Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কেইবা তৰপীয়া নিৰাপত্তাৰ মাজত আছে ইভিএম,সন্দেহ ভাঙিবলৈ নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণঃভোট গণনাতো কটকটীয়া...

কেইবা তৰপীয়া নিৰাপত্তাৰ মাজত আছে ইভিএম,সন্দেহ ভাঙিবলৈ নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণঃভোট গণনাতো কটকটীয়া সুৰক্ষা বাহাল থাকিব

24
0

নতুন দিল্লীঃ বিভিন্ন সংবাদ মাধ্যম আৰু বিৰোধী ৰাজনৈতিক দলৰ অভিযোগ তথা সন্দেহজনক প্ৰতিক্ৰিয়াৰ প্ৰতি সঁহাৰি জনাই আজি দেশৰ নিৰ্বাচন আয়োগে এক প্ৰেছ বাৰ্তাৰ জৰিয়তে ভোট গণনা আৰু ইভিএম সংৰক্ষণৰ বিষয়ত নিজৰ স্থিতি দাঙি ধৰে। এই বাৰ্তাত কোৱা হয় যে ভোট গ্ৰহণৰ পিছতে ব্যৱহাৰ হোৱা ইভিএম আৰু ভিভিপেটসমূহ কঠোৰ নিৰাপত্তাৰ মাজেৰে ষ্ট্ৰং ৰুমলৈ কঢ়িয়াই অনা হৈছে।

ইভিএমসমূহ আৰু ভিভিপেটত ডাবোল ল’ক পদ্ধতিৰে বন্ধ কৰা হৈছে। সেই সময়ত সংশ্লিষ্ট সমষ্টিৰ প্ৰাৰ্থীগৰাকী বা তেওঁ অনুমোদন জনোৱা প্ৰতিনিধি আৰু নিৰ্বাচন আয়োগৰ প্ৰতিনিধিৰ সন্মুখত বন্ধ কৰা হৈছিল। লগতে উপস্থিতসকলৰ সাক্ষীৰ চহী লোৱা হৈছিল। গোটেই ব্যৱস্থাটো ভিডিঅ’গ্ৰাফী কৰা হৈছে। ইভিএম আৰু ভিভিপেটসমূহ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা ষ্ট্ৰং ৰুমত সকলো সময়তে চিচিটিভি সংলগ্ন আছে আৰু সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় স-শস্ত্ৰ পুলিচ বাহিনীক নিয়োগ কৰা হৈছে।

প্ৰতিটো ষ্ট্ৰং ৰুমতে সংশ্লিষ্ট প্ৰাৰ্থীগৰাকী বা তেওঁৰ প্ৰতিনিধিয়ে সকলো সময়তে পৰ্যবেক্ষণ তথা নিৰীক্ষণ কৰাৰ সুবিধা আছে। ভোট গণনাৰ দিনটোত ইভিএম আৰু ভিভিপেটসমূহ প্ৰাৰ্থীগৰাকী বা তেওঁৰ প্ৰতিনিধি আৰু নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত খোলা হ’ব। এই প্ৰক্ৰিয়া ভিডিঅ’গ্ৰাফী কৰা হ’ব। বাকচসমূহ খোলাৰ পূৰ্বে তাত থকা ছীল মোহৰ পৰীক্ষা কৰা হ’ব। আটাইবোৰ কাম ভিডিঅ’গ্ৰাফীৰ জৰিয়তে ৰেকৰ্ডিং কৰা হ’ব।

এইক্ষেত্ৰত ৰাজনৈতিক দলবোৰক অৱগত কৰিবলৈ নিৰ্বাচন আয়োগে ইতিপূৰ্বে ৯৩ খন বৈঠকৰ আয়োজন কৰিছিল। ভোট গণনাৰ পূৰ্বেও ৰাজ্যৰ নিৰ্বাচন বিষয়া তথা জিলাৰ নিৰ্বাচন বিষয়াই সংশ্লিষ্ট প্ৰাৰ্থীগৰাকী বা তেওঁৰ প্ৰতিনিধিক গণনাৰ পদ্ধতিৰ বিষয়ে অৱগত কৰিব।

গতিকে ইভিএমৰ সংৰক্ষণ কাৰ্যত সুৰক্ষা ব্যৱস্থাৰ গাফিলতি কৰা নাই আৰু গণনাৰ সময়তো সুৰক্ষা অব্যাহত থাকিব। এই বিষয়ত কোনোবাই অভিযোগ কৰিব খুজিলে ইভিএমৰ নিয়ন্ত্ৰণ কক্ষৰ ফোন ন¥£ৰ ০১১-২৩০৫২১২৩ নম্বৰত নিৰ্বাচন সদনৰ সৈতে পোনপটীয়াৰৈ যোগাযোগ কৰি অভিযোগ দাখিল কৰিব পাৰিব বুলি প্ৰেছ বাৰ্তাৰ জৰিয়তে স্পষ্ট কৰি দিয়া হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here