Home মুখ্য পৃষ্ঠা অন্তিম পৰ্যায়ৰ ভোটদানলৈ সাজু দহ লাখ ভোটাৰ,৫৯ সমষ্টিত যুঁজিব ৯১৮ প্ৰৰ্থীয়ে, প্ৰধানমন্ত্ৰী...

অন্তিম পৰ্যায়ৰ ভোটদানলৈ সাজু দহ লাখ ভোটাৰ,৫৯ সমষ্টিত যুঁজিব ৯১৮ প্ৰৰ্থীয়ে, প্ৰধানমন্ত্ৰী মোডী, কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰকে ধৰি হাই প্ৰ’ফাইল নেতাৰ যুঁজ

54
0

নতুন দিল্লীঃ দেশৰ চলিত লোকসভাৰ নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সমাপ্তিৰ লগে লগে দল লক্ষাধিক ভোটাৰে ৫৯ টা সমষ্টিত ৯১৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ সাজু হৈছে।

উল্লেখ্য যে ৮ খন ৰাজ্যত অহা ১৯ মে’ তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবো সকলো যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। শেষৰ পৰ্যায়ত ভোট গ্ৰহণ হ’বলগা সমষ্টি সমূহৰ ভিতৰত আছে বিহাৰৰ ৮ টা, হিমাচল প্ৰদেশৰ ৪ টা, ঝাৰখণ্ডৰ তিনিটা, পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ ১৩ টাকৈ পশ্চিমবংগৰ ৯ টা আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য চণ্ডীগড়ৰ এটা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব।

এইবাৰ আকৰ্ষণীয় প্ৰাৰ্থীসকলৰ অন্যতম হ’ল উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০১৪ চনত তেওঁ এইটো সমষ্টিৰ পৰাই বিজয়ী হৈ প্ৰধানমন্ত্ৰীৰ আসনত উপবিষ্ট হৈছিল। মোডীৰ বিপৰীতে কংগ্ৰেছৰ অজয় ৰায়, সমাজবাদী পাৰ্টীৰ শালিনী যাদৱ আৰু অন্য ২৩ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

শেষৰ পৰ্যায়ত অন্য এজন চৰ্চিত প্ৰাৰ্থী হ’ল বিজেপি এৰি কংগ্ৰেছত যোগ দিয়া শত্ৰুঘ্ন সিন্হা। পাটনা সমষ্টিত তেওঁৰ প্ৰতিদ্বন্দ্বী হ’ল কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ। আন আন উল্লেখনীয় প্ৰাৰ্থীসকলৰ ভিতৰত আছে পাঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখবীৰ বাদল, কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰাট কৌৰ, কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ পুৰী, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দ্ৰৰ সিঙৰ পত্নী প্ৰণিত কৌৰ, বিজেপি সাংসদ অনুৰাগ ঠাকুৰ, প্ৰাক্তন মন্ত্ৰী পি কে বাঞ্চাল, কিৰণ খেৰ, ৰবিকৃষ্ণন, ঝাৰখণ্ড মুক্তি মৰ্চাৰ সভাপতি শিবু সুৰেণ, কান্তিলাল ভুৰিয়া, অৰুণ যাদৱ, মীনাক্ষী নাটৰাজন আদিয়ে প্ৰধান।

LEAVE A REPLY

Please enter your comment!
Please enter your name here