Home মুখ্য পৃষ্ঠা সোণাৰি প্ৰেছ ক্লাবৰ সম্পাদকৰ প্ৰশংসনীয় পদক্ষেপ …

সোণাৰি প্ৰেছ ক্লাবৰ সম্পাদকৰ প্ৰশংসনীয় পদক্ষেপ …

94
0

# সোণাৰি প্ৰেছ ক্লাবৰ সম্পাদকৰ প্ৰশংসনীয় পদক্ষেপ
জন্মদিনত দৰিদ্ৰ ব্যক্তিলৈ আগবঢ়ালে কম্বল

দৈনন্দিন বাৰ্তাৰ লাইভ , ১৮ নবেম্বৰ : মানৱতা যে এতিয়াও জীয়াই আছে সেই কথা পুণৰ প্ৰমাণিত হ’ল সোণাৰিত | চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ সচেতন ব্যক্তি তথা সোণাৰি প্ৰেছ ক্লাবৰ সম্পাদক দিপাংকৰ পালে প্ৰমাণিত কৰিলে এই কথা |নিজৰ জন্মদিনত দুবেলা দুমুঠি অন্নৰ বাবে চিন্তা কৰা কেইগৰাকীমান দৰিদ্ৰ ব্যক্তিলৈ তেওঁ আগবঢ়ালে সহায়ৰ হাত | শীতৰ সেমেকা ৰাতি হাড় কঁপোৱা জাৰত যাতে অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ কেইবাগৰাকীও দৰিদ্ৰ ব্যক্তিলৈ আজি কম্বল বিতৰণ কৰি নিজৰ মহানুভৱতা প্ৰকাশ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে সোণাৰিৰ সচেতন মহলে |উল্লেখ্য যে ১৯৭৯ চনত জন্মগ্ৰহণ কৰা দিপাংকৰ পাল সোণাৰিৰ অন্যতম বাতৰি কাকত-আলোচনীৰ পৰিবেশক ডি এল লাইব্ৰেৰীৰ স্বত্বাধিকাৰী লগতে নিয়মীয়া বাৰ্তা কাকতৰ সোণাৰিৰ সাংবাদিক |

LEAVE A REPLY

Please enter your comment!
Please enter your name here