Home মুখ্য পৃষ্ঠা অৰুণাচলত এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ, বিধায়ক তিৰং আবুৰ পৰিয়ালসহ ১১জনক গুলীয়াই হত্যা

অৰুণাচলত এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ, বিধায়ক তিৰং আবুৰ পৰিয়ালসহ ১১জনক গুলীয়াই হত্যা

85
0
  • সংকটজনক অৱাস্থাত দেহৰক্ষীক জৰুৰীকালীনভাৱে চিকিৎসালয়লৈ প্ৰেৰণ
  • মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নিন্দা

দৈনন্দিন বাৰ্তা লাইভ,লিডুঃ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ অন্তৰ্গত খুঞ্চাত আজি দুপৰীয়াৰ ভাগত নগা উগ্ৰপন্থীয়ে বিধায়ক তিৰং আবুৰ লগতে পৰিয়াল সহ এঘাৰজনকৈ লোকক গুলিয়াই হত্যা কৰাত সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।

ঘটনাৰ বিবৰণী মতে, টিৰাপ জিলাৰ পশ্চিম খুঞ্চা বিধানসভা সমষ্টিৰ বিধায়ক তিৰং আবু আৰু তেওঁৰ দেহৰক্ষীসহ বিধায়কজনৰ পৰিয়ালৰ লগতে এঘাৰজনকৈ লোকক এন এছ চি এনৰ ইচাক মুইভা গোটৰ দুৰ্ধৰ্ষ কেডাৰে গুলিয়াই হত্যা কৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

নগা উগ্ৰপন্থী দলটোৱে পূৰ্বৰে পৰা খুঞ্চাৰ বগাপানী নামে ঠাইত খাপপাতি থাকোতেই বিধায়কজনে তেওঁৰ দেহৰক্ষীসহ পৰিয়ালৰ লগত নিজৰ বাহনেৰে গৈ থকা অৱস্থাত উগ্ৰপন্থী দলটোৱে বিধায়ক গৰাকীৰ কনভয়লৈ লক্ষ্য কৰি গুলীয়াই থকা-হৰকা কৰে।

পৰিস্থিতিৰ ভয়াবহ ৰূপ দেখি বিধায়ক গৰাকীৰ কনভয়ৰ দায়িত্বত থকা আৰক্ষীৰ লোকেও উগ্ৰপন্থীৰ দলটোলৈ লক্ষ্য কৰি প্ৰত্যুত্তৰ দিয়ে, যাৰ ফলত দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলিৰ সৃষ্টি হয় । বিধায়কৰ দেহৰক্ষীৰ গুলিত জেলী আন্না নামৰ এজন এন এছ চি এনৰ দুৰ্ধৰ্ষ কেডাৰ ঠাইতে নিহত হয়।

আনফালে ঘটনা সংঘটিত কৰি এন এছ চি এনৰ দলটো উক্ত ঠাইৰ পৰা অনায়াসে পলাই যাবলৈ সক্ষম হয়। বাতৰি সংগ্ৰহ কৰা পয্যন্ত বিধায়কজনৰ পৰিয়ালৰ কেইজন সদস্য নিহত হৈছে সেইটো স্পষ্ট হোৱা নাই। ভাৰতীয় সেনাই বৰ্তমানে খুঞ্চা অঞ্চলটোত উগ্ৰপন্থী বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ উপৰিও সমগ্ৰ অঞ্চলটোত খুঞ্চা প্ৰশাসনে ১৪৪ ধাৰা নিৰ্দেশনা জাৰি কৰিছে।

ঘটনাচো খুঞ্চাৰ পাচটুং অঞ্চলত সংঘটিত হৈছিল। মৃত বিধায়ক গৰাকী এন পি পি দলৰ আছিল আৰু এইবাৰৰ নিৰ্বাচনত তেওঁ একেটা দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। এনএছচিএনে তেওঁক এনপিপি দল ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰি আহিছিল।

ইফালে ঘটনাৰ খবৰ পাই এনপিপি দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই কঠোৰ ভাষাৰে গৰিহণা দিছে আৰু এই হত্যাকাণ্ডৰ উচিত তদন্ত দাবী কৰিছে। এইক্ষেত্ৰত নিৰাপত্তাৰ গাফিলতিৰ বিষয়টো তদন্তৰ আওতালৈ আনিবলৈও মুখ্যমন্ত্ৰীজনে দাবী কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here