Home মুখ্য পৃষ্ঠা অসম আৰক্ষী মিলন সমাৰোহত ডিজিপিঃ তিনি শতাধিক কনিষ্টবলৰ সৈতে অন্তৰংগ মত-বিনিময়, আৰক্ষীক...

অসম আৰক্ষী মিলন সমাৰোহত ডিজিপিঃ তিনি শতাধিক কনিষ্টবলৰ সৈতে অন্তৰংগ মত-বিনিময়, আৰক্ষীক জনমুখী কাৰ্যক্ষŽম কৰাৰ পদেŽপ

65
0

নিউজ ডেস্ক, দৈনন্দিন বাৰ্তাঃ তৃণমূল পৰ্যায়ৰ পৰাই আৰক্ষী বাহিনীটোক অধিক জনমুখী, কাৰ্যক্ষম আৰু শক্তিশালী কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত আৰক্ষী কনিষ্টবলসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু তেওঁলোকৰ অসুবিধাসমূহ পৰ্যায়ক্ৰমে দূৰীকৰণৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই মন্তব্য কৰিছে।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত আজি কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে আয়োজিত ‘আৰক্ষী মিলন সমাৰোহ’ত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে এই মন্তব্য কৰি কয় যে, আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাস সুদৃঢ় কৰাৰ বাবে আৰক্ষীৰ প্ৰতিগৰাকী লোকেই সচেষ্ট হ’ব লাগিব। আৰক্ষী সঞ্চালকপ্ৰধান শইকীয়াই লগতে আৰক্ষী আৰু জনসাধাৰণৰ মাজত এক বন্বুূত্বসুলভ তথা আন্তৰিকতাপূৰ্ণ সম্পৰ্কৰ দ্বাৰা এখন শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী সমাজ গঢ়ি তুলিব পাৰিব বুলিও উল্লেখ কৰে।

ৰাজ্যখনৰ বিভিন্ন জিলা, বেটেলিয়ন আৰু গৱাহাটীস্থ আৰক্ষী সংস্থাসমূহৰ কনিষ্টবলসকলক প্ৰতিনিধিত্ব কৰা তিনি শতাধিক কনিষ্টবলৰ লগত এক অন্তৰংগ মত বিনিময় অনুষ্ঠানত আৰক্ষী বাহিনীটোক অধিক জনমুখী আৰু কাৰ্যক্ষম কৰাৰ অৰ্থে কনিষ্টবলসকলে মুকলিভাৱে তেওঁলোকৰ মতামত আৰু পৰামৰ্শ ব্যক্ত কৰাৰ লগতে দায়িত্ব পালনৰ ক্ষেতত তেওঁলোকে সন্মুখীন হোৱা অসুবিধাসমূহৰ সম্পৰ্কেও শীৰ্ষ আৰক্ষী বিষয়াসকলক অৱগত কৰে। আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই আৰক্ষী বাহিনীটোক সামগ্ৰিকভাৱে শক্তিশালী আৰু জনমুখী কৰাৰ বাবে কনিষ্টবলসকলে দাঙি ধৰা বিভিন্ন গুৰুত্বপূৰ্ণ পৰামৰ্শৰ বাবে তেওঁলোকৰ শলাগ লোৱাৰ লগতে কনিষ্টবলসকলে উত্থাপন কৰা পোনপটীয়া বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।

সমাৰোহত উপস্থিত থাকি প্ৰশিক্ষণ আৰু সশস্ত্ৰ শাখাৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান এ কে সিনহা কাশ্যপ, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) মুকেশ আগৰৱাল আৰু অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান ডাঃ এল আৰু বিষ্ণয়ে আৰক্ষী কনিষ্টবলসকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণকে ধৰি গ্ৰহণ কৰা অন্যান্য ব্যৱস্থাৱলীৰ বিষয়ে অৱগত কৰে। আনহাতে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (প্ৰসাসন) হৰমিত সিঙে আৰক্ষীৰ লোকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পদোন্নতিকে ধৰি গ্ৰহণ কৰা অন্যান্য পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে।

অগ্নি আৰু আপদকালীন সেৱাৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান কে ভি সিং দেউ, তদাৰকী আৰু দুৰ্নীতি নিবাৰণ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক অনুৰাগ টাংখা, আৰক্ষী বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথ, আৰক্ষী উপ-মহাপৰিদৰ্শক (আইন-শৃংখলা) অৰবিন্দ কলিতা, চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক প্ৰদীপ পূজাৰীকে ধৰি অন্যান্য উচ্চ পদস্থ আৰক্ষী বিষয়াসকলো উপস্থিত থকা এই সমাৰোহত সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই প্ৰশংসনীয় সেৱাৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধানৰ সোণ আৰু ৰূপৰ পদক লাভ কৰা মুঠ ৩১ গৰাকী বিষয়া আৰু জোৱানক পদকসমূহ প্ৰদান কৰে।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ নাজিৰা থানাক ৰাজ্যখনৰ ভিতৰতে শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি দিছে আৰু কেন্দ্ৰীয় চৰকাৰে স্বীকৃতিস্বৰূপে আগবঢ়োৱা প্ৰমাণপত্ৰখন আজিৰ এই অনুষ্ঠানতে জিলাখনৰ আৰক্ষী অধীক্ষক আৰু নাজিৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here