Home অসম বিধায়ক পদ এৰিলেও নেৰে মন্ত্ৰিত্বঃ দিল্লীত নিৱনুৱা সাংসদ হ’বলৈ মন নাই তপন-পল্লৱৰ

বিধায়ক পদ এৰিলেও নেৰে মন্ত্ৰিত্বঃ দিল্লীত নিৱনুৱা সাংসদ হ’বলৈ মন নাই তপন-পল্লৱৰ

58
0

”মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নোহোৱালৈকে কাৰ্যনিৰ্বাহ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ”

নিউজ ডেস্ক, দৈনন্দিন বাৰ্তাঃ দিল্লীত নিবনুৱা সাংসদ হ’বলৈ মন নাই অসমৰ দুই মন্ত্ৰী তপন কুমাৰ গগৈ আৰু পল্লৱ লোচন দাসৰ। দলৰ হেঁচাত লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰথমটো পদক্ষেপতে সংসদলৈ নিৰ্বাচিত হ’ল। কিন্তু দিছপুৰত ৰাজত্ব চলোৱাৰ দৰে দিল্লীত একে ধৰণে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ এতিয়াও সৃষ্টি হোৱা নাই। কাৰণ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বাধীন মন্ত্ৰীসভাত অসমৰ পৰা কেৱল ৰামেশ্বৰ তেলীয়েহে নাম লিখাবলৈ সক্ষম হ’ল। তেনেস্থলত দিল্লীত খাই-বৈ, শুই-বহি থাকি সময় কটাবলৈ অপাৰগ দিছপুৰত ব্যস্ত থকা দুই মন্ত্ৰী।

সেয়েহে নিয়মমাফিক বিধায়কৰ পদ ত্যাগ কৰিলেও শক্তি আৰু গড়কাপ্টানি বিভাগৰ মন্ত্ৰী তপন কুমাৰ গগৈ, শ্ৰম আৰু নিয়োগ তথা ৰাজহ বিভাগৰ মন্ত্ৰী পল্লৱ লোচন দাস এতিয়াও দিছপুৰৰ মন্ত্ৰীসভাৰ সদস্য হৈ আছে। উল্লেখযোগ্য যে বিধানসভাৰ সদস্য নহ’লেও ছমাহলৈ মন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰাৰ সাংবিধানিক সুবিধা আছে। এজন ব্যক্তিয়ে বিধায়ক হৈ থকা অৱস্থাত পুনৰ নিৰ্বাচনৰ জৰিয়তে সংসদৰ সদস্য হ’লে ফলাফল ওলোৱাৰ ১৪ দিনৰ ভিতৰত যিকোনো এটা পদ ত্যাগ কৰিব লাগে। সেই অনুসৰি লোকসভালৈ নিৰ্বাচিত হোৱা অসম বিধানসভাৰ সদস্য তপন কুমাৰ গগৈ, পল্লৱ লোচন দাস, কৃপানাথ মাল্লা আৰু আব্দুল খালেকে বিধায়কৰ পদ ইস্তফা দিছে।

কিন্তু তপন-পল্লৱে মন্ত্ৰিত্ব ত্যাগ কৰা নাই। যানিব পৰা মতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁলোকক এতিয়াই মন্ত্ৰিত্ব ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়া নাই। ইয়াৰ বিপৰীতে আৰু কমেও দুমাহ অৰ্থাৎ মন্ত্ৰীসভাৰ সমপ্ৰসাৰণ নোহোৱালৈকে দিছপুৰত তপন-পল্লৱে কাৰ্যনিৰ্বাহ কৰি যাবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে তপন-পল্লৱৰ দুই মন্ত্ৰী পদৰ উপৰিও অসম মন্ত্ৰীসভাত আৰু এটা মন্ত্ৰী পদ খালী হৈ আছে। লগতে আছে অসম বিধানসভাৰ উপাধ্যক্ষৰ পদ। সেয়েহে মুখ্যমন্ত্ৰীয়ে উক্ত পদকেইটা পুৰণ কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে যোগাযোগ চলাই আছে আৰু তেতিয়ালৈকে কমেও দুমাহ অসমত মন্ত্ৰী হৈ থকাৰ সুযোগ লাভ কৰিছে তপন-পল্লৱ লোচনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here