৰ্তা লাইভঃ কটকটীয়া নিৰাপত্তাৰ মাজত গুৱাহাটী মহানগৰীৰ ছিৰিয়াখানাৰ সমীপত কালি সন্ধিয়া হঠাতে সংঘটিত গ্ৰেণেড আক্ৰমণৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী প্ৰতিষ্ঠান চমুকৈ এনআইএয়ে চমজি লৈছে। ইফালে তদন্ত আৰম্ভ কৰিয়েই আজি জাহ্নৱী শইকীয়া নামৰ এগৰাকী মহিলাক আটক কৰাৰ লগতে এখন বাহন জব্দ কৰিছে। প্ৰাপ্ত তথ্য মতে, জাহ্নৱী শইকীয়াৰ মোবাইলৰ কললিষ্টত কেতবোৰ আপত্তিজনক তথ্য উদ্ধাৰ হৈছে। বিস্ফোৰণৰ পূৰ্বে এজন লোকলৈ বাৰে বাৰে ফোন কৰিছিল।

video Courtesy@Gplus

উক্ত ফোনৰ তথ্যৰ ভিত্তিতে জাহ্নৱী শইকীয়াক জেৰা কৰা হৈছে। ইফালে পাঞ্জাবাৰীৰ নামঘৰ পথত ভাৰাতীয়া হিচাপে থকা এটা ঘৰত তালাচী চলাই আৰক্ষীয়ে ৯ এম এম পিষ্টলসহ ২৫ জাঁই গুলী আৰু বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে।

জাহ্নৱী শইকীয়াই দহ দিনৰ পূৰ্বে ভাৰালৈ লোৱা ঘৰটোত ৪০ কেজি গ্ৰেণেড তৈয়াৰ কৰা সামগ্ৰী উদ্ধাৰ কৰা বুলি প্ৰকাশ। শিৱসাগৰ জিলাৰ আমোলাপতিৰ বাসিন্দা জাহ্নৱীৰ ভাৰাঘৰটোলৈ শান্তি আলোচনাৰ নেতা প্ৰাণময় ৰাজগুৰু সঘনে আহি থকাৰ তথ্য উদ্ধাৰ হৈছে। ইফালে অভিযানস্থলীত এ এছ ০১ ডি কিউ ৪৪২০ নম্বৰৰ এখন মটৰচাইকেল উদ্ধাৰ কৰিছে আৰু এইখন বাহনৰ জৰিয়তেই দুষ্কৃতিকাৰীয়ে গ্ৰেণেড নিক্ষেপ কৰা বুলি সন্দেহ হৈছে।

ইফালে উক্ত ঘটনাত প্ৰকৃততে আলফা স্বাধীন জড়িত হয়নে নহয়, আলফাৰ নামত কোনোবা আলোচনাপন্থীয়ে বিস্ফোৰণ সংঘটিত কৰিছে নেকি, ধনদাবীৰ উদ্দেশ্যৰে ভয় খুৱাবৰ বাবে এই বিস্ফোৰণৰ উদ্দেশ্য নেকি, ইত্যাদি বিষয়বোৰ অনুসন্ধানত পোহৰলৈ অহাটো নিশ্চিত।

উল্লেখ্য যে কালি সন্ধিয়া হোৱা বিস্ফোৰণৰ ফলত ১১ জন লোক আহত হৈছে আৰু ইয়াৰে এজন ছাত্ৰই চকু আৰু পেটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বুলি প্ৰকাশ। চৰকাৰৰ তৰফৰ পৰা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই বিস্ফোৰণত আহতসকলক ৫০ হেজাৰ টকাকৈ চিকিৎসাৰ সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here