Home মুখ্য পৃষ্ঠা ৰূপক শৰ্মাৰ সমালোচনাৰ প্ৰত্যুতৰ দিব গৈ ৰূপক শৰ্মাক ভাটৌৰ লগত তুলনা কৰিলে...

ৰূপক শৰ্মাৰ সমালোচনাৰ প্ৰত্যুতৰ দিব গৈ ৰূপক শৰ্মাক ভাটৌৰ লগত তুলনা কৰিলে প্ৰফুল্ল মহন্তইএকজিট প’ল অৰ্থহীনঃ মহন্ত

47
0

পৰেশ বৰুৱাৰ দেশেপ্ৰেমক সন্দেহ কৰিব নোৱাৰিঃ প্ৰফুল্ল কুমাৰ মহন্ত

দৈনন্দিন বাৰ্তা লাইভ,নগাঁওঃ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থকাৰ লগতে বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ বিপৰীতে কেৱ বিৰোধী প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত ক্ষোভ উজাৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ মিত্ৰজোটৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক আলফা স্বাধীনৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাৰ লগত তুলনা কৰিছিল।

মিত্ৰজোটৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ এনে মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সংবাদ মাধ্যমৰ আগত কয় পৰেশ বৰুৱাৰ দেশপ্ৰেমক সন্দেহ কৰিব নোৱাৰি। নাগৰিকত্ব সংশোধনী বিধায়কৰ বিৰোধীতা কৰিহে মই ভোট দিয়া নাছিলো।যিহেতু এই বিধেয়কখন আইনত পৰিণত হ’লে ত্ৰিপুৰাৰ দৰে অসমত অসমীয়া মানুহ সংখ্যালঘুত পৰিণত হ’ব।

তেতিয়া অসমীয়া মানুহে ৰাজনৈতিক আৰু সামাজিক অধিকাৰ হেৰুৱাব। আনহাতে নগাঁও সংসদীয় সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী ৰূপক শৰ্মাক ভাটৌৰ লগত তুলনা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই কয় ৰূপক শৰ্মাৰ দৰে মানুহবোৰ ভাটৌৰ চৰাইৰ দৰে শীৰ্ষ নেতাসকলে তেওঁলোকক যি কথাকে কয় তেওঁলোকে তাকে আওৰাই।

ইপিনে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ বাবে মাজত মাথো দুটা দিন বাকী থকা অৱস্হাত একজিট প’লৰ সমীক্ষাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে একজিট প’ল সম্পৰ্কত মহন্তই কয় যে একজিট প’ল অৰ্থহীন। অসমত নিৰ্বাচনী ফলাফল প্ৰসংগত মহন্তই কয় যে মিত্ৰতাৰ নামত বিজেপিয়ে অগপক জিকিব নোৱাৰা আসনকেইখন এৰি দি ভাল কৰা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here