Home অসম ৰাজ্যজুৰি পৰাগ কুমাৰ দাসৰ মৃত্যু তিথি পালন

ৰাজ্যজুৰি পৰাগ কুমাৰ দাসৰ মৃত্যু তিথি পালন

27
0
Hiren Gohain delevering lecture during swahid divas Parag Das death anniversary disscussion meeting at Guwahati Press Club

‘‘এজন মানুহে এটা জাতিক ৰাক্ষা কৰিব নোৱাৰে’’-ড০ হীৰেন গোহাঁই

দৈনন্দিন বাৰ্তা লাইভ,গুৱাহাটীঃ ৰাষ্ট্ৰৰ দ্বাৰা গণতন্ত্ৰৰ ওপৰত আক্ৰমণ হৈছে সেয়া বাৰে বাৰে প্ৰতিপন্ন কৰি আহিছে। পৰাগ কুমাৰ দাসৰ হত্যাকাৰীক নিলাজভাৱে, প্ৰকাশ্যভাৱে আঁতৰাই ৰাখিছে। এতিয়া অসমবাসী ৰাইজে বুজিবলৈ বাকী থকা নাই। এজন মানুহে এটা জাতিক ৰক্ষা কৰিব নোৱাৰে। এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ। পৰাগ কুমাৰ দাসৰ মৃত্যু তিথি উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত শ্বহীদ দিৱস উদ্যাপন অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি ড০ গোহাঁয়ে এইদৰে কয়।

Hiren Gohain delevering lecture during swahid divas Parag Das death anniversary disscussion meeting at Guwahati Press Club

তেওঁ কয় যে সাম্প্ৰতিক সময়ত সাংবাদিক আক্ৰমণ, নিগ্ৰহৰ ঘটনাই ৰাষ্ট্ৰৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি সদিচ্ছাৰ অভাৱ তাক প্ৰতিপন্ন কৰিছে। এয়া গণতন্ত্ৰৰ বাবে এক অসনি সংকেত বুলি ড০ হীৰেন গোহাঁয়ে কয়। মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ উদ্যোগত শ্বহীদ দিৱস, পৰাগ দাস স্মৰাণ আৰু আলোচনাচক্ৰ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ উপস্থিত থাকি কয় যে যোৱা ২৩ বছৰ আমি চকুপানী তুকিলো। পৰাগ দাসৰ হত্যাকাৰীক শাস্তিৰ দাবী উত্থাপন কৰিলো।

হত্যাকাৰী চিনাক্তকৰণ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনালো। হত্যাকাৰী চিনাক্ত নহ’ল। হত্যাকাৰী চিনাক্ত কৰিবলৈ দিয়া নহ’ল। এই শাসন ব্যৱস্থাই হত্যাকাৰী চিনাক্ত কৰিব নোৱাৰে। পৰাগ কুমাৰ দাসে প্ৰশাসন, ৰাজনীতি, ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে পৰিৱৰ্তন বিচাৰিছিল সেইবাবে ৰাষ্ট্ৰৰ ৰোষত পৰিছিল। সেই ৰাষ্ট্ৰযন্ত্ৰই কেনেকৈ হত্যাকাৰীক চিনাক্ত কৰিব সেয়া এক ডাঙৰ প্ৰশ্ন। পৰাগ কুমাৰ দাসে লিখা প্ৰতিটো কথাই সত্য আছিল। সেইবাবে হয়তো ৰাষ্ট্ৰযন্ত্ৰৰ বাবে এক মূৰৰ কামোৰণী আছিল।

নতুন প্ৰজন্মই পৰাগ দাসৰ লিখনিত সান্নিধ্য পাব। নৱপ্ৰজন্মক পৰাগ দাসৰ লিখনি পঢ়িবলৈ আহবান জনায় জ্যেষ্ঠ সাংবাদিক মনোৰম গাগয়ে। অনুষ্ঠানত উপস্থিত থাকি প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কয় যে জ্যেষ্ঠসকলৰ সমানে কনিষ্ঠসকলেও আজিৰ দিনত পৰাগ দাসক লৈ ব্যাপক চৰ্চা আৰম্ভ কৰিছে। ই নৱপ্ৰজন্মৰ বাবে এক শুভ লক্ষণ। এতিয়া পৰাগ দাসৰ ঘনিষ্ঠ, আত্মীয় বা আদৰ্শৰ প্ৰতি বুলি কোৱা আমাৰ বাবে নৈতিক ¦খলন হৈছে।

Hiren Gohain delevering lecture during swahid divas Parag Das death anniversary disscussion meeting at Guwahati Press Club on 17-05-19, Organised by MASS.

নতুন চামে পৰাগ দাসৰ লিখনিৰ জৰিয়তে মূল্যায়ণ কৰিব পাৰিব বুলি প্ৰকাশ মহন্তই কয়। পৰাগ কুমাৰ দাসৰ ভাতৃ পল্লৱ দাসে বক্তব্য প্ৰদান কৰি কয় ১৯৯৬ চনৰ ১৭ মে’ত পৰাগ কুমাৰ দাসক আততায়ীয়ে হত্যা কৰিছিল। সুদীৰ্ঘ ২৩ বছৰ হত্যাকাৰী চিনাক্ত নহ’ল। এই হত্যা এতিয়া অতীত হ’ল। বৰ্তমান সময়ত পুনৰ নবৈব দশকৰ নিচিনা সাংবাদিক নিগ্ৰহৰ ঘটনা বৃদ্ধি পাইছে ই এক অশনি সংকেত। শ্বহীদ দিৱস উদ্যাপন অনুষ্ঠানে নৱপ্ৰজন্মক প্ৰেৰণা দিব বুলি দাসে কয়। মাছৰ উপদেষ্টা বুবুমণি গোস্বামীয়ে ভাষণ প্ৰসংগত কয়- সাহস আৰু বাক স্বাধীনতা জন্মসূত্ৰে লাভ কৰিছো, আদৰ্শৰ বিপৰীতে পক্ষ লোৱাৰ পক্ষপাতি নহয়। বাক স্বাধীনতাৰ ওপৰত দিনক দিনে আক্ৰমণ নামি আহিছে। গণতন্ত্ৰৰ ওপৰত ভাবুকী আহিছে। বৰ্তমানৰ চৰকাৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰা নাই। তেওঁলোকৰ বিৰুদ্ধে যিয়ে সমালোচনা কৰিছে তাৰ বিৰুদ্ধে শাসকগোষ্ঠীয়ে জপিয়াই পৰিছে বুলি উপদেষ্টাগৰাকীয়ে কয়।

মাছৰ অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়াই পৌৰোহিত্য কৰা সভাখনত উপদেষ্টা কমল বৰাই কয়- পৰিৱৰ্তনশীল চৰকাৰৰ দিনতো হত্যা, হিংসা নাইকীয়া হোৱা নাই। ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত পৰাগ দাসক হত্যা কৰা হৈছিল। সেইবাবে হত্যাকাৰী চিনাক্ত নহ’ল বুলি তেওঁ উল্লেখ কৰে। বিশিষ্ট সাংবাদিক পৰাগী ৰাণীয়ে বক্তব্য প্ৰদান কৰি কয় পৰাগ কুমাৰ দাসৰ কেতিয়াও মৃত্যু নহয়। সাংবাদিকসকলৰ বাবে পৰাগ দাসৰ লিখনি এটা সত্তা। কলমৰ মৃত্যু যেনেকৈ নহয় ঠিক তেনেদৰে দাসৰ লিখনিৰ কেতিয়াও নিঃশেষ নহয়। এই অনুষ্ঠানে পৰাগ দাসক জীয়াই তুলিব বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানত পৰাগ দাসৰ পত্নী জয়শ্ৰী দাসে চমু ভাষণ প্ৰদান কৰি কয়- এই অনুষ্ঠানে নৱপ্ৰজন্মক এক চিনাকী দিব। জনসাধাৰণে গণতান্ত্ৰিক প্ৰতিবাদ কৰা স্থলী চৰকাৰে স্থানান্তৰ কৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰি মানৱ অধিকাৰ সংগ্ৰাম সমিতিক এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ জয়শ্ৰী দাসে আহবান জনায়। উল্লেখ্য যে শ্বহীদ দিৱস উদ্যাপন অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী সাংবাদিক, বুদ্ধিজীৱী, অধিবক্তাৰ লগতে ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here