Home মুখ্য পৃষ্ঠা দিল্লীত নৈশ ভোজৰ ৰাজনীতিঃ উপস্থিত প্ৰধানমন্ত্ৰী মোডীসহ কেন্দ্ৰীয় কেবিনেটঃ দৌৰি গ’ল অতুল-কেশৱ

দিল্লীত নৈশ ভোজৰ ৰাজনীতিঃ উপস্থিত প্ৰধানমন্ত্ৰী মোডীসহ কেন্দ্ৰীয় কেবিনেটঃ দৌৰি গ’ল অতুল-কেশৱ

75
0

নতুন দিল্লীঃ ভোট গণনাৰ এদিন পূৰ্বে দিল্লীত পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত এনডিএ মৰ্চাৰ আটাইবোৰ দলক একত্ৰিত কৰি ৰখাৰ প্ৰয়াসেৰে আজি সন্ধিয়া নৈশ ভোজৰ আয়োজন কৰা হৈছে। এই নৈশ ভোজত এনডিএ মৰ্চাৰ আটাইবোৰ দলৰ প্ৰতিনিধিৰ লগতে অসমৰ অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তও উপস্থিত আছিল।

উল্লেখ্য যে যোৱা ১৯ মে’ত সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণৰ সমাপ্তিৰ পিছত দেশজুৰি প্ৰকাশ পোৱা নিৰ্বাচনী সমীক্ষাই পুনৰ এনডিএ মৰ্চাৰ হাতত ক্ষমতা থাকি যোৱাৰ ইংগিত দিয়া হৈছে। ফলত মৰ্চাৰ নেতৃত্বই পৰৱৰ্তী চৰকাৰ গঠনৰ সম্পৰ্কত নতুন দিল্লীত প্ৰথমবাৰলৈ এখন বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী সভাৰ গৃহ মন্ত্ৰী ৰাজনাথ সিংসহ নীতিন গাডকাৰী, অৰুণ জেটলি, ডে পি নড্ডা, প্ৰকাশ জাভেডকাৰ, আদিৰ লগতে আন আন সদস্যসকল উপস্থিত থাকে।

বিজেপিৰ বাহিৰেও মৰ্চাৰ অংশীদাৰী এল জে পিৰ ৰামবিলাস পাছৱান, আকালি দলৰ হৰশিমৰত কৌৰ বাদল, অপনা দলৰ অনুপ্ৰিয়া পেটেলসহ অন্যান্যসকল উপস্থিত আছিল। অসমৰ পৰাও দিল্লীত উপস্থিত হৈগৈ কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী তথা নেডাৰ আহবায়ক হিমন্ত বিশ্ব শৰ্মা আদি।

বৈঠকতে পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত আটাইবোৰ দল একত্ৰিত হৈ শক্তি প্ৰদৰ্শন কৰাটো পৰিলক্ষিত হয়। নৈশ ভোজৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ সৈতেও সুকীয়াকৈ অন্য এখন বৈঠকত মিলিত হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here