Home অসম গুৱাহাটী গ্ৰেণেড বিস্ফোৰণ নায়ক বিজয় অসমক ডুমডুমাত গ্ৰেপ্তাৰ

গুৱাহাটী গ্ৰেণেড বিস্ফোৰণ নায়ক বিজয় অসমক ডুমডুমাত গ্ৰেপ্তাৰ

36
0

দৈনন্দিন বাৰ্তা লাইভঃ গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত অলপতে সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ অন্যতম নায়ক তথা আলফা স্বাধীনৰ সদস্য বিজয় অসমক আজি তিনিচুকীয়া জিলাৰ ডুমডুমা অঞ্চলৰ ডাঙৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। এই অভিযানত তিনিচুকীয়াৰ সদৰ ডিএছপি বিতুল চেতীয়াই নেতৃত্ব লোৱা বুলি প্ৰকাশ।

সন্ধিয়া ৫.৩০ বজাত বিজয় অসমক গ্ৰেপ্তাৰ কৰাৰ লগে লগে গুৱাহাটী বিস্ফোৰণৰ ক্ষেত্ৰত নতুন তথ্য উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, চিন্ময় লহকৰ, ইন্দ্ৰমোহন বৰা আৰু অমৃত বল্লভ গোস্বামী নামৰ পাঁচজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনা আলফা স্বাধীনে সংঘটিত কৰা বুলি ইতিপূৰ্বে সংগঠনটোৰ হৈ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰাজহুৱা কৰিছিল। বিস্ফোৰণৰ ঘটনাত নিৰাপত্তা বাহিনীৰ সদস্যকে ধৰি মুঠ এঘাৰজন লোক আহত হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here