Home অসম প্ৰদেশ কংগ্ৰেছৰ আত্মসন্তুষ্টিঃ ৮০ শতাংশ একজিট প’ল মিছা হয়

প্ৰদেশ কংগ্ৰেছৰ আত্মসন্তুষ্টিঃ ৮০ শতাংশ একজিট প’ল মিছা হয়

34
0
APCC spokesperson Durga Das Boro addressing press conference at Rajib Bhawan

দৈনন্দিন বাৰ্তা লাইভঃ ভাৰতৰ চলিত লোকসভা নিৰ্বাচনত ফলাফল সম্পৰ্কত এঘাৰটা সংস্থাই প্ৰকাশ কৰা একজিট প’লৰ সৈতে একমত হ’ব পৰা নাই অসম প্ৰদেশ কংগ্ৰেছ কমিটী। আজি এক সংবাদমেলৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কয় যে কেতিয়াও একজিট প’লে শুদ্ধ তথ্য দিয়াৰ নজিৰ নাই। বৰঞ্চ ৮০ শতাংশ একজিট প’ল সম্পূৰ্ণৰূপে অমিল হিচাপে পৰিগণিত হৈ আহিছে।

এইবাৰো একজিট প’লে প্ৰকৃত তথ্য দাঙি ধৰিব পৰা নাই। এই সম্পৰ্কত কংগ্ৰেছৰ নেতাজনে কয় যে দিল্লীত ইউপিএৰ চৰকাৰ হোৱাটো নিশ্চিত আৰু ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’বই। একেদৰে অসমত বিজেপিতকৈ অধিক আসন কংগ্ৰেছে লাভ কৰিব। ৰাইজে বিজেপিৰ অপশাসন, মূল্যবৃদ্ধি আৰু কেবৰ জৰিয়তে বিদেশীক সংস্থাপিত কৰিব খোজা কাৰ্যৰ প্ৰতিবাদ ভোটৰ জৰিয়তে নিৰৱে প্ৰদান কৰিছে।

সেয়েহে ২০০৪ চনৰ যেনেদৰে একজিট প’ল মিছা হিচাপে প্ৰতিপন্ন হৈছিল অৰ্থাৎ সেইবাৰো একজিট প’লে অটল বিহাৰীৰ বাজপেয়ীৰ নেতৃত্বত এনডিএৰ মৰ্চাৰ চৰকাৰ হ’ব বুলি প্ৰকাশ কৰা তথ্য সম্পূৰ্ণৰূপে ভুল হিচাপে প্ৰতিপন্ন হৈছিল আৰু এইবাৰো কালি প্ৰকাশ কৰা একজিট প’ল ভুল হ’ব বুলি কংগ্ৰেছৰ মুখপাত্ৰজনে দাবী কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here