Home মুখ্য পৃষ্ঠা অসমত কোনে মাৰিব শেষ হাঁহি, কংগ্ৰেছ-বিজেপিৰ কাৰ্যালয়ত উল্লাসঃ অগপ-ইউডিএফৰ নেতাৰ আত্মগোপন

অসমত কোনে মাৰিব শেষ হাঁহি, কংগ্ৰেছ-বিজেপিৰ কাৰ্যালয়ত উল্লাসঃ অগপ-ইউডিএফৰ নেতাৰ আত্মগোপন

64
0

দৈনন্দিন বাৰ্তা লাইভঃ কাইলৈ ভোট গণনাৰ প্ৰাক্ক্ষণত ৰাজ্যৰ ৰাজনৈতিক প্ৰতিচ্ছবি সঘনে সলনি হৈছে। চৈধ্যটা লোকসভা সমষ্টিৰ ভোটাৰে কাক সমৰ্থন দিছে সেই কথা ফলাফলে নিৰ্ণয় কৰিব যদিও ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে নিজৰ নিজৰ পক্ষত ভোটাৰৰ সমৰ্থন থকা বুলি দাবী কৰি আছে। অৱশ্যে নিৰ্বাচনী সমীক্ষা প্ৰকাশ পোৱাৰ পিছত একাংশ প্ৰাৰ্থী নীৰৱ হৈ পৰা দেখা গৈছে। সমান্তৰালভাৱে কেইবাটাও ৰাজনৈতিক দলৰ কাৰ্যালয়তো নাই উৎসাহ-উদ্দীপনা। ইয়াৰ বিপৰীতে ৰাজ্যৰ শাসকীয় দল বিজেপিৰ কাৰ্যালয়ত সমৰ্থক আৰু নেতাৰ ভীৰ স্বাভাৱিক ধৰণে আছে। প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়তে তৎপৰতা অব্যাহত আছে। উল্লেখ্য যে ৰাজ্যত এইবাৰ চৈধ্যটা লোকসভা সমষ্টিত অভিলেখ সংখ্যক ৮১.৫২ শতাংশ ভোট দান হৈছে। দেশৰ সকলো ৰাজ্যৰ তুলনাত অসমৰ ভোটদানৰ হাৰ প্ৰায় পোন্ধৰ শতাংশতকৈ অধিক হোৱা পৰিলক্ষিত হৈছে। প্ৰথম তিনিটা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ বাবে ভোটাৰৰ মাজত উৎসাহ আৰু পৰৱৰ্তনকামী চিন্তাই হেন্দোলনি দিয়া বুলিব পাৰি। সেইদৰে প্ৰতিদ্বন্দ্বী ১৪৫ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’লেও তাৰ মাজৰ পৰা চৈধ্যজনকহে নিৰ্বাচিত বুলি ঘোষণা কৰা হ’ব। এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলে চৈধ্যটা সমষ্টিতে নিজৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ কৰাইছে। বিজেপি দলে দহটা সমষ্টি আৰু দিছপুৰত চৰকাৰ গঠন কৰা এই দলটোৰ মিত্ৰ দল অগপই তিনিটা আৰু বিপিএফে এটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিগত লোকসভা নিৰ্বাচনত তিনিটা সমষ্টি দখল কৰা এআইইউডিএফ দলে এইবাৰ সাংসদ থকা সমষ্টিকেইটাতহে প্ৰাৰ্থিত্ব দিছে। আন আন সৰু আৰু জনপ্ৰিয় নোহোৱা ৰাজনৈতিক দলবোৰেও বাছি বাছি কম সংখ্যক সমষ্টিত প্ৰাৰ্থী দিয়া পৰিলক্ষিত হৈছে। হ’লেও মূল নিৰ্বাচনী যুঁজ কংগ্ৰেছ আৰু বিজেপি- মিত্ৰজোঁটৰ মাজতে আবদ্ধ থকাটো নিশ্চিত। তিনিটা সমষ্টিত অৱশ্যে যুঁজলৈ আহিব এআইইউডিএফ প্ৰাৰ্থীও। ইয়াৰ বিপৰীতে একমাত্ৰ কোকৰাঝাৰ সমষ্টিতহে নিৰ্দলীয় প্ৰাৰ্থীয়ে মূল যুঁজলৈ আহিবলৈ সক্ষম হ’ব। এনেকৈয়ে নিৰ্বাচনৰ পিছত দীঘলীয়া সময় অতিবাহিত কৰি কাইলৈ হ’বলগা ভোট গণনাৰ প্ৰাকক্ষণত ৰাজ্যবাসী পুনৰ নিৰ্বাচনকেন্দ্ৰীক পৰিবেশৰ অংশীদাৰ হৈ পৰা বুলিব পাৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here