Home ৰাজনীতি সংবাদমেলত আত্মবিশ্বাসহীন ৰাহুল গান্ধী, পৰৱৰ্তী চৰকাৰ সম্পৰ্কত নুখুলিলে মুখঃ বিজেপি-আৰএছএছক ‘গডছে’ প্ৰেমী,...

সংবাদমেলত আত্মবিশ্বাসহীন ৰাহুল গান্ধী, পৰৱৰ্তী চৰকাৰ সম্পৰ্কত নুখুলিলে মুখঃ বিজেপি-আৰএছএছক ‘গডছে’ প্ৰেমী, ‘গড’ প্ৰেমী নহয়

27
0

নতুন দিল্লীঃ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাক্ক্ষণত আজি নিৰ্বাচনী প্ৰচাৰ সমাপ্তিৰ লগে লগে দিল্লীত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে আহবান জনোৱা সংবাদমেলত পৰৱৰ্তী চৰকাৰৰ সম্পৰ্কত স্পষ্ট ইংগিত দিব নোৱাৰিলে। ইয়াৰ বিপৰীতে আত্মবিশ্বাসহীন ৰাহুল গান্ধীয়ে মায়াৱতী, মোলায়ম সিং আৰু মমতাৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হোৱা পৰিলক্ষিত হ’ল।

সংবাদমেলত কংগ্ৰেছৰ সভাপতিজনে কয় যে বিৰোধী হিচাপে তেওঁৰ দলটোৱে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ জনবিৰোধী কাম-কাজ ৰাইজৰ ওচৰলৈ নিয়াত সফলতা লাভ কৰিছে। দেশজুৰি ৰাইজে বিজেপিৰ অপপ্ৰচাৰ আৰু মিথ্যাচাৰৰ বিৰুদ্ধে থিয় দিছে। কিছুদিন পূৰ্বে জাতিৰ পিতা মহাত্মা গান্ধীৰ সম্পৰ্কত বিজেপিৰ প্ৰাৰ্থী সাধিব প্ৰজ্ঞা ঠাকুৰকে ধৰি একাধিক নেতাই কৰা আপত্তিজনক মন্তব্যৰ সম্পৰ্কত ৰাহুল গান্ধীয়ে বিজেপি আৰু আৰএছএছক ‘গডছে’ প্ৰেমী অৰ্থাৎ নাথুৰাম গডছেৰ সমৰ্থক কিন্তু ‘গড’ প্ৰেমী অৰ্থাৎ ভগৱানৰ প্ৰতি ভালপোৱা নাই বুলি আঙুলিয়াই দিয়ে।

আনহাতে দিল্লীত পুনৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি মৰ্চাই চৰকাৰ গঠনৰ সম্পৰ্কত ৰাহুল গান্ধীয়ে সাংবাদিকৰ আগত কয় যে বিএছপিৰ নেত্ৰী মায়াৱতী, সমাজবাদীৰ নেতা মোলায়ম সিং যাদৱ আৰু তৃণমূল কংগ্ৰেছৰ মুৰববী মমতা বেনাৰ্জীয়ে বিজেপিক সমৰ্থন কৰিব বুলি তেওঁ ক’তো শুনিবলৈ পোৱা নাই। অৰ্থাৎ তেওঁলোকে এনডিএ মৰ্চাৰ বিৰুদ্ধে থাকিব।

সেয়েহে তেওঁলোকৰ সমৰ্থন নাপালে এনডিএ মৰ্চাই কেনেকৈ চৰকাৰ গঠন কৰিব বুলি ৰাহুল গান্ধীয়ে ওলোটাই প্ৰশ্ন কৰে। ইফালে প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰলৈ সংবাদমেলত উপস্থিত থকা বিষয়টোক লৈ ৰাহুল গান্ধীয়ে কটাক্ষ কৰে। তেওঁ কয় যে ৰাফেল বিমান ক্ৰয়ৰ বিষয়ত ৰাহুল গান্ধীৰ সৈতে মুকলি বিতৰ্কত অংশ ল’বলৈ নৰেন্দ্ৰ মোডী কিয় আগুৱাই অহা নাই তাৰ উত্তৰ সংবাদমেলৰ জৰিয়তে দিয়া উচিত। এনেকৈয়ে বিজেপি আৰু প্ৰধানমন্ত্ৰীক সমালোচনা কৰিলেও ৰাহুল গান্ধীয়ে দেশৰ পৰৱৰ্তী চৰকাৰৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত আত্মবিশ্বাসহীন অৱস্থা আজিৰ সংবাদমেলত স্পষ্ট হৈ পৰিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here