Home মুখ্য পৃষ্ঠা সাংবাদিক নিগ্ৰহ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা

সাংবাদিক নিগ্ৰহ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা

45
0

হাৰনুল ৰছিদ

বিগত এটা পষেকত অসমত চাৰিগৰাকীকৈ সাংবাদিক দুৰ্বৃত্তৰ হাতত নিগৃহীত হোৱাৰ খবৰে সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া আৰু উত্তেজনাৰ সৃষ্টি কৰা দেখা গৈছে। নলবাৰীৰ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকা, যোৰহাটৰ সাংবাদিক ৰাজীৱ বৰা, তিনিচুকীয়াৰ সাংবাদিক উপাষণা বৰুৱা আৰু ধেমাজি জিলাৰ গোগামুখৰ সাংবাদিক মেদক– এই চাৰিগৰাকী সাংবাদিকৰ ওপৰত বিগত এটা পষেকত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত নলবাৰীৰ মুকালমুৱাৰ সাংবাদিকগৰাকীৰ ওপৰত কৰা আক্ৰমণৰ লগত বিজেপি দলৰ সদস্য জড়িত থকাটো নিশ্চিত হৈছে যদিও বাকী তিনিগৰাকী সাংবাদিক আক্ৰমণৰ লগত প্ৰকৃততে কোন জড়িত সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।

মুকালমুৱাৰ সাংবাদিকগৰাকীক আক্ৰমণ কৰাৰ পূৰ্বে তেওঁক ছ’চিয়েল মিডিয়া যোগে ভাকুকি দিয়া হৈছিল আৰু ভাবুকি দিয়াৰ পিছদিনাই তেওঁ নিজা কৰ্ম সম্পাদন কৰি ঘৰলৈ আহি থকাৰ পথতে তেওঁক আক্ৰমণ কৰা হৈছিল। চতুৰ্থগৰাকী সাংবাদিক ধেমাজিৰ গোগামুখৰ প্ৰবীন মেদকক আকৌ খোদ গোগামুখ থানাৰ ভিতৰত আহি নগৰখনৰ এচাম দুৰ্বৃত্তই আক্ৰমণ কৰি যায়হি। এইকেইটা ঘটনাৰ পিছত ৰাজ্যখনত সাংবাদিকৰ নিৰাপত্তাৰ প্ৰশ্নটোৱে এক ব্যাপক জোকাৰণি তুলি চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাটোৰ প্ৰতি এক ব্যাপক প্ৰশ্নবোধৰ সৃষ্টি কৰিছে।

অসমত সাংবাদিকৰ ওপৰত আক্ৰমণ এতিয়া এক সাধাৰণ ঘটনা হৈ পৰিছে। অৱশ্যে এই ঘটনা এতিয়া সমগ্ৰ ভাৰতবৰ্ষ জুৰি অব্যাহত আছে। সাংবাদিক হত্যাৰো খবৰবোৰো এতিয়া আৰু নতুন নহয়। বিভিন্ন সময়ত দেশৰ বহু ঠাইত মিডিয়াৰ সাংবাদিক বিভিন্ন পক্ষৰ দ্বাৰা সময়ে সময়ে নিগৃহীত হৈ আহিছে। কিন্তু দোষীক প্ৰশাসনে বিচাৰি উলিওৱাত কৃপণালি কৰে। বহু সময়ত জানিও বা এই সম্পৰ্কে তথ্য লাভ কৰিও তেওঁলোকে দোষীক কৰায়ত্ব নকৰে। অৰ্থাৎ এই কামৰ পৰা তেওঁলোক কিবা কাৰণত বিৰত থাকে। ফলত দোষী সাৰি যায়।

