Home মুখ্য পৃষ্ঠা গুৱাহাটী বিস্ফোৰণ কাণ্ডৰে জড়িত দুই অভিযুক্তক আদালতত হাজিৰ, গুৱাহাটী বিস্ফোৰণত শিৱসাগৰৰ দুই...

গুৱাহাটী বিস্ফোৰণ কাণ্ডৰে জড়িত দুই অভিযুক্তক আদালতত হাজিৰ, গুৱাহাটী বিস্ফোৰণত শিৱসাগৰৰ দুই অভিযুক্ত,প্ৰাণময় ৰাজগুৰুৰ উচিত শাস্তিৰৰ দাবী পত্নীৰ

57
0
Pro-talk ULFA leader Pranamoy Rajguru and Jahnabi Saikia produce CJM court in Guwahati

দৈনন্দিন বাৰ্তা লাইভ,শিৱসাগৰঃ যোৱা বুধবাৰে গুৱাহাটী মহানগৰীত সংঘটিত বিস্ফোৰণক কেন্দ্ৰ কৰি কম্পিত ৰাজ্য চৰকাৰে ইতিমধ্যে বিস্ফোৰণৰ আঁৰত জড়িত দুই সন্দেহযুক্ত ক্ৰমে প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক গ্ৰেপ্তাৰ কৰিছে। শিৱসাগৰ নগৰৰ আমোলাপট্টিৰ দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগে লগে শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নবৈব দশকৰ আগত আলফাৰ সৈতে জড়িত, যুদ্ধবিৰতি গোটত অৰ্ন্তভূক্ত হৈ কাকপথাৰ ডেজিগনেটেট শিৱিৰৰ সদস্য প্ৰাণময় ৰাজগুৰুৰ পত্নী কৰৱী নাথে ঘটনা সৰ্ম্পকত নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Jahnabi Saikia produce CJM court in Guwahati 

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কৰৱী নাথে সমগ্ৰ বিস্ফোৰণ কাণ্ডক গৰিহনা দি কয় যে, এনে ধৰণৰ কূতাঘাটৰ লগত জড়িত অপৰাধীক আইন ব্যৱস্থাই যি শাস্তি দিয়ে তেওঁ যদি প্ৰকৃততে জড়িত তেন্তে তেনে শাস্তিয়ে প্ৰদান কৰক। কিন্তু আলফাৰ যুদ্ধবিৰতি গোটৰ সৈতে জড়িত তেওঁৰ স্বামী প্ৰাণময় ৰাজগুৰু আলফা স্বাধীন গোটৰ হৈ কূতাঘাটত লিপ্ত হ’ব পাৰে বুলি তেওঁ বিশ্বাস নকৰে।

উল্লেখযোগ্য যে নবৈব দশকৰ আগত আলফা বিদ্ৰোহৰ উকমুকনিৰ সময়ত আলফাৰ সৈতে সক্ৰীয়বাৱে জড়িত থকা প্ৰাণময় ৰাজগুৰু পৰৱৰ্তী সময়ৰ বহুকাল আলফাৰ সৈতে কোনো কাৰণত জড়িত নাছিল। নবৈব দশকৰ শেষৰফালে আলফাৰ হৈ এক প্ৰশিক্ষণ যাত্ৰাত অংশ লোৱাৰ বাবে নিৰ্বাচিত হৈছিল যদিও তেতিয়াৰ আলফাৰ শিৱসাগৰ জিলা সমিতিৰ লগতে শাখা সমিতি সমূহৰ পৰা বিৰোধ হোৱাত তেওঁৰ প্ৰশিক্ষণ যাত্ৰাৰ ইতি পৰে।

পৰৱৰ্তী সময়ত প্ৰাণময় ৰাজগুৰুৱে মুকলিভাৱে আলফাক বিৰোধীতা কৰি শিৱসাগৰ নগৰত আলফাৰ জুমুঠি পৰ্যন্ত দাহ কৰিছিল। আলফাৰ আলোচনা পন্থী গোটে ভুমুকি মৰাৰ লগে লগে প্ৰাণময় ৰাজগুৰু কাকপথাৰ ডেজিগনেটেট কেম্পৰ অন্য এক সদস্য হৈ পৰিল। তেতিয়াৰ পৰা বিপ্লৱী ৰচনাৰে প্ৰাণময় ৰাজগুৰু আলোচনা পন্থী আলফাৰ এক অংশ বুলিয়ে পৰিচয় লাভ কৰি আহিছে।

