Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী একজিট প’লৰ এদিনৰ পিছতেই শ্বেয়াৰ মাৰ্কেটত অলৌকিক ঘটনাঃ নিৰ্বাচনী সমীক্ষাত উৎসাহিত...

নিৰ্বাচনী একজিট প’লৰ এদিনৰ পিছতেই শ্বেয়াৰ মাৰ্কেটত অলৌকিক ঘটনাঃ নিৰ্বাচনী সমীক্ষাত উৎসাহিত বিনিয়োগকাৰীঃ শ্বেয়াৰ মাৰ্কেটত অভাৱনীয় উত্থান

22
0

নতুন দিল্লীঃ সোমবাৰে দিনটো মুম্বাইৰ শ্বেয়াৰ বজাৰত অন্যতম আশাব্যঞ্জক আৰু লাভজনক দিন হিচাপে পৰিগণিত হ’ল। একেদিনাই ইকুইডি আৰু বাণিজ্যিক মূলধনৰ বিনিয়োগ ৫,৩৩,৪৬৩.০৪ কোটিলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হ’ল।

উল্লেখ্য যে কালি শপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সমাপ্তিৰ লগে লগে পৰৱৰ্তী চৰকাৰ গঠনৰ সম্পৰ্কত বিভিন্ন সংস্থাই নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিছে। এই সমীক্ষাই দেশত পুনৰ বিজেপিৰ নেতৃত্বত এনডিএ মৰ্চাৰ চৰকাৰ গঠনৰ ইংগিত দিয়া হৈছে।

যোৱা শুকুৰবাৰে শ্বেয়াৰ বজাৰ সমাপ্তিৰ সময়ত বিনিয়োগকাৰীৰ মূলধনৰ পৰিমাণ আছিল ১,৪৬,৫৮,৭০৯.৬৮ কোটি। কিন্তু দেওবাৰে বন্ধ সত্ত্বেও নিৰ্বাচনী সমীক্ষা প্ৰকাশ পোৱাৰ লগে লগেই সোমবাৰে দিনটোত মূলধন বিনিয়োগৰ পৰিমাণ কাৰ্যালয় বন্ধৰ সময়লৈকে হ’লগৈ ১,৫১,৮৬,৩১২.০৫ কোটি টকা।

হঠাতে বিনিয়োগকাৰীৰ মাজত দেখা দিয়া উৎসাহ আৰু আগ্ৰহে শ্বেয়াৰ বজাৰত খলকনি তুলিছে। এই ধাৰা অহা ২৩ মে’ত ফলাফল ঘোষণাৰ পিছতো অব্যাহত থাকিব আৰু মুদ্ৰস্ফীতি হ্ৰাস পাই অচিৰেই ৭০ টকাৰ তললৈ আহিব বুলি আশা কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here