Home ৰাজনীতি পাঁচ বছৰীয়া পূৰ্ণাংগ কাৰ্যকাল উকলাৰ অন্তিম ক্ষŽণত সংবাদমেলত বহিও সাংবাদিকৰ প্ৰশ্নোত্তৰ নিদিলে...

পাঁচ বছৰীয়া পূৰ্ণাংগ কাৰ্যকাল উকলাৰ অন্তিম ক্ষŽণত সংবাদমেলত বহিও সাংবাদিকৰ প্ৰশ্নোত্তৰ নিদিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে, বিজেপি মৰ্চাই ৩০০ আসন পাব

31
0

নতুন দিল্লীঃ পাঁচ বছৰীয়া কাৰ্যকালৰ সমাপ্তি ঘটিল আজি। ২০১৪ চনৰ ১৬ মে’ত ফলাফল ঘোষণাৰ পিছতেই নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এনডিএ মৰ্চাৰ চৰকাৰ গঠন হ’ল। এই পাঁচবছৰে এদিনো সংবাদ মাধ্যমৰ মুখামুখি নহ’ল প্ৰধানমন্ত্ৰীজন। ইয়াৰ বিপৰীতে ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে নিজৰ বক্তব্যখিনি বাধ্যতামূলক সম্প্ৰচাৰত গুৰুত্ব দি ৰাইজৰ প্ৰতিক্ৰিয়া আৰু সংবাদ মাধ্যমৰ প্ৰশ্নৰ পৰা দূৰে দূৰে থাকিল। কিন্তু আজি হঠাতে বিজেপি মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ সন্মুখলৈ আহিল প্ৰধানমন্ত্ৰী।

কাষত দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। ধাৰণা কৰা হৈছিল যে দেশজুৰি বিতৰ্কিত বক্তব্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখীন হ’ব। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰীয়ে মাৰিলে ওলোটা খৰ। তেওঁ কয় যে এই সংবাদমেলত সভাপতি অমিত শ্বাহে আহবান কৰিছে। তেওঁ মাত্ৰ সংগ দিছে।

বিজেপিৰ এগৰাকী শৃংখলিত কৰ্মী হিচাপে সভাপতিৰ সংবাদমেলত তেওঁ হস্তক্ষেপ কৰি সংবাদ কৰ্মীৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে। এনেকৈয়ে দায় সৰা মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে সাংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিল। নিজৰ চমু বক্তব্যত প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰ বিজেপি নেতৃত্বাধীন এনডিএ মৰ্চাই কমেও ৩০০ টা সমষ্টিত বিজয়ী হ’ব। দেশৰ জনতাই পুনৰবাৰ এখন সুস্থিৰ আৰু শক্তিশালী চৰকাৰ বিচাৰিছে।

এইবাৰ দেশবাসীয়ে দেশৰ বাবে ভোট দিছে আৰু কোনো দলৰ বাবে ভোট দিয়া নাই বুলি তেওঁ উল্লেখ কৰে। উল্লেখ্য যে আজি এখন নিৰ্বাচনী সভাতো প্ৰধানমন্ত্ৰীয়ে ৩০০ আসনত বিজেপি মৰ্চা বিজয়ী হ’ব বুলি ঘোষণা কৰিছিল। মধ্য প্ৰদেশৰ খাৰগুণা সমষ্টিত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে বিজেপিৰ পক্ষত ৰাইজে ভোটদান কৰা বুলি বক্তব্য দিয়ে।

ইফালে আজিৰ সংবাদমেলত দলৰ সভাপতি অমিত শ্বাহে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ তথ্য দাঙি ধৰে। গোটেই দেশতে সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা ভোট গ্ৰহণৰ আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্তি ঘটিছে আৰু দেশৰ জনতাই ইতিপূৰ্বে ছয়টা পৰ্যায়ৰ ভোট গ্ৰহণত বিজেপিক একক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰা বুলি মত প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here