গণতন্ত্ৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম। সংবাদ মাধ্যম তথা সাংবাদিক ইয়াৰ লগত জড়িত সকলোৱে সমাজ গঠনত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি অহা দেখা গৈছে। সংবাদিকসকলে সমাজ বিভিন্ন স্তৰৰ ব্যক্তিলৈ নীৰৱে আৰু কৰ্তব্য নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে সমাজ এখনক যিকোনো সিদ্ধান্তৰ ভাল-বেয়া দুয়োটা দিশ উনুকিয়াই দিয়া বা তাৰ সাৰমৰ্ম ৰাইজক অৱগত কৰোৱাই হ’ল সংবাদ মাধ্যম বা সাংবাদিকৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য আৰু সেৱাই নিৰপেক্ষতা। সাংবাদিক এজনৰ প্ৰধান দায়িত্বই হ’ল সংবাদৰ উৎস অনুসন্ধান কৰা আৰু সত্য সংবাদ ৰাইজৰ সন্মুখত উপস্থাপন কৰা। শুদ্ধ আৰু সত্য সংবাদ প্ৰকাশৰ স্বাৰ্থত সাংবাদিক এজনে নিজৰ সাংবাদিকতাৰ নিয়ম নীতিৰ মাজত থাকি সকলোধৰণৰ উপায় অৱলম্বন কৰিব পাৰে। আনহাতে সাংবাদিক এজনে সংগ্ৰহ কৰা খবৰ শুদ্ধভাবে প্ৰচাৰ কৰাৰ দায়িত্বটো সংবাদপত্ৰ বা সংবাদ মাধ্যমটোৰ সম্পাদকৰ। গতিকে সাংবাদিক এজনে কোনো এটা সংবাদৰ উৎসলৈ গৈ নিখুঁট আৰু শুদ্ধভাৱে বাতৰি এটা সংগ্ৰহ কৰা বা সংবাদ গোষ্ঠীটোৰ সেই বাতৰি শুদ্ধভাৱে প্ৰচাৰ কৰাটো কোনোধৰণৰ অপৰাধ নহয়। কিন্তু এনেধৰণৰ বাতৰি সংগ্ৰহ কৰা বা সংবাদ পৰিৱেশন কৰাৰ দোষত যদি সাংবাদিক এজন কোনো ন্যস্তস্বাৰ্থ মহলৰ লোকৰ হাতত নিগৃহীত হ’ব লগা হয়, তেতিয়া হ’লে সাংবাদিক বা সংবাদ মাধ্যমৰ স্বাধীনতা কিদৰে ৰক্ষা বা সংবাদ কৰ্মীয়ে কিদৰে সংবাদ সেৱা কৰিব, সেই লৈও প্ৰশ্নৰ উদয় হোৱাটো তেনেই স্বাভাৱিক।

সংবাদ মাধ্যমৰ আটাইতকৈ প্ৰয়োজনীয় কথা বা বৈশিষ্টটোৱেই হ’ল ইয়াৰ নিৰপেক্ষতা। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ খ্যাত সংবাদ মাধ্যম আৰু সাংবাদিকসকলেও ইয়াৰ নিৰপেক্ষতা আৰু স্বকীয়তা বজাই ৰখাটোও সংশ্লিষ্ট প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য। অৱশ্যে সাম্প্ৰতিক সয়মত দেশৰ বহু সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিকে এই নিৰপেক্ষতা বজাই ৰখাৰ পৰা বিচলিত হোৱা দেখা গৈছে। সেয়া এক বেলেগ অধ্যায়। কিন্তু সাংবাদিকৰ ওপৰত এনে আক্ৰমণ কিমানদূৰ সমৰ্থনযোগ্য· সমাজ ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত সামগ্ৰিকভাৱে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তবোৰ ৰাজনৈতিক চৰকাৰী বা স্থানীয় সামাজিক সিদ্ধান্ত হ’ব পাৰে। ৰাজহুৱা এই সিদ্ধান্তত কেতিয়াব ভুলো হ’ব পাৰে। গতিকে এই ধৰণৰ স্পৰ্শকাতৰ পৰিৱেশত সাংবাদিক বা সংবাদ মাধ্যসমূহে তীক্ষ® দৃষ্টি ৰাখি আজি নিপুনতাৰে কাম কৰা দৰকাৰ।


সভ্যতা প্ৰকাশ কৰিবলৈ গৈ কেতিয়াবা সংবাদ মাধ্যম বা সাংবাদিক ব্যক্তিগত, ৰাজহুৱা বা কেতিয়াবা ৰাজনৈতিক হিংসাৰ বলি হোৱা দেখা গৈছে। যিটো শুভলক্ষণ নহয় আৰু ই সমাজৰ বাবেও ক্ষতিকাৰক। অতীত কালতো হয়তো এনে ধৰণৰ ঘটনা ঘটিছিল। কিন্তু তেতিয়া এনেধৰণৰ ঘটনাবোৰ বৰকৈ পোহৰলৈ অহা নাছিল। এতিয়া প্ৰচাৰ মাধ্যম পৰিসৰৰ বৃদ্ধিয়ে এইধৰণৰ ঘটনাৰাজি কিছু পোহৰলৈ আনিছে। দুৰ্ভাগ্যজনভাৱে বহু সাংবাদিক হয়তো ক’ব নোৱৰাকৈয়ে সমাজৰ পৰা নোহোৱা হৈ গৈছে। অসমতো বিভিন্ন সময়ত বহু সাংবাদিক ব্যক্তিগত বা ৰাজহুৱা আক্ৰোশৰ বলি হোৱাৰ বহু উদাহৰণ আছে। কেৱল আক্ৰোশৰ বলি হৈ নিগৃহীত হোৱাই নহয়, বহুতৰ হত্যাৰ পৰ্যন্ত কৰা হৈছে। অসমত কেইবাজনো সাংবাদিক উগ্ৰবাদৰ বলি হোৱাৰ ঘটনাও ঘটি গৈছে ইতিপূৰ্বে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here