Home মুখ্য পৃষ্ঠা বিশিষ্ট লেখিকা তুলিকা শইকীয়াৰ স্মৃতিচাৰণ সভা সম্পন্ন,মাতৃৰ আধৰুৱা উপন্যাস সম্পূৰ্ণ কৰিব কন্যা...

বিশিষ্ট লেখিকা তুলিকা শইকীয়াৰ স্মৃতিচাৰণ সভা সম্পন্ন,মাতৃৰ আধৰুৱা উপন্যাস সম্পূৰ্ণ কৰিব কন্যা শ্ৰোতস্বিনীয়ে

68
0

দৈনন্দিন বাৰ্তা লাইভ,গোলাঘাটঃ ২৯ এপ্ৰিলত পৰলোকপ্ৰাপ্তি ঘটা ‘মুনীন বৰকটকী বঁটা’ প্ৰাপক বিশিষ্ট লেখিকা তুলিকা শইকীয়াৰ স্মৃতিত গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ উদ্যোগত এখনি স্মৃতি চাৰণ সভা কালি অনুষ্ঠিত হৈ যায়। ছ’চাইটিৰ সভাপতি ডাঃ মানস ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আৰম্ভণিতে প্ৰয়াত উপন্যাসিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নিৱন্ধকাৰ ডাঃ অজিত বৰুৱাই।

সভাত স্মৃতিচাৰণ কৰি সাহিত্যিক গৰাকীৰ অনুপম সৃষ্টি ‘চাৰিশাল গোঁসানীৰ তেজ’ উপন্যাসখনিৰ এক মনোগ্ৰাহী বিশে¡ষণ সভাত দাঙি ধৰে গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দিব্যজ্যোতি বৰাই। বক্তাগৰাকীয়ে তুলিকা শইকীয়াৰ ‘চাৰিশাল গোঁসানীৰ তেজ নামৰ উপন্যাসখন বুৰঞ্জীৰ মেটমৰা ভঁৰাল বুলি মন্তব্য কৰি উপন্যাসিক গৰাকীয়ে মানুহৰ শোষণ নিষ্পিড়ণ যুগে যুগে চলি অহা ৰজা-প্ৰজাৰ দুৰ্দশাৰ বিষয়ে উপন্যাসখনত সুন্দৰভাৱে উপস্থাপন কৰা বুলি উল্লেখ কৰে।

এটা গৰখীয়া ল’ৰাৰ জীৱনলৈ অহা সৌভাগ্যই নিজক তথা দেশক পৰিচালনা কৰিব নোৱাৰা অদক্ষতাই কেনেকৈ এটা জাতিক ধ্বংসৰ গৰাহ লৈ যাব পাৰে তাৰেই এখন সুন্দৰ ছবি উপন্যাসখনত স্বতঃস্ফূৰ্তভাৱে উপন্যাখনত দাঙি ধৰা হৈছে বুলি ভাষণ প্ৰসংগত অধ্যাপক বৰাই উল্লেখ কৰে। অনুষ্ঠানত প্ৰয়াত তুলিকা শইকীয়াৰ কন্যা শ্ৰোতস্বিনী তামুলীয়ে বক্তব্য প্ৰদান কৰি প্ৰয়াত মাতৃৰ সান্নিধ্যৰ সুবাস বৰ্ণনা কৰি মাতৃৱে ‘মোৱামৰীয়া বিদ্ৰোহ’ৰ আধাৰত ৰচনা কৰিবলৈ লোৱা আধৰুৱা উপন্যাসখন সম্পূৰ্ণ কৰি প্ৰকাশ কৰা সম্পৰ্কত জানিবলৈ দিয়ে।

অনুষ্ঠানত প্ৰবীণ সাংবাদিক দ্বীপেন দত্ত, গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূণ্যেশ্বৰ পূজাৰী, গোলাঘাট জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী বনশ্ৰী কাকতি বৰঠাকুৰ উপস্থিত থাকি প্ৰয়াত সাহিত্যিক গৰাকীৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে তেওঁৰ জীৱন-দৰ্শনৰ ওপৰত সভাত আলোকপাত কৰে। ছ’চাইটিৰ প্ৰশাসনীয় সম্পাদক দীপমণি খাটনীয়াৰে আঁত ধৰা অনুষ্ঠানটোত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, প্ৰয়াত সাহিত্যিকগৰাকীৰ শুভাকাংক্ষীসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here