Home অসম ৰক্তাক্ত উত্তৰ-পূবৰ সূৰুয উঠা প্ৰদেশ, দিল্লীত কঠোৰ সকীয়নি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ,...

ৰক্তাক্ত উত্তৰ-পূবৰ সূৰুয উঠা প্ৰদেশ, দিল্লীত কঠোৰ সকীয়নি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ, গৰিহণা দিলে কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী ৰিজিজুৱে,অৰুণাচলৰ বিধায়কক হত্যাৰে উত্তৰ-পূবত অস্থিৰতাৰ পাতনি মেলিব খুজিছে উগ্ৰপন্থীয়ে

34
0

নতুন দিল্লীঃ অৰুণাচল প্ৰদেশৰ খুঞ্চা অঞ্চলত তিৰং আবু নামৰ এগৰাকী এনপিপি দলৰ বিধায়কক বন্দুকধাৰী এনএচচিএনৰ কেডাৰে হত্যা কৰা ঘটনাত কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে কাৰ্য প্ৰতিৰোধ কৰাৰ হুংকাৰ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ কয় যে নিৰ্বাচনৰ গইনা লৈ উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰবাদীয়ে হিংসাত্মক কাৰ্য সংঘটিত কৰিছে যদিও এয়া কোনোপধ্যে সহ্য কৰা নহ’ব।

যিকোনো মূল্যৰ বিনিময়ত হত্যা আৰু হিংসা প্ৰতিৰোধ কৰাৰ লগতে উগ্ৰপন্থীক দমন কৰা হ’ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে লগতে বিধায়ক তিৰং আবুক আৰু তেওঁৰ কণমানি পুত্ৰসহ অন্য ৯ জন লোকক হত্যা কৰা কাৰ্যত সংশ্লিষ্ট পৰিয়ালৰ প্ৰতি শোক প্ৰকাশ কৰিছে। ইফালে অৰুণাচলৰ প্ৰতিনিধি তথা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বিধায়কজনৰ হত্যাকাণ্ড অতিশয় মৰ্মান্তিক আৰু নিন্দনীয় ঘটনা।

উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱা হ’ব আৰু দমন কৰা হ’ব। দুয়োজন কেন্দ্ৰীয় নেতাই প্ৰয়াত বিধায়কজনৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে। উল্লেখ্য যে দিনৰ প্ৰায় ১১.৩০ বজাত বিধায়ক তিৰং আবুৰ গাড়ীত গুলীয়াই এঘাৰজন লোকক হত্যা কৰিছিল এনএছচিএন কেডাৰে। এই ঘটনাই অৰুণাচলতে নহয় সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here