আনহাতে বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত আন গৰাকী অভিযুক্ত জাহ্নৱী শইকীয়াৰ স্বামী অমৃত শইকীয়াই নিজ প্ৰতিক্ৰিয়া আমাৰ প্ৰতিবেদকৰ আগত প্ৰকাশ কৰিছে। ডাক্টৰ শইকীয়াই বিস্ফোৰণৰ ঘটনাক একেমুখে গৰিহনা দি এনে ঘটনাৰ লগত জড়িত অভিযুক্তৰ উচিত শাস্তি কামনা কৰিছে। তেওঁৰ পত্নী জাহ্নৱী শইকীয়া কিদৰে এনে ঘটনাৰ লগত জড়িত তাকলৈ তেওঁ অজ্ঞতা প্ৰকাশ কৰাৰ লগতে পত্নী জাহ্নৱীৰ লগত বিগত ১১ বছৰে কোনো শাৰিৰীক-মানসিক-পৰিয়ালকেন্দ্ৰীক সৰ্ম্পক নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। আনহাতে ইতিমধ্যে ন্যায়িকভাৱে জাহ্নৱীৰ লগত বিবাহ বিেচ্ছদৰ প্ৰক্ৰিয়া চলি থকা ডাক্টৰ অমৃত শইকীয়াই প্ৰাণময় ৰাজগুৰুৰ সৈতে সৰ্ম্পক ৰক্ষাৰ দিশত জাহ্নৱী শইকীয়াক স্পষ্টভাৱে বাধা দিয়া বুলিও জানিবলৈ দিছে।

Pro-talk ULFA leader Pranamoy Rajguru produce CJM court in Guwahati 

আত্মৰক্ষাৰ বাবে মাৰানাস্ত্ৰ ৰখা আলফাৰ সৈতে জড়িত ব্যক্তিৰ লগত সৰ্ম্পক নাৰাখিবলৈ স্বামী শইকীয়াই জাহ্নৱীক সাৱধানবাণী শুনাইছিল। উল্লেখযোগ্য যে শিৱসাগৰৰ প্ৰতিষ্ঠিত চিকিৎসক প্ৰাক্তন যুটীয়া স্বাস্থ্য সঞ্চালক আনন্দ মোহন দাসৰ জীয়াৰী জাহ্নৱী শইকীয়া সৰুৰে পৰা সাহিত্য আৰু সংস্কৃতিৰ জগতখনৰ সৈতে জড়িত আছিল। কবিতা লিখি ভালপোৱা জাহ্নৱীয়ে অভিনয়ত থকা ৰাফৰ বাবে শেহতীয়াকৈ গুৱাহাটীত বহু কেইখন চলচিত্ৰ আৰু টি ভি চিৰিয়েলত অভিনয় শিল্পীৰূপে কৰ্মৰত আছিল। এনে এগৰাকী সাংস্কৃতিবান মহিলাৰ বিস্ফোৰণৰ দৰে কূতাঘাটত জড়িত হৈ পৰাক লৈ শিৱসাগৰৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শিৱসাগৰৰ সাহিত্য জগতৰ অগ্ৰনী ব্যক্তি পাৰ্থ প্ৰতীম বৰাই জাহ্নৱী শইকীয়া এনে অভিযোগত অভিযুক্ত হোৱাক লৈ আৰ্চয্য প্ৰকাশ কৰি কয় যে, তেওঁ এনে কাম কৰিব বুলি বিশ্বাস নহয়। সংস্কৃতিৰ সৈতে জড়িত প্ৰতিভাৱান মহিলা গৰাকী এনে কাৰ্যত জড়িত হোৱাটো নিশ্চয় কোনো লোকৰ প্ৰৰোচনাৰ ফল। কিন্তু আইন সকলোৰে বাবে সমান। উচিত তদন্তই দোষীক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব।

প্ৰক্তন আলফা অমৃত বল্লভ গোস্বামীক আটক
দৈনন্দিন বাৰ্তা লাইভ, গোলাঘাটঃ গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে যোৱা নিশা অভিযান চলাই গোলাঘাট লক্ষীবাৰী অঞ্চলৰ প্ৰাক্তন আলফা অমৃত বল্লভ গোস্বামীক আটক কৰি গোলাঘাট থানালৈ আনে।

গুৱাহাটীৰ জু-ৰোডত যোৱা ১৫ মে’ৰ সন্ধিয়া হোৱা গ্ৰেণেড বিস্ফোৰণ কাণ্ড সন্দৰ্ভত সোধা-পোচাৰ বাবে তেওঁক আটক কৰা বুলি জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে আজি সাংবাদিকৰ আগত কয়। আৰক্ষী অধীক্ষক গৰাকীয়ে জনাই যে প্ৰাক্তন আলফা অমৃত বল্লভ গোস্বামীয়ে আলফাত থকাকালীন অৱস্থাত ভূটানত প্ৰশিক্ষণ লৈছিল আৰু তেওঁ আলফাৰ এনিগমা গ্ৰু¸পৰ সদস্য আছিল।

তেওঁ বোমা বিশেষজ্ঞ হিচাবে আলফাত জনাজাত আছিল। গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণ ঘটনাৰ সৈতে প্ৰাক্তন আলফা সদস্যগৰাকীৰ কোনোধৰণৰ যোগাযোগ আছে নেকি পৰীক্ষাৰ বাবে তেওঁৰ যোৱা নিশা আটক কৰা হৈছে আৰু সোধ-পোচ অব্যাহত আছে।

অৱশ্যে অভিযানকালত তেওঁৰ গৃহত কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী তথা নথি-পত্ৰ পোৱা হোৱা নাই বুলি উল্লেখ কৰে। আৰক্ষী অধীক্ষক গৰাকীয়ে আৰু জনায় যে, গুৱাহাটীৰ বোমা কাণ্ডত জড়িত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুৰ সৈতে টেলিফোনত যোগাযোগ থকাৰ তথ্য আৰক্ষীৰ হাতত মজুত আছে।

উল্লেখযোগ্য যে অমৃত বল্লভ গোস্বামীয়ে ২০০৪ চনত গোলাঘাট জিলাৰ তদানীন্তন উপায়ুক্ত দীপক কুমাৰ গোস্বামীৰ ওচৰত আত্ম সমৰ্পন কৰিছিল আৰু পৰৱৰ্তী সময়ত মূলসুঁতিলৈ ঘুৰি আহি লক্ষীবাৰী অঞ্চলত এখন জাতীয় বিদ্যালয় প্ৰতিষ্ঠাৰে শিক্ষা ক্ষেত্ৰৰ লগত জড়িত হৈ আছিল।

বিপদমুক্ত হোৱা নাই গুৰুতৰভাৱে আহত গোলাঘাটৰ যুৱক ফাৰদিন
১৫ মে’ৰ সন্ধিয়া গুৱাহাটীৰ জু-ৰোডত আলফাৰ দ্বাৰা সংঘটিত গ্ৰেণেড বিস্ফোৰণত গুৰুতৰভাৱে আহত গোলাঘাট কুমাৰপট্টিৰ ফাৰদিন হাচানীয়ান ৰহমান (২১) এতিয়াও বিপদমুক্ত হোৱা নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ফাৰদিনৰ ইতিমধ্যে ১৫টা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈ গৈছে।

বাওঁ চকু গুৰুতৰভাৱে আঘাত হোৱা ফাৰদিনে পৰৱৰ্তী সময়ত চকুৰে দেখা পাব নে নেপায় সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই চিকিৎসকে। উল্লেখ্য যে, গোলাঘাট চহৰৰ কুমাৰপট্টিৰ চুলতান জাহিদুৰ ৰহমানৰ পুত্ৰ ফাৰদিনে ভাতৃ এলভিৰ ৰহমানক বেডমিন্টন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাবৰ বাবে গুৱাহাটীলৈ নিছিল।

সেইদিনাই ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ভাতৃ এলভিৰ। গুৱাহাটীত কৰ্মৰত চুলতান জাহিদুৰ ৰহমানৰ সৈতে¸ পুত্ৰ ফাৰদিন বজাৰ কৰিবলৈ বুলি ওলাই গৈছিল। সেই সময়তে সংঘটিত হয় এই ভয়াৱহ ঘটনাটো।

গুৱাহাটীৰ বিস্ফোৰণত জড়িত আলফা (স্বাধীন)ৰ লিংকমেন নগাঁৱত আটক, জেৰা অব্যাহত
দৈনন্দিন বাৰ্তা লাইভ, নগাঁওঃ গুৱাহাটীৰ জু ৰোডৰ চেণ্ট্ৰেল মলৰ সন্মুখত যোৱা ১৫ মে’ত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আজি নগাঁও আৰক্ষীয়ে এজন যুৱকক আটক কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে আজি বিয়লি আৰক্ষীৰ এটা বিশেষ দলে নগাঁও জিলাৰ পুৰণিগুডাম চলচলি বিহৰি গাঁৱৰ পৰা ইন্দ্ৰমোহন বৰাশ্চ(২২)গ্গ নামৰ যুৱকজনক আটক কৰে।

আৰক্ষী সূত্ৰই সদৰী কৰা মতে আলফা স্বাধীনৰ লিংকমেন উক্ত যুৱকজনৰ গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্তৰ লগত সম্পৰ্ক আছে। তেঁও বিস্ফোৰণৰ প্ৰাক্মূহূৰ্তত গুৱাহাটীলৈ গৈ গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্তৰ লগত যোগাযোগ কৰিছিল আৰু অভিযুক্তক গুৱাহাটীৰ পৰা পলায়ন কৰাত সহায় কৰিছিল।

নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি আৰু বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক জন দাসে সম্প্ৰতি কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত লিংকমেনজনক জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে আৰক্ষীয়ে নগাঁও জিলাক আলফা শূন্য বুলি দাবী কৰি অহাৰ সময়তে গুৱাহাটীত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ লগত নগাঁৱৰ এজন আলফাৰ লিংকমেন জড়িত থকা ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here