Home মুখ্য পৃষ্ঠা ছোনীয়াতকৈয়ো আগুৱালে চন্দ্ৰবাবু নাইডু,কেন্দ্ৰত অবিজেপি চৰকাৰ গঠনৰ তৎপৰতা, বিজেপিৰ বাহিৰে অন্য সকলো...

ছোনীয়াতকৈয়ো আগুৱালে চন্দ্ৰবাবু নাইডু,কেন্দ্ৰত অবিজেপি চৰকাৰ গঠনৰ তৎপৰতা, বিজেপিৰ বাহিৰে অন্য সকলো দলৰে মিত্ৰতাৰ প্ৰস্তাৱ

94
0

নতুন দিল্লীঃ ইউপিএৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে অহা ২৩ মে’ত বিজেপি আৰু এনডিএ মৰ্চাৰ বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বক এখন সভালৈ আহবান জনাই পৰৱৰ্তী চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰাৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টীৰ মুৰববী চন্দ্ৰবাবু নাইডুৱে এখোজ আগুৱাই গৈ বিজেপিৰ বাহিৰে অন্য সকলো দলকে পৰৱৰ্তী চৰকাৰত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। আজি নতুন দিল্লীত নাইডুৱে কয় যে তেওঁ আনকি তেলেংগানাৰ টিআৰএছ দলৰ মুৰববী কে চন্দ্ৰশেখৰ ৰাওৱে অংশগ্ৰহণ কৰাৰ আশা কৰিছে।

ইয়াৰ লগতে চিপিএম আৰু চিপিআইৰ নেতৃত্ব, আম আদমী পাৰ্টীৰ মুৰববী অৰবিন্দ কেজৰিৱাল, বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৱতী, সমাজবাদী পাৰ্টীৰ অখিলেখ যাদৱ, এনচিপিৰ মুৰববী শাৰদ পাৱাৰ আদি প্ৰায় সকলো দলৰ সৈতে যোগাযোগ কৰিছে। নাইডুৱে অচিৰেই কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ সৈতেও বিষয়টো আলোচনা কৰাৰ দিশত অগ্ৰসৰ হৈছে। নাইডুৱে এইবাৰৰ নিৰ্বাচনত শাসকীয় বিজেপি দলে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ কৰিছে।

দেশৰ নিৰ্বাচন আয়োগে শাসকীয় দলৰ পক্ষ লৈ বিশ্বাসযোগ্যতা হেৰুৱাইছে। ৰাষ্ট্ৰৰ পিতা মহাত্মা গান্ধীক বিজেপিৰ প্ৰাৰ্থীয়ে অপমান কৰিছে। স্বয়ং প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত গোচৰ ৰুজু হৈছে। এনেকৈয়ে দেশৰ ৰাজনৈতিক ইতিহাসত বিজেপিয়ে কলংকৰ দাগ লগাইছে। উল্লেখ্য যে ছোনিয়া গান্ধীয়ে দেশৰ বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰি দিল্লীত চৰকাৰ গঠনৰ বাবে মতামত আদায়ৰ প্ৰয়াস চলাইছে। তাৰ সমান্তৰালভাৱে চন্দ্ৰবাবু নাইডুৱে এককভাৱে বিজেপিৰ বাহিৰে অন্য সকলোবোৰ ৰাজনৈতিক দলক একত্ৰিত কৰি পৰৱৰ্তী চৰকাৰৰ অংশীদাৰ কৰিব খোজা